কুকুৰৰ মাংসৰ পৰম্পৰাগত ৰন্ধন প্ৰণালী (ভাস্কৰ জ্যোতি দাস)
আগকথা:-
শিৱসাগৰ জিলাৰ দক্ষিণ-পুব দিশৰ এখন সীমান্তবৰ্তী ঠাই। নাম-বিহুবৰ। এই বিহুবৰতেই আৰম্ভ হৈছে অসমৰ দিখৌ নদী। এই অঞ্চলটো শিলৰ বাবে বিখ্যাত। কাজেই ঠাইৰ ব্যৱহাৰিক নাম বিহুবৰ শিলনি। ইয়াত এতিয়া ২০০ টা মান সৰু-বৰ শিলভঙা মেচিন আছে যদিও তেতিয়া পয়ত্ৰিশটামানহে শিলভঙা মেচিন আছিল। নদীখনৰ সিপাৰে নগালেন্ডৰ কণ্যাকসকলৰ বসতি। আৰ্মীৰ ড্ৰেচত সকলো সময়তে তাত এন.এচ.চি.এন.ৰ কেডাৰ ঘুৰি ফুৰে। খ্ৰীষ্টমাচৰ আগে আগে এই ক্ৰেচাৰ মেচিনবোৰৰপৰা তেওঁলোকে কৰ সংগ্ৰহ কৰে। এয়া নিজ চকুৰে দেখিছিলো যদিও বৰ্তমানৰ বিষয়ৰপৰা পৃথক বাবে ইয়াতে বিষয়টোৰ পৰাল পেলাইছোঁ।
তাৰিখটো ২৩ নে ২৪ ডিচেম্বৰ মনলৈ সঠিকভাৱে অহা নাই। ২০০৪ চন। সময়ৰ লেখেৰে দহটা বছৰ পাৰ হ’ল। মোৰ বন্ধু প্ৰয়াত সুখৱিন্দৰ সিংৰ দুখন ট্ৰাক আছিল। শিল কঢ়িওৱা। লগতে যুগল চান্দক নামৰ এজনৰ সৈতে যুতীয়াভাৱে চলোৱা এটা শিলভঙা মেচিন। বিভিন্ন সময়ত সি তাৰ কৰ্মক্ষেত্ৰলৈ নিমন্ত্ৰণ জনাই থাকে বাবে সেইদিনা গৈ ওলালোগৈ। ঠাইখন বেচ ভাল লাগিল। লগতে বন্ধুৰ মেচিনটো। কিছুপৰৰ পাচত তাৰপৰা চাৰিটামান মেচিন পাৰ হৈ তাত এটা অত্যাধুনিক মেচিন ইনষ্টল কৰি থকা দেখা পাই বন্ধুক সেইটোৰ বিষয়ে সুধিলোঁ। সি জনোৱামতে সেইটো কেইজনমান নগালোকে খুলিছে। প্ৰথম অৱস্থাত মনলৈ ভয় এটা আহিল যদিও বন্ধুৱে সিহঁতৰ বিষয়ে কোৱাৰ পাচত সেই ভাৱটো আঁতৰিল। ল’ৰাকেইটা শিক্ষিত আৰু বেচ ভাল। সকলোৰে সৈতে মিলি চলে। আলোচনাত হেনু নগালেন্ডৰ ৰিফৰ্মেশ্যনৰ কথাই ঠাই লয়।
সেই মেচিনটোৰ ওচৰ পাওতে অলপ বেলেগ চেহেৰাৰ ল’ৰা এটাই চিংদা-চিংদা বুলি চিঞৰি দৌৰি অহা দেখি বন্ধুক সি কোন সুধিলো। ল’ৰাটো ক্ৰেচাৰ মেচিনটোৰ মালিককেইজনৰ মাজৰে এজন। সি আহি প্ৰথমেই ভঙা-চিঙা অসমীয়াত সুখৱিন্দৰক খ্ৰীষ্টমাচৰ শুভেচ্ছা জনালে আৰু মোৰ পৰিচয় তাক সুধিলে। পৰিচয়পৰ্বটো শেষ হোৱাৰ পাচতে সি আমাক জনালে যে সিহঁতে সেইদিনা খ্ৰীষ্টমাছ বুলি এটা “খানা”ৰ আয়োজন কৰিছে। তাত আমাক নিমন্ত্ৰণ জনাইছে। মোৰ বন্ধুৰ ঘৰ শিৱসাগৰ চহৰত হোৱাৰ লগতে সপ্তাহটোত দুদিনমানহে তালৈ যায় বাবে নিমন্ত্ৰণৰ সময়ত লগ নাপাই দৌৰি দৌৰি নিমন্ত্ৰণ দিবলৈ ওলাই আহিছে। তিনিমান বজাত খানা ৰেডি হ’ব।
আমি জনামতে বা আমাক সৰুৰেপৰা জনোৱামতে নগাৰ খানা মানেই অখাদ্য। গতিকে নাকটো কোঁচ খুৱাটো স্বাভাৱিক। বন্ধুক কথাটো অলপ বেঁকাকৈ ক’লো যদিও সি কিছু অভয় দি জনালে যে ইহঁতকেইটা অলপ বেলেগ আৰু চিন্তা কৰিবলগীয়া একো নাই। ঘড়ীটোলৈ চালো। এঘাৰ বাজিবলৈ তেতিয়াও দহ-পোন্ধৰ মিনিটমান আছে। দুই বজামানত আমাৰ ওভটি যোৱাৰ কথা। বন্ধুৱে কোৱামতে কিবা খাও বা নেখাও এবাৰ গ’লে ভাল পাব বুলি ভাবিয়েই খানাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ কথা চিন্তা কৰিলোঁ। সি অফিচত গৈ কিছু হিচাব চালে আৰু ওচৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ পাচত আমি দুয়ো ডেৰমান বজাত খানাৰ প্ৰস্তুতি চলি থকা চালিখনৰ তললৈ অগ্ৰসৰ হ’লো।
দুই তিনিবিধমান ব্যঞ্জন তাত সাজু হৈ আছে। দুই তিনিবিধমানৰ প্ৰস্তুতি তুংগত। গাহৰিৰ দৰে নোম গুচাই থোৱা দুটা প্ৰাণী কলপাতেৰে ঢাকি থোৱা দেখিলোঁ। সুখৱিন্দৰে সেইকেইটা দেখুৱাই জনালে যে সেইকেইটা কুকুৰ। নাকটো কোঁচ খাই গ’ল যদিও নিজকে চম্ভালি ল’লো। আমাক বহিবলৈ দি সিহঁতে এটা সুৰাৰ বটল সমুখত ৰাখিলে। আমাৰ নচলে বুলি জনোৱাৰ পাচত তাৰে এটাই ওচৰৰে নাগিনীমৰাস্থিত আচাম ৰাইফলচৰ কেন্টিনৰ পৰা ক’ল্ড ড্ৰিংকচৰ ফেমিলি পেক এটা আনি দিলেহি। তাকে খালোঁ। কিছুপৰৰ পাচত তাৰে দুটাই দুখন দা লৈ কুকুৰকেইটা কটাত লাগিল। ঘিণভাৱটো আকৌ আহিছিল যদিও মাংসটো দেখাত গাহৰিৰ দৰে হোৱা বাবে ঘিণভাৱটো কিছু কমিল। দ্ৰুতগতিত দুয়োটাই ডাঙৰ গামলা এটাত মাংসখিনি কাটি ৰাখি গ’ল। এটাই আহি ওচৰতে বহি সুখৱিন্দৰৰ সৈতে কথা পাতি আছে। কিছুপৰৰ পাচতে মাংস কাটি থকা দুটাই মাংসখিনি ধুই তাত নিমখ, থেতালি থোৱা কেঁচা হালধি আৰু সৰিয়হৰ গুড়া সানিবলৈ ধৰিলে আৰু অলপ পৰৰ পাচতে কেৰাহীত ভাজিবলৈ ধৰিলে। মই সিহঁতে কি কি দি মাংসখিনি ৰান্ধিছে তাৰ ওপৰত চকু ৰাখিলোঁ। আৰু বহুত কিবাকিবি সামগ্ৰী দি প্ৰায় আধাঘন্টামানৰ ভিতৰত মাংসখিনি খোৱাৰ উপযোগী কৰা দেখা হ’ল।
তিনি কি চাৰে তিনি বজাত খানা ৰেডি হ’ল। গাহৰী, ছাগলী, কুকুৰ ইত্যাদিৰ মাংসৰ লগতে দুবিধমান ভাজিৰে খাদ্য প্ৰস্তুত। মনলৈ অহা ঘীণভাৱটো আতৰি নগ’ল। ছাগলীৰ মাংস আৰু ভাত কেইটামান পেটত পেলাই সিহঁতকেইটাক খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাই আমি শিৱসাগৰলৈ উভটিলোঁ।
কুকুৰৰ মাংস ৰন্ধাৰ সময়ত সকলো বস্তু ভালদৰে চাই আছিলোঁ বাবেই ইয়াৰ ৰন্ধন প্ৰণালীটো লিখিবলৈ সাহস গোটাব পাৰিছোঁ।
(কুকুৰৰ মাংসৰ গ্ৰেভী)
প্ৰয়োজনীয় সামগ্ৰী:
১. কুকুৰৰ মাংস, ১ইঞ্চি x ১ইঞ্চি জোখত কটা (১ কেজি)
২. কেঁচা হালধিৰ পেষ্ট (২০-২৫ গ্ৰাম)
৩. সৰিয়হ, মিহিকৈ গুড়ি কৰি লোৱা (১০০ গ্ৰাম)
৪. কাঠ আলু বা কচু, আগতে সিজাই লোৱা (১০০ গ্ৰাম)
৫. লাইশাক, মিহিকৈ কুটা (বেলেগ কিবা এটা পাতহে দিয়া দেখিছিলো, মই গাহৰিকৰণ (:-পি) কৰাৰ চেষ্টা কৰিছো) (৩০০ গ্ৰাম)
৬. খৰিচা (সিহঁতে বাঁশটেঙা বুলি কৈছিল) (টেবুল চামুচেৰে এচামুচ)
৭. মৰণ আদা বা নগাআদাৰ পেষ্ট (বুঢ়া আঙুলিৰ জোখেৰে এটুকুৰা)
৮. জালুক গুড়া (এক চাহ চামুচ)
৯. বিলাহী, দুফালকৈ কটা (তিনিটামান। ডাঙৰ হ’লে দুটামান দিলেও হ’ব)
১০.পিয়াজপাত, মিহিকৈ কটা (৩০০ গ্ৰাম)
১১.শুকান জলকীয়া, আগতে তিয়াই পেষ্ট কৰি লোৱা) (৫টা)
১২.মান ধনিয়া, মিহিকৈ কাটি লোৱা(এমুঠা)
১৩.নিমখ (সোৱাদ অনুযায়ী)
ৰন্ধন প্ৰণালী:
মাংসখিনি ভালদৰে ধুই লওক আৰু কেঁচা হালধিৰ পেষ্ট, সৰিয়হৰ গুড়া তথা নিমখ অলপ দি কেৰাহিত ভাজক। ভজাৰ সময়ত হেতাখন ভালদৰে চলাই থাকিব। ১০ মিনিটমানৰ পাচতে তাত তেল বিৰিঙিবলৈ ধৰিব। এতিয়া মৰণ আদাৰ পেষ্ট আৰু শুকান জলকীয়াৰ পেষ্টখিনি মিলাই পাঁচমিনিটমান ভালদৰে ভাজক। মিশ্ৰণটো সম্পূৰ্ণ তেলেটীয়া হৈ যোৱাৰ পাচত এক মগমান পানী ঢালি তাত লাইশাক, বিলাহী, পিয়াঁজপাত আৰু কাঠআলুখিনি দি ভালদৰে ভাজি থাকক। কাঠআলুখিনি হেতাৰে ভাঙি মিহি কৰিব। পাঁচমিনিটমান ভজাৰ পাচত খৰিচা তথা জালুকগুড়া দি দুইমিনিটমান ভালদৰে লৰাই মাংসখিনি সিজিল নে নাই এবাৰ চকু দিয়ক। যদি কিছু সিজিবলৈ বাকী আছে বুলি ভাবে তেন্তে আধামগ (৫০০মি.লি.) মান পানী দি ভালদৰে লৰাই কম জুইত ৫ মিনিটমান ৰাখক। মান ধনিয়াখিনি দি এবাৰ লৰাই গৰমে গৰমে জুটি লওক বা পৰিবেশন কৰক।
(বি:দ্ৰ:-
(ক) অভিজ্ঞতা গোটোৱাৰ সময়ত লেখকৰ হাতত নকিয়া-১১০০ ম’বাইল এটাহে আছিল বাবে ফ’টো মাৰিব পৰা নগ’ল। সেয়ে ফ’টোখন গুগুলৰ পৰা লোৱা হৈছে।
(খ) গাহৰিৰ দৰে কুকুৰো সৰ্বভক্ষী হোৱালৈ চাই এই মাংসটোৰ জুতি একেই হ’ব বুলি অনুমান কৰা হৈছে।
(গ) এই ৰন্ধন প্ৰণালীটো তেওঁলোকে কোৱামতে পৰম্পৰাগত হ’লেও কিছু আধুনিক। আৰু বহুকেইটা পৰম্পৰাগত বিধিৰ বিষয়ে সিহঁতৰ পৰা জানিছিলোঁ। সময় সুবিধা মিলিলে আগলৈ লিখিম।
————————————————————-
সাহিত্য.অৰ্গৰ “খাদ্য-বিশেষ” সংখ্যাৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে তথা দেশৰ আইন-কানুন ভংগ নহ’বলৈ তলৰ কথা কেইষাৰ বিধিসন্মত সতৰ্কীকৰণ হিচাপে অনুগ্ৰহ কৰি মন কৰিব।
ছাগলী কিনোঁতে খাদ্য-পৰিদৰ্শকৰ মোহৰ মৰা আছে নে চাই ল’ব। গাহৰি কিনোঁতেও একেদৰে খাদ্য-পৰিদৰ্শকৰ মোহৰ চোৱাটো আৱশ্যক। লগতে বয়সটোও। লাইচেন্স নথকা দোকানৰপৰা একো মাংসাহাৰেই নিকিনিব। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। দোকানৰ পৰা ৰিচিপি ৰান্ধিবলৈ কিনা যিকোনো বস্তুৰ বাবেই কেশ্ব-মেমো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কোনো ৰিচিপিৰ বাবে বস্তু যোগাৰ কৰোঁতেই বিভিন্ন আইন ভংগ কৰা হয়, সেয়ে সম্পাদকৰ ফালৰপৰা এই বিধিসন্মত সতৰ্কীকৰণ যোগ কৰি দিয়া হ’ল। এই ৰিচিপিবোৰ চেষ্টা কৰিবলৈ গৈ কোনো ব্যক্তি আইনমতে দোষী সাব্যস্ত হ’লে তাৰ বাবে সাহিত্য.অৰ্গক দায়বদ্ধ কৰিব নোৱাৰিব।
—————————————————————