কিতাপ পঢ়াৰ আনন্দ — কবিতা ডেকা
কিতাপ পঢ়ি আনন্দ পাবলৈ আৰম্ভ হোৱাৰ আগেয়ে নে পাছতে পঢ়িছিলো মনত নাই; কিন্তু হোমেন বৰগোহাঞিৰ ‘কিতাপ পঢ়াৰ আনন্দ’, সত্যনাথ বৰাৰ ‘সাৰথি’ ( পুথি অধ্যয়ন) আদি গ্ৰন্থবোৰ পঢ়াৰ পাছত কিছু বছা বছা উক্তি মনত ৰৈ গৈছিল। জাগিছিল কিতাপৰ জন্মৰ ইতিহাস জনাৰ আগ্ৰহ, কিতাপ পঢ়ি দূৰৈৰ মাণিক হাতত লভাৰ হাবিয়াস!
কিতাপ মানুহৰ পৰম বন্ধু। কিতাপ পঢ়া বা গ্ৰন্থ অধ্যয়নৰ উপকাৰিতাৰ কথা স্বীকাৰ নকৰা মানুহ আছে জানো? অৱশ্যে ভাল ভাল বুলি কোৱা বহু বস্তুৰে পাৰ্শ্বক্ৰিয়া (side effects) থাকে। ভাল কিতাপ অধ্যয়ন কৰাটোৱেই চাগে একমাত্ৰ কাম হ’ব, যাৰ পাৰ্শ্বক্ৰিয়া দেখা নাযায়। বৰ্তমান সময়ত প্ৰায়ে শুনা কথাটো হৈছে ডিজিটেল / ইলেক্ট্ৰনিক /বৈদুতিক আহিলা সমূহে কিতাপ পঢ়াৰ আগ্ৰহত ব্যাঘাত জন্মাইছে। সময়ৰ লগত তাল মিলাই চলি যোৱাটোৱেই প্ৰগতিক সূচায়। সেয়ে সভ্যতাৰ নৱতম সংযোজন ডিজিটেল মাধ্যমক স্বীকাৰ কৰিও আমি পৰম্পৰাগত ভালখিনি লগত কঢ়িয়াই লৈ যাব লাগিব। তেনে এটা কামেই হৈছে গ্ৰন্থ প্ৰকাশ ও অধ্যয়ন। এতিয়া প্ৰশ্ন হ’ব কোনে পঢ়িব কিতাপ? কাৰ বাবে কিতাপ প্ৰকাশ কৰা হ’ব? কোনে প্ৰকাশ কৰিব কিতাপ? সদায় কৰাৰ দৰে নতুন প্ৰজন্মৰ গালৈ দোষটো ঠেলি দি দায় মুক্ত হৈ লব পাৰো আমি। কিন্তু তেতিয়াই জানো সমস্যা সমাধান হৈ যাব?
কৰবাত পঢ়িছিলো, এজন বিখ্যাত লোকেই কৈছিল, “কিতাপ পঢ়াৰ সমান সহজ কাম নাই।” বৰ্তমান সময়ত মোৰ দৰে অতি পাকৈত নোহোৱা আৰু একে বাৰে গা এৰাও দিব নোৱাৰা অভিভাৱক সকলে এই কথা শুনিলে চক খাই উঠে। আমাৰ উক্তি, “সন্তানক কিতাপ পঢ়ুৱাবলৈ চেষ্টা কৰোৱাৰ সমান কঠিন কাম নাই!”
তেন্তে কি কৰিম আমি? আমাৰ সন্তানক আমি নিশ্চয় ক’ম কিতাপ পঢ়াৰ উপকাৰিতাৰ কথা। আমি ক’ম
কিতাপে জ্ঞান বৰ্ধন কৰে,
কিতাপে অতীতক জনাত সহায় কৰে,
কিতাপে ভবিষ্যতৰ পৰিকল্পনাত সহায় কৰে,
কিতাপ আমাৰ পৰম বন্ধু,
কিতাপে নিসংগতা দূৰ কৰে,
কিতাপ পঢ়িলে মনোযোগ বাঢ়ে,
কিতাপে অৱসাদ, মানসিক চাপ দূৰ কৰে,
কিতাপ পঢ়াৰ ফলত স্মৃতি শক্তি বাঢ়ি যায়,
কিতাপে যোগাত্মক চিন্তাধাৰা জগায়,
কিতাপে কল্পনা শক্তি বঢ়ায়,
ইত্যাদি, ইত্যাদি।
এনে বহু কথা ক’ব পাৰি। কিন্তু সিহঁতে শুনিব বুলি আশা কৰিব পাৰিনে? তাৰ পাছত সিহঁতৰ কিতাপৰ প্ৰতি ধাউতি বাঢ়ি যাব নে? সিহঁতে পাব নে কিতাপ পঢ়াৰ আনন্দ!
এইখিনিতে এটা ব্যক্তিগত অভিজ্ঞতা আপোনালোকৰ লগত ভগাই লোৱাৰ লোভ সামৰিব নোৱাৰিলো। কিছুদিন আগতে মোক এখন সভালৈ নিমন্ত্ৰণ কৰা হৈছিল। বিষয় এটাও নিৰ্দিষ্ট কৰি দিছিল, “ সন্তানক অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মোৱাত অভিভাৱকৰ দায়িত্ব।” মই এগৰাকী সাধাৰণ শ্ৰেণীৰ অভিভাৱক। লগতে উপদেশতকৈ আৰ্হি ভাল দৰ্শনটো মানি চলিবলৈ কিছু চেষ্টা কৰা মানুহ। ওপৰত উল্লেখ কৰা দুয়োটা কথাই মোক বিপাঙত পেলালে। মই মৰসাহ কৰিলো। যাম বুলি কথা দিলো। কিছু কথা ভাবিলো, কিছু কথা জুকিয়াই ললো। তথাপিও মনটোৱে মনা নাই। মোৰ সন্তানক অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মাবলৈ মই কিবা কৰিছো জানো? মবাইল, কাৰ্টুনত ব্যস্ত আমাৰ সন্তানক আমি কিতাপৰ মাজলৈ কেনেকৈ লৈ গৈছো? মই এখন কিতাপ হাতত ললো। মোৰ সন্তানৰ বয়সত পঢ়িব লগাতকৈ কিছু ওজন থকা। কিতাপখন হোমেন বৰগোহাঞিৰ ‘পোহৰৰ সাধনা ‘। ইয়াত আছে টমাছ্ আলভা এডিচনৰ জীৱন কাহিনীৰ লগতে বহু প্ৰেৰণামূলক কথা। কিতাপখন ডাঙৰ ডাঙৰকৈ উচ্চাৰণ কৰি পঢ়ি থাকিলো। মাজে মাজে ৰস লগাকৈ টমাছ্ আলভা এডিছনৰ কথা কৈ গ’লো। প্ৰায় ২০ পৃষ্ঠা মান পঢ়াৰ পাছত মোৰ ভাগৰ লাগিছে বুলি থৈ দিলো। কিন্তু সি ৰব নোৱাৰিলে; ৰাতি ১২ মান বজালৈকে ভালে কেইটা পৃষ্ঠা পঢ়ি পেলালে। পিছলৈ তেনে ঘটনা আৰু এবাৰ দুবাৰ ঘটিছে। যদিও কাহিনীটো মোৰ ব্যক্তিগত, কিন্তু তাৰ পৰা মই কৰা উপলব্ধি সৰ্বজনীন। জে কে ৰাউলিঙে কৈছে, “ If you don’t like to read, you have not found right book.” সঁচাই আমাৰ সন্তানৰ হাতত এখন উপযুক্ত কিতাপ তুলি দিব নোৱাৰাটো আমাৰ প্ৰথম ভুল। আমাৰ সন্তানে ‘বুঢ়ী আইৰ সাধু’ বা ‘চিনড্ৰেলা’ ভাল পাবই লাগিব বুলি কথা নাই। সিহঁতে কি ভাল পায় সেয়া বিচাৰ কৰিবলৈ আমাৰ সন্তানক কিতাপৰ ভড়াঁল এটাৰ সন্মুখত ঠিয় কৰাই দিব পাৰিবই লাগিব। ৰেষ্টুৰেণ্ট, পিকনিক, বুৰঞ্জী প্ৰসিদ্ধ ঠাই ভ্ৰমণৰ লগতে দেখাত সৰু কাম হলেও কিতাপৰ দোকানলৈ সন্তানটোক নিয়মিত ভাবে লৈ যোৱাতো অত্যন্ত জৰুৰী। কিতাপ কিনি দিয়াৰ সামৰ্থ নথকা পৰিয়ালৰ বাবে বিদ্যালয়ৰ পুথিভঁৰালটো সমৃদ্ধ আৰু আকৰ্ষণীয় হোৱাতো নিতান্তই প্ৰয়োজনীয়। ল’ৰা ছোৱালী নিজে আকৰ্ষিত নহলে ঠেলি হেঁচি কৰোৱা কামৰ প্ৰভাৱ তেনেই ক্ষণস্থায়ী হ’ব। কিছু ক্ষেত্ৰত ঠেলা হেঁচা মৰাৰ প্ৰয়োজন আছে যদিও সেইটোও উচিত জোখত হবই লাগিব। ইয়াৰ সমান্তৰালকৈ ভিতৰুৱা অঞ্চলত ভ্ৰাম্যমাণ গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰাটো জৰুৰী। সৰু সুৰাই হওক বা বৃহৎ কলেৱৰৰে হওক বিভিন্ন সামাজিক অনুষ্ঠানবোৰৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ প্ৰয়োজন আছে। বছৰৰ কিছু সুবিধাজনক সময়ত অনুষ্ঠিত কৰা গ্ৰন্থ মেলাৰ আয়োজক সকলৰো গুৰু দায়িত্ব আছে। দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে ৰেহাই মূল্যত কিতাপ যোগানৰ বাবে প্ৰকাশক সকলৰ লগত কিছু পৰিকল্পনা, অধ্যয়ন কক্ষৰ ব্যৱস্থা আদিৰ লগতে কিতাপ পঢ়াৰ এটা সুন্দৰ পৰিবেশ গঢ়ি তুলিব পাৰিব লাগিব। বৰ্তমান সময়ত কিন্তু এনে গ্ৰন্থ মেলাসমূহত কিছু সংখ্যক মানুহৰ উৎসৱমুখিতাই কিতাপ পঢ়াৰ আগ্ৰহ বা আনন্দক নুশুচাই যেন লাগে। একাপ ধোঁৱা ওলাই থকা চাহ বা কফি লৈ কিতাপ পঢ়াৰ আনন্দ আছে। কিন্তু তেতেলি পানীত ডুবাই ডুবাই ফুচকা খাই আড্ডা মাৰি থকাৰ মানসিকতাই এই আনন্দ সেমেকাই দিয়া যেন বোধ হয়। কোনে কৈছিল নাজানো, “it is better to live in bitter truth than to take comfort in sweet lies”. উক্তিটো যাৰেই নহওক লাগিলে কথাখিনিৰ প্ৰাসংগিকতা আছে। গ্ৰন্থ মেলাৰ পৰিৱৰ্তে মানুহৰ আনন্দ মেলা মুখী প্ৰৱণতাক আমি ৰোধ কৰিব পাৰিবই লাগিব। তেতিয়াহে ঘৰ, বিদ্যালয়, পুথিভঁৰাল অথবা গ্ৰন্থমেলাৰ বাকৰিত কিতাপ পঢ়াৰ আনন্দ অনুভূত হ’ব।
ভাল কিতাপ, আপোনাৰ সন্তানটিৰ ৰুচি অনুসৰি যোগান দিয়াৰ পৰিৱৰ্তে পঢ় পঢ় বা আজিকালিৰ ল’ৰা ছোৱালীয়ে নপঢ়েই বুলি কৈ থাকি একো সুফল পোৱা নাযাব। পৰিৱৰ্তনক দোহাই দি ‘ই কিতাপ’ (ই-বুক) পঢ়াৰ পোষকতা কৰো আমি। কিন্তু সেয়া নিৰ্ভৰ কৰিব কিতাপখনৰ উপলব্ধতা, আৰু পৰিৱেশ পৰিস্থিতিৰ ওপৰত। তৎসত্ত্বেও আমাৰ প্ৰথম পচন্দ হ’ব ছপা কিতাপ এখন। ডিজিটেল পৰ্দাত কিতাপ পঢ়াৰ আমেজ কেতিয়াও ছপা কিতাপ এখন হাতত লৈ তাৰ সুবাস আৰু কিতাপখনৰ প্ৰতিটো আখৰৰ লগত একাত্ম হোৱাৰ দৰে কস্মিন কালেও হব নোৱাৰে। ৰঙীন বেটুপাতৰ ভিতৰত অসাৰ পৃষ্ঠাই আমাৰ সন্তানৰ মগজুৰ শ্ৰীবৃদ্ধি কৰাতকৈ চিলভাৰ ফিচৰ (কিতাপ খোৱা পোক) বংশ বৃদ্ধিতহে অৰিহণা যোগাব।
শেষত কওঁ, কিতাপৰ শ্ৰীবৃদ্ধি মানে মানুহৰ শ্ৰীবৃদ্ধি, মানুহৰ প্ৰগতি…
”You don’t have to burn books to destroy a culture. Just get people to stop reading them.”
― Ray Bradbury
“সাহিত্য পঢ়াৰ আনন্দ “।
এই বিষয়ে লিখা এটা দিবচোন।
“সাহিত্য পঢ়াৰ আনন্দ”।
এই বিষয়ে লিখা এটা দিবচোন।