কুশান গান
লেখক- ৰীতাঞ্জলি
কুশান গান এবিধ লোক-নাট্য। ভ্ৰাম্যমান থিয়েটাৰ দলৰ দৰে কুশান গানৰো দল বা পাৰ্টী থাকে। চৈধ্য পোন্ধৰ জন মান মানুহ হ’লেই এটি দল গঠন কৰিব পৰা যায় । ইয়াৰ ঘাই ব্যক্তি গৰাকী হ’ল ‘গীতাল’ । দ্বিতীয় গৰাকী ‘দোৱাৰী’ । নাচি নাচি গান গাবলৈ কেইজনী মান ‘ছুকুৰী’ লাগে। চাৰিজনী বা পাঁচজনী ছুকুৰী হ’লেই হয় । আগতে ল’ৰাকে ছোৱালীৰ সাজ পিন্ধাই ছুকুৰী কৰা হৈছিল ।পিছলৈ ছোৱালীবোৰো ছুকুৰী হয় । ইয়াৰ বাহিৰেও দুটা খোল বজাবলৈ দুজন বায়ন লাগে আৰু তাল বজাবলৈ এজন মানুহ লাগে । ইয়াৰ বাহিৰেও লাগে কেইবাজনো ‘পালি’ পালিৰ কোনো নিদিষ্ট সংখ্যা নাই ।মুঠতে পাচ-ছয় জন মান পালি হ’লেই হয় ।পালিসকলৰ মাজত থাকে এজন ‘ডায়না’ পালি ।
গীতালৰ হাতত থাকে ‘বেনা’ নামেৰে বাদ্য যন্ত্ৰ এটা । বাঁহেৰে যিদৰে বাঁহী তৈয়াৰ কৰা হয় ঠিক সেইদৰে এহাততকৈ কম এটুকুৰা বাঁহৰ এমূৰত নাৰিকলৰ সৰু কোৰোকা এটি বন্ধা থাকে । চামৰাৰে যেনেকৈ ঢোল বা খোল ‘ছাউনী’ কৰে তেনেদৰে নাৰিকলৰ কোৰোকা টোক ছাউনী কৰা হয় । বেহেলাত যেনেকৈ তাঁৰ লগায় ,ইয়াতো তেনেকৈ ঘোঁৰাৰ নেজৰ চুলি তাঁৰ হিচাপে ব্যৱহাৰ কৰা হয় । বাওঁহাতেৰে বেহেলাখন ধৰি সোঁহাতেৰে তাঁৰযুক্ত বেঁকা এডাল সঁজুলিৰে বেহেলাৰ তাৰত ৰেপ দি বেহেলা বজোৱা হয়, সেইদৰে বেঁকা এডাল সঁজুলিত ঘোঁৰাৰ নেজৰ চুলি তাঁৰ হিচাবে বান্ধি বেনা বজোৱা হয় । বেনাৰ সুৰ বহু দূৰৈৰ পৰা শুনিবলৈ পোৱা যায় । গীতালে বেনা বজাই বজাই গান গায় ।
ৰামায়ণৰ বিভিন্ন আখ্যানক ভিত্তি কৰি কুশান গানৰ ‘পালা’ ৰচনা কৰা হৈছে । কোনোবা অজ্ঞাত কবিয়ে এইবোৰ পালা ৰচনা কৰিছিল । গীতাল হ’বলৈ ইচ্ছুক ব্যক্তিয়ে আন এজন গীতালক গুৰু মানি লৈ তেওঁৰ পৰা গান বোৰ শিকিব লাগে । এইদৰে গুৰু পৰম্পৰাৰে গানবোৰ প্ৰচাৰিত হৈ আহিছে ।
গানৰ দলটো ‘আচৰ’ত প্ৰথমে আটায়ে ঘুৰণীয়া কৈ বহে । দৰ্শকসকলো তেওঁলোকৰ পৰা চাৰিহাত মান আঁতৰত ঘুৰণীয়াকৈ বহে । গায়কসকলে প্ৰথমে বহি বহি এটি ৰামৰ বন্দনা গীত এটি গায় । ৰামৰ বন্দনাটো গীতালে অকলে মন্ত্ৰ উচ্ছাৰণ কৰাৰ দৰে কিন্তু সকলোৱে শুনাকৈ পৰিৱেশন কৰে। ৰামৰ বন্দনা শেষ হোৱাৰ লগে লগে আটায়ে গাব সৰস্বতী বন্দনা । খোল-তাল আৰু বেনাৰ সহযোগত সৰস্বতী বন্দনা গোৱা হয় । কিন্তু ৰামৰ বন্দনাৰ সময়ত কোনো বাদ্য বজোৱা নহয় ।
সৰস্বতী বন্দনাৰ শেষত গীতালে উঠি আচৰৰ চাৰিওফালে ঘুৰি ঘুৰি বেনা বজায় আৰু তেওঁৰ পিছে পিছে যথাক্ৰমে দোৱাৰী আৰু ছুকুৰী সকলে আচৰৰ চাৰিওফালে মৌনভাৱে ঘুৰিবলৈ আৰম্ভ কৰে । তেতিয়া খোল-তালো বজোৱা হয় । ই যেনিবা এক ‘সুৰ সমলয় ‘ বা কনছাৰ্ট । দুইমিনিট মান পিছত গীতালে গাবলৈ আৰম্ভ কৰে –
“শমন- দমন ৰাৱন ৰাজা
ভাইৰে ,ৰাৱন-দমন ৰাম।”
এইখিনি শুনাৰ পিছত দোৱাৰীয়ে গীতালক “গুৰু” বুলি সম্বোধন কৰি প্ৰশ্ন কৰিব “গুৰুদেৱ ! ইয়াৰ অৰ্থ কি ? মইতো একো বুজা নাই!” তেতিয়া গীতালে বুজাই দিব তাৰ অৰ্থ। গীতালে দোৱাৰীৰ নাম কাঢ়িয়েই মাতে ।ধৰক ,দোৱাৰীৰ নাম ‘ভেলু’ । তেতিয়া গীতালে কব ” হেৰা ভেলু ,তুমি একো বুজা নাই ? শমন মানে যম ,মানে যমৰজা।যমৰজাক কোনে ভয় নকৰে ?
