কৃতিত্ব: প্লাৱন ভূঞা

প্লাৱন ভূঞা- শান্ত প্ৰকৃতিৰ ল’ৰাজন। শিৱসাগৰৰ নিতাইপুখুৰীৰ এটা সাধাৰণ কৃষক পৰিয়ালৰ; মাক দেউতাক দুয়ো অল্পশিক্ষিত। এই প্লাৱনে(মনোজ) এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাকোত্তৰ পৰীক্ষাত বুৰঞ্জী বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ উত্তীৰ্ণ হয়। তেওঁ পূৰ্বৰ ৪০বছৰৰ সকলো অভিলেখ ভংগ কৰে। তেওঁ বৰ্তমান গাঁৱৰ ঘৰত কৃষি কৰ্মত ব্যস্ত। অসমীয়াত কথা বতৰা গোটৰ অন্যতম সদস্য দিপুল হালৈয়ে তেওঁক সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাৰ বাবে চেষ্টা কৰিবলৈ কৈছে। মনোজে তেওঁক জনাইছে যে বৰ্তমান তেওঁ অসমৰ সত্ৰসমূহৰ বিষয়ে এটা প্ৰকল্প পাইছে, সেয়েহে প্ৰথমতে অলপ টকা গোটাই সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাৰ বাবে চেষ্টা চলাব। তেওঁলৈ অকব-ৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!