কৃতিত্ব: পঙ্কজ বৰাৰ ডক্টৰেট ডিগ্ৰী লাভ

অসমীয়াত কথা-বতৰা গোটৰ প্ৰতিষ্ঠাপক তথা অন্যতম সক্ৰিয় সদস্য শ্ৰীমান পঙ্কজ বৰাই  নৰৱেজিয়ান ইউনিভাৰ্ছিটী অফ ছায়েন্স এণ্ড টেকন’লোজীৰ পৰা “Integrative Systems Approaches to Study Plant Stress Responses” শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে পি এইচ ডি ডিগ্ৰী লাভ কৰিছে৷ তেওঁ নৰৱেজিয়ান ইউনিভাৰ্ছিটী অফ ছায়েন্স এণ্ড টেকন’লোজীৰ কম্পিউটেচনেল চিষ্টেমছ বায়’লজী বিভাগৰ অধ্যাপক ড° আটলে ব’নেছৰ তত্বাৱধানত গৱেষণা কৰিছিল৷ গৱেষণাৰ বিষয়বস্তু আছিল গোলকীয় পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয়ৰ প্ৰেক্ষাপটত জীৱই পৰিৱৰ্তিত পৰিস্থিতিৰ লগত কিদৰে জিনীয় পৰ্য্যায়ত অভিযোজিত হয়, সেই বিষযে আধুনিক জিন’ম প্ৰযুক্তি আৰু তথ্য-প্ৰযুক্তিৰ আন্তঃসমন্বয়েৰে বিশদ অধ্যয়ন৷ এই বিষয়ত তেওঁ ইতিমধ্যে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰও প্ৰকাশ কৰিছে৷ তেওঁ লখিমপুৰ জিলাৰ বৰবালি গাঁৱ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰী যুত সিদ্ধেশ্বৰ বৰা আৰু শিক্ষয়িত্ৰী শ্ৰীমতী ৰেনু ফুকন বৰাৰ পুত্ৰ। ‘অসমীয়াত কথা-বতৰা’ তথা সাহিত্য ডট অৰ্গৰ সমূহ সদস্যা-সদস্যাৰ তৰফৰপৰা আমি শ্ৰী বৰাৰ এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!