দোৱাৰী – ” গুৰুজী ,যমক ভয় নকৰা মানুহ পৃথিৱীত নাই ।কাৰণ যমে সকলোকে মাৰি লৈ যায়।”
গীতাল – ” কিন্তু , সেই যমৰজাক দমন কৰিছিল ৰাৱন ৰজাই । ৰাৱনে যম আদি কৰি সকলো দেৱতাকে বন্দী কৰি আনি নিজৰ ঘৰৰ চাকৰ কৰি ৰাখিছিল । কিন্তু,এনেহেন প্ৰতাপী ৰাৱন ৰজাক দমন কৰিছিল প্ৰভু ৰামচন্দ্ৰই ।”
এই ধৰণেৰে গান গাই গাই পিছত সংলাপৰ জৰিয়তে গানৰ অৰ্থবোৰ বুজাই দি কুশান গানেৰে ৰামৰ মাহাত্মা প্ৰচাৰ কৰা হৈছে।
সংলাপ শেষ হোৱাৰ লগে লগে ডায়না পালিয়ে চটকা গান আৰম্ভ কৰি দিয়ে । লগে লগে বহি থকা আনবোৰ পালিয়েও সমস্বৰে গাবলৈ আৰম্ভ কৰে। গীতাল আৰু দোৱাৰীৰ সংলাপৰ সময়ত ছুকুৰীসকল বহি থাকে । কিন্তু,চটকা গান আৰম্ভ হোৱাৰ লগে লগে সিহঁতে বহাৰ পৰা উঠি গানৰ লগে লগে চাৰিওফালে ঘূৰি ঘূৰি নাচি গান গাবলৈ ধৰে ।
দোৱাৰীয়ে দ্বৈত ভূমিকা পালন কৰে । মুখ্য ভূমিকা হ’ল,— প্ৰশ্ন কৰি গীতালৰ মুখৰ পৰা গান আৰু সংলাপৰ ব্যাখ্যা উলিওৱা, যাতে শ্ৰোতা সকলে সহজে বুজিব পাৰে । দ্বিতীয় ,ভূমিকা হ’ল, তত্ত্বকথা শুনি শুনি যাতে আমনি নালাগে তাৰ বাবে হাস্য ৰসৰ সৃষ্টি কৰা ।
চটকা গান শেষ হোৱাৰ লগে লগে গীতালে আকৌ গীত জুৰিব । এবাৰ গীত ,তাৰ পিছত সংলাপ ,তাৰ পিছত চটকা ,এইদৰে গান চলি থাকে ।
আধাঘণ্টা মান গান গোৱাৰ পিছত ভাগৰ লাগে । তেতিয়া ছুকুৰী আৰু দোৱাৰীৰ মাজত কিছুমান হাস্য-ৰসাত্মক কথোপকথন আৰম্ভ হয় । কথোপকথন বা সংলাপৰ সুৰ ঠিক ভাওনাৰ অভিনেতা অভিনেত্ৰীৰ দৰে । নাইবা ,সূত্ৰধাৰে যেনেদৰে বচন মাতে তেনেকুৱা । এইবোৰ সংলাপ বা বচন ,গান পাৰ্টীয়ে নিজে ৰচনা কৰে। কেতিয়াবা দোৱাৰীয়ে গীতালক কিছুমান ফুচুৰি কথা কয় । কথাবোৰ শুনাত অশ্লীল যেন লাগে । তেতিয়া গীতালে দোৱাৰীক ধমকি দি গালি পাৰিবলৈ ধৰে এনে অশ্লীল কথা কোৱাৰ বাবে। শ্ৰোতা সকলো অস্বস্তিবোধ কৰিবলৈ ধৰে দোৱাৰীৰ কথাবোৰ শুনি । কিন্তু, দোৱাৰীয়ে যেতিয়া আচল অৰ্থ কৈ দিয়ে তেতিয়া শ্ৰোতা সমল আটায়ে গিৰ্জনি মাৰি হাঁহি দিয়ে । দোৱাৰীৰ ফুচুৰি কথাৰ উদাহৰণ –
“নেৰ্বেৰাটাৰ গোৰ গোৰাতে ধৰি
মাইল্লেক ঠেলা
আই- সৱগুলা কয় বোলে,
হইচ্ছে এলা।”
ইয়াৰ আক্ষৰিক এনেকুৱা :- লৰক- ফৰক কৰা বস্তুটোৰ গুৰিত ধৰি মাৰি দিলে ঠেলা ,
আই সকলে তেতিয়া কয়,
হৈছে আৰু এতিয়া ।
কথাটো শুনাৰ লগে লগে গীতালে বিৰাট ধমক এটা দি কয়, “অসভ্য,নিলাজ ! সমাজৰ মাজত এনে কথা কবলৈ তোমাৰ লাজ লগা নাই ।”
দোৱাৰীয়ে তেতিয়া অতি বিনয়ভাৱেৰে কয় ” মই মুঠেও বেয়া কথা কোৱা নাই গুৰুদেৱ ! শুনক বুলি কথাষাৰ ব্যাখ্যা কৰি বুজাই দিয়ে।
” গুৰুদেৱ ! যেতিয়া মানুহবোৰে নাও এখনত উঠি নৈ পাৰ হয় ,তেতিয়া নাওখন সিপাৰ পোৱাৰ অলপ আগতে নাৱৰীয়াজনে নাও বোৱা লেঙলেঙীয় দীঘল বাঁহডালৰ গুৰিৰ ফালে ধৰি ঠেলা মাৰি দিয়ে। সেই একে ঠেলাতে নাওখন গৈ পাৰত লাগে। তেতিয়া মহিলা যাত্ৰীসকলে কয় ” হ’ল আৰু এতিয়া !” অৰ্থাৎ ,পাৰ পালেহি । দোৱাৰীৰ ব্যাখ্যা শুনি ইমান সময় অস্বস্তিত থকা মানুহবোৰে হো হো কৈ হাঁহি দিয়ে ।
আগতেই কোৱা হৈছে ,ৰামায়নৰ পৰা কাহিনী বাছি লৈ কুশান গানৰ পালা ৰচনা কৰা হয় ।ৰামায়ণৰ কাহিনী ,যেনে — সীতাৰ বনবাস ,মেঘনাথ বধ, লক্ষণৰ শক্তিশেল ইত্যাদি। মহাভাৰতৰ কাহিনীও কুশান গানত ঠাই পাইছে । যেনে ,ৰজা হৰিচন্দ্ৰ আৰু সাবিত্ৰী- সত্যবান ।
কুশান গান অতি প্ৰাচীন ।শ্ৰীমন্ত্ৰ শংকৰদেৱ যেতিয়া তীৰ্থ ভ্ৰমণ কৰি ফুৰিছিল তেতিয়া তেওঁ কুশান গানৰ অভিনয় দেখিছিল । তেওঁৰ ৰচিত ভাওনাবোৰৰ ওপৰত কুশান গানৰ প্ৰভাৱ পৰিছিল বুলি অসমীয়া সাহিত্যৰ ইতিবৃত্ত বুৰঞ্জীবোৰত স্বীকাৰ কৰা হৈছে । সেইদৰে ভাওনা, ওজাপালিৰো প্ৰভাৱ পৰিছে ।
কুশান গানৰ নামটো ‘কুশান’ কেনেকৈ হ’ল ই এটি বিতৰ্কিত বিষয় । কিছুমানৰ মতে ,কুশান গান যিহেতু ৰামৰ মাহাত্ম পোন প্ৰথমে গীত গাই কৰিছিল। সেয়ে ৰাম আৰু সীতাৰ পুত্ৰ লব আৰু কুশ হেতুকে ইয়াৰ নাম দিয়া হৈছে ‘কুশান’ । এই যুক্তিৰ বিৰুদ্ধে এটি প্ৰশ্ন হব পাৰে যে ,অকল কুশৰ নামেৰেই নামকৰণ হ’ল কিয়? লবৰ নাম কিয় বাদ পৰিল ?
গোৱাল পাৰা জিলাৰ ইতিহাস প্ৰণেতা শিবানন্দ শৰ্মাৰ মতে কোচ ৰাজ্যত প্ৰচলিত এই গানৰ নাম ৰাজ্যখনৰ নামেৰে ‘কোচান ‘ বা ‘কুশান’ নাম হৈছে । কোচ ৰজাসকল যে ৰাম ভক্ত আছিল তাৰ প্ৰমাণ চিলাৰায়ৰ অনুৰোধত শংকৰদেৱে ৰাম-বিজয় নাট লিখিছিল আৰু সত্ৰশালত অভিনয় কৰোৱাইছিল । ব্ৰহ্ম্ৰপুত্ৰ উপত্যকাৰ পশ্চিম সুীমান্তৰ জিলাখনৰ আটাইতকৈ জনপ্ৰিয় লোক নাট্যনুষ্ঠান হ’ল কুশান গান ।
