অপৰাহ্ন: ধনজিৎ‍ কলিতা

অপৰাহ্ন

ধনজিৎ‍ কলিতা

দৰ্জাখনত দুই এটা সবল আৰু বহুকেইটা দুৰ্বল তথা অনিয়মিত হাৰত পৰা ঢপঢপনিত চিকুণ পুৱাৰ তন্দ্ৰালসাৰ পৰা অলপ জাগ্ৰত অৱস্থালৈ আহিলোঁ যদিও ঠাণ্ডাত ঠেৰেঙাই থকা কুকুৰা পোৱালি এটিক মাকে উম দিয়াৰ পিছত এইবাৰ আমেজতে চকু মেলিব নোখোজা যেন অৱস্থাত কম্বলৰ তলতে টুপুকা মাৰি ৰ’লোঁ। এই মূলূকত সাধাৰণতে কোনো কাৰো ঘৰলৈ বৰ বেছি অহা যোৱা কৰা এতিয়ালৈকে দেখা নাই। ৰাতিপুওৱা ভালেমানপৰ হ’ল যদিও মোৰ ইয়ালৈ বুলি সপ্তাহত দুই এবাৰ অহা বন্ধুকেইজনে যে এই ঠেঁটুৱৈ ধৰা শীতত বিচনাৰ এতৰপ ইলেকট্ৰনিক চাদৰেৰে গৰম কৰি লৈ দুতৰপ লেপৰ তলত সোমাই থকাৰ পৰা তলপেট ফাটি যাওঁ যাওঁ কৰিলেও সৰুপানী চুবলৈও নুঠে সেই বিষয়ে মোৰ ভালেখিনি জ্ঞান আছে।
ড্ৰিলিং মেচিনৰ কৰ্কশ শব্দ এই বন্ধ হ’ব এই বন্ধ হ’ব বুলি ৰৈ থকাৰ দৰে ঢপ ঢপনিৰ শব্দখিনিও বন্ধ হ’ব বুলি ৰৈ থকা আশাত চেঁচাপানী ঢালি যেতিয়া বেছ কিছু সময়লৈ পৰ্বটি চলিয়ে থাকিল, উপায়ন্তৰ হৈ উৰি থকা কম্বলখনকে মেৰিয়াই দৰ্জাখন খুলিলোঁ।
-সুপ্ৰভাত! আশাকৰো আপোনাৰ ধুনীয়া ৰাতিপুৱাটিৰ কাৰ্যসূচীত ব্যাঘ্যাত জন্মোৱা নাই!
আকাশত সূৰ্যটো ডাৱৰৰ আৰত লুকাই থাকিলেও আশীতোৰ্ধ বুঢ়ী গৰাকীয়ে ৰাতিপুৱাৰ ৰঙা বেলি এটি মুখত লৈ, আচল নে নকল বুলি সন্দেহ কৰিব পৰা দাঁতযোৰ উলিয়াই ভমকাফুলীয়া হাঁহি এটি মাৰি সুধিলে।
– সুপ্ৰভাত! নাই নাই তেনেকুৱা একো নহয়।
মুখত নিৰ্দয়ভাৱে ফুটি উঠা বিৰক্তিখিনি যিমান পাৰি লুকুৱাব যত্ন কৰি, ৰাতি উদৰ পুৰাই খোৱা গাহৰি মাংসখিনিৰ পৰা ওৰে ৰাতি পোৱা শক্তিৰ সমস্তখিনি প্ৰয়োগ কৰি হাঁহি এটি আনিবলৈ চেষ্টা কৰি কলোঁ।
-আপোনালোক ভাৰতীয়সকলে গ্ৰেপফ্ৰুট বৰ ভাল পায় নহয়, সেয়ে এয়া আনিছিলোঁ।
অভ্যাগতাই গোলনেমুৰ দৰে কিন্তু তাতকৈ ডাঙৰ টেঙাজাতীয় ফল কেইটামান মোৰ হাতত গুজি দিলে।

আজিৰ আগতে গ্ৰেপফ্ৰুট খাই নোপোৱা বা জন্মাবধি ভাৰততে থাকি, যোৱা সাতটি বছৰত ভাৰতবৰিষৰ অৰ্ধখণ্ড ঘূৰা-পকা কৰিও এই ফলটিৰ বিষয়ে ন্যুনতম জ্ঞান আহৰণত অপাৰগ থকাৰ পিছতো ভাৰতীয়সকলেনো ভাল পায় বুলি কেনেকৈ জানিলে বুলি সুধিবলৈ মন গৈছিল যদিও ততাতৈয়াকৈ যান্ত্ৰিক ধন্যবাদ এটিৰে ফলকেইটা হাতত লৈ বুঢ়ীগৰাকীক দুৱাৰমুখৰ পৰাই বিদায় দি মোৰ চিলমিয়া টোপনিৰ জিলমিলিয়া সপোনটোত কি হ’ল তাৰ পম খেদাহে শ্ৰেয় গুণিলোঁ। আৰু কি কি লাগিব, মোৰ ওচৰত এইটো আছে, সেইটো আছে, কিবা লাগিলেই ক’বা ধৰণৰ উপৰ্যুপৰি কেবাটিও বাক্যৰ আশীষেৰে মোৰ টোপনিৰ আধা জ্বাল কটাই দিয়াৰ পিছত কেনেবাকৈ যেনিবা বুঢ়ীগৰাকী গ’লগৈ। যাওঁতে যাওঁতে তেওঁৰ লগত কথা পতাৰ বাবে অশেষ ধন্যবাদ দিবলৈও নাপাহৰিলে। গম পালো বুঢ়ীগৰাকী একেটি চৌহদতে পাঁচ নম্বৰ ঘৰটোত থাকে।

সৰুৰে পৰা ওচৰ চুবুৰীয়াই ইটো নিয়া, সিটো দিয়া পৰিবেশৰ মাজতে ডাঙৰ হৈছোঁ।
– অ’ ধনৰ মাক, আলিগুটি দুটামান দেচোন; এইবাৰ শুকুৰবৰীয়া বজাৰৰপৰা আনি ঘূৰাই দিম দে।
– তহঁতৰ জাতি পাণ জোপাৰ পৰা দুপাতমান পাণ নিছো দেই। আলহী আহিব আজি। পিছে দুটামান বুঢ়া তামোলো বাৰু হ’ব নেকি বোৱাৰী?
কত শুকুৰবৰীয়া বজাৰ যায়, কত আহে, আলুগুটি বা চাউলসেৰ হ’লে ঘূৰি নাহে আৰু তাৰ বাবে কোনোৱে বৰকৈ মূৰো নঘমায়। অনা নিয়াতো চলিয়ে থাকে। মাহঁতেও লাগ বুলিলেই চাউলখিনি চালিবলৈ, ধান দুনি জাৰিবলৈ মানুহ পায়। তাৰ পিছত দুদিনমানলৈ অনা নিয়াৰ পৰ্বটি অলপ জোৰকৈয়ে চলে। দুদিনমানলৈ কোনেও আৰু সাপ্তাহিক বজাৰৰ নাম নলয়। আলহি নাহিলেও পিৰালিত থকা কলথোকৰ এআষি-দুআষি নিব পাৰি বুলি ধৰি লয়। মা-আইতা হ’তেও নিজলৈ চাই অভাৱ-অনাতনৰ মাজত থকা চুবুৰীয়াখিনিক যিমান পাৰি দিবলৈ যত্ন কৰে।

এই অনা আৰু নিয়া সংষ্কৃতিৰ মাজত আমাৰ চুবুৰিৰ “চাবি-তলা” বুঢ়ী আছিল অন্যতম। বুঢ়ীৰ আচল নাম কি কোনেও নাজানে। বুঢ়ীৰ ঢোবাং বাং ঘৰটিৰ চাৰিখন বেৰৰ তিনিখনেই উৱলি যোৱা যদিও বুঢ়ীয়ে হেনো আগফালৰ দুৱাৰত সদায় তলা লগাইহে ঘৰৰ বাজ হৈছিল। চাবি-তলা নামটো ডঙুৱা ডেকাকেইটাই প্ৰথমে বুঢ়ীক জোকাবলৈ বুলি ব্যৱহাৰ কৰিছিল। বুঢ়ীক চাবি-তলা বুঢ়ী বুলি মাতে আৰু বুঢ়ীয়ে চৌদ্ধ পুৰুষ উজাৰি অশ্ৰাব্য গালি পাৰে। ল’ৰাবোৰেও ৰং পায়। লাহে লাহে বুঢ়ীৰ গালি পাৰিব এলাহ লগা হ’ল। বুঢ়ীক জোকোৱা ল’ৰাবোৰো চেঙেলিয়াৰ পৰা বাপেকি হ’ল। কিন্তু বুঢ়ীৰ নামটো তেনেকৈয়ে ৰ’ল। মাৰি-মৰঙত ডেকা পুতেক দুটি আৰু গিৰিয়েকক হেৰুওৱা বুঢ়ীজনী অকলশৰেই চুবুৰিৰ এচুকৰ জুপুৰি এটিত থাকে। এসময়লৈ হেনো ইঘৰে সিঘৰে কাম-বন কৰিছিল পিছে ককাল পৰি অহাৰে পৰা ইঘৰৰ একাপ চাহ, সিঘৰৰ এমুঠি ভাত, কাষৰীয়া গাঁওখনৰ সবাহৰ ভোগ বা ওচৰ পাজৰৰ বিয়া বাৰুৰেই বুঢ়ী চলি থাকে। অত্যন্ত লেতেৰা বাবে বুঢ়ীক মানুহে অলপ লেই লেই চেই কৰি দূৰতে ৰাখিব খোজে। বুঢ়ীৰ ঘৰৰ চৌপাশৰ জাবৰৰ দম আৰু আগফালৰ পৰাই পোৱা কিঁয়া মাছৰ দৰে কেচেমা-কেচেম গোন্ধটিৰ বাবে বুঢ়ীৰ ঘৰত সোমাবলৈ কোনেও সাহস নকৰে। কেতিয়াবা খাবলৈ কিবা খুজিলেও বহুতে বুঢ়ীক কটু কথা শুনায়। বুঢ়ীৰ হেনো হাতখনো অলপ লৰ। আমাৰ আইতাই সেয়েহে বুঢ়ীয়ে বৰকৈ আগফাল-পিচফাল কৰি থকাটো ভাল নেপায়। আইতাই বুঢ়ীক কেতিয়াবা বেছিকৈ জোকাৰি কথা শুনালে অৱশ্যে দেউতাই কয় যে হ’ব দে আজিলৈনো কোনটো লাগৰ বস্তু নোহোৱা হৈছে। এমাহ আগতে পিছচোতালত থকা ফুটা কেৰাহীটো নোহোৱা হৈছিল। তাৰ কেইদিনমান আগতে মামৰ ধৰি হৈ এলাগি পৰি থকা দা এখন। মাজে মাজে পিচফালৰ পিৰালিত আইতাই কৰবাৰ পৰা গোটাই থোৱা শুগন্ধি গোপিনী পাণকেইখিলা বা আইতাৰ বাহিৰ ফুৰিবলৈ ব্যৱহাৰ কৰা পুৰণি মেখেলাখন নোহোৱা হয়। অৱশ্যে দুদিনমান পিছত কথাৰ লাচত বুঢ়ীয়ে নিজেই কয় বোলে সিবিধ মইয়ে নিলো দে সিদিনা। আইতাই বুঢ়ীক ‘মৰঙত মাৰি’ বুলি চিঞৰি গালি পাৰি কয় যে আমিনো তোক কোনদিনা কিবা লাগৰ ভাগৰ বস্তু খুজিলে নিদিয়াকৈ আছোঁ যে তই বস্তুকেইপদ মনে মনে নিব লগা হ’ল। ‘চাবি-তলা’ বুঢ়ীয়ে আইতাক একো উত্তৰ নিদিয়ে। বুঢ়ীৰ এই ইহাত-সিহাত অৱশ্যে চলিয়ে। লাহে লাহে অলৰ হৈ অহা বুঢ়ীগৰাকী বছৰদিয়েক পিছত মানুহৰ কেতেৰা-জেঙেৰাৰ মাজেৰেই সিপুৰীলৈ গ’লগৈ। জীৱনৰ আধা বয়স অকলশৰে কটাই, জীৱনৰ সীমনা পাৰ হৈ বুঢ়ী গিৰিয়েক-পুতেকহ’তৰ লগ হ’লগৈ। বুঢ়ী মৰিবৰ আগে আগে নাকত গামোচা বান্ধি বুঢ়ীক খুওৱা ধুওৱা কৰিবলৈ যোৱা গাঁৱৰ মানুহকেইজনে কৈছিল যে বুঢ়ীৰ ঘৰটো হেনো ইবিধ-সিবিধ অব্যহাৰযোগ্য আওপুৰণি বস্তুৰে ভৰি আছিল। বুঢ়ীয়ে সেঁহিয়াই সেঁহিয়াই হেনো বস্তুবিলাকত হাত দিবলৈ মানা কৰি কৈছিল যে সেইবিলাক হেনো বুঢ়ীৰ শেষ সময়ৰ সম্পত্তি। তাৰ কেইদিনমান পিছত বস্তুবিলাক তেনেকৈয়ে এৰি থৈ বুঢ়ী অজান দেশলৈ গ’লগৈ। বস্তুবোৰ পিছে বুঢ়ীৰ শেষ সময়ৰ সহায় হ’বগৈ নোৱাৰিলেগৈ।

লাহে লাহে মইও এই অজান্তি মূলূকত অভ্যস্ত হৈ পৰিবলৈ ধৰিছোঁ। চহৰৰ আতাইতকৈ সস্তা মাফিন ক’ত পায়, ক’ত আতাইতকৈ কম খৰচত চুলি কটাব পাৰিৰ পৰা আৰম্ভ কৰি কোনদিনাৰ ৰাগবি খেলখনৰ উত্তেজনা আতাইতকৈ বেছি আছিল ধৰণৰ কথাবোৰ কাকো এবাৰো নুসুধাকৈ ক’ব পৰা হৈছো। অকণমান ৰ’দ ওলোৱাৰ সুবিধা লৈ চাহকাপৰ সৈতে আগফালৰ বাৰান্দাত বহি লৈ ৰাস্তাৰে অহা যোৱা সকলো অচিনাকি মানুহকে “বতৰটো বৰ ভাল, আপোনাৰ দিনটো কুশলে য’ক” বুলি কৈ সম্ভাষণ জনাব পৰা হৈছোঁ। সিদিনাৰ অচিনাকি চহৰখনৰ চিনাকি হৈ অহা পথবোৰত এনেয়ে তহল দি ফুৰোঁ। ভাল লাগে। সু-সজ্জিত চহৰখনত প্ৰকৃতি আৰু মানুহৰ সৃষ্টিশীলতা সুন্দৰভাবে বিৰাজমান। প্ৰতিটো চাৰিআলিৰে মাজৰ গোলখিনিতে থকা খ্ৰীষ্টমাছ গছজোপাৰে সৈতে থকা ফুলবোৰে বা ৰাস্তাৰ কাষত প্ৰতিঘৰ মানুহৰ ঘৰৰ সম্মুখত থকা সৰু বাগিছাবোৰে মনটোলৈ এটি প্ৰশান্তি আনে। ঐশ্বৰ্যৰ মাজত থকা কিন্তু সম্পত্তিৰ হাবিয়াস নকৰা, প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক ৰাখি ভাল পোৱা, জাতিগতভাবে নিজকে নিজৰ ৰাষ্ট্ৰীয় পক্ষীটিৰ নামেৰে মাতি ভাল পