কাহানিও নঘটা ঘটনাবোৰ (মণিমালা শইকীয়া)

টিভি চিৰিয়েল বা চিনেমা চাওঁতে  কিছুমান দৃশ্য চকুৰ পাৰ হৈ মনলৈ বৈ যায় ৷ মানে তাত দেখুওৱা ঘটনাৰাজি মোৰ লগত আজিকোপতি নঘটিল, হয়তো আপোনালোকৰ লগতো৷ সদ্যহতে মনলৈ অহা তাৰে দুটামান ‘চিকুৱেঞ্চ’ কওঁ শুনকচোন। এই ধৰক আপুনি নেহৰু পাৰ্ক বা শ্ৰদ্ধাঞ্জলি কাননত খোজ কাঢ়ি আছে৷ হঠাৎ ভৰিখন মোচোকা খাই আপুনি পৰিবলৈ লৈছে আৰু ঠিক তেনে সময়তে কোনোবাই আপোনাক পিছফালৰ পৰা ধৰি পৰি নোযোৱাত সহায় কৰিছে৷
দ্বিতীয়তে, ধৰি লওক আপোনাৰ পত্নী বা প্ৰেমিকাৰ লগত মনোমালিন্য ঘটি তুমুল বাক বিতণ্ডাৰ সৃষ্টি হৈছে৷ খঙত উচাট মাৰি আঁতৰি যাবলৈ লওঁতেই ঠিক আপোনাৰ ঘড়ীটো, চেইনডাল, আঙঠিটো তেওঁৰ কাপোৰৰ কোনো অংশত  লাগি ধৰিছে!

আকৌ আপুনি যেতিয়া ক’ৰবাত ৰৈ প্ৰেমিক বা স্বামীৰ লগত কথা পাতি আছে, তেতিয়া বাৰু ক’ৰবাৰ পৰা অহা বলিয়া বতাহ এছাটিত, আপোনাৰ দীঘল চুলিকোছাৰ কেইডালমান চুলি অথবা দোপাট্টা খন উৰি গৈ তেওঁৰ মুখত বৈ পৰিছেনে!

কাজিয়া লাগি আধাতে ডেটিং এৰি বা ঘৰৰ পৰা মাৰ ঘৰলৈ বুলি যাওঁতে, প্ৰেমিক অথবা স্বামীয়েই আপোনাক পতাবলৈ, কেতিয়াবা কেনেবাকৈ হীৰাৰ নেকলেচ দিছে নে বাৰু?

ধৰি লওক আপুনি মন্দিৰত প্ৰাৰ্থনা কৰি আছে আৰু আপোনাৰ মনোবাঞ্ছা পূৰণৰ হেতু মন্দিৰৰ টিলিঙাবোৰ আপোনা-আপুনি বাজিবলৈ ধৰিছে আৰু আপোনাৰ আশা পূৰণ হৈছে!

–ইয়াৰে এটা ঘটনাও যদি আপোনাৰ লগত ঘটিছে, তেনেহ’লে নিতান্তই আপুনি এজন সৌভাগ্যশালী ব্যক্তি ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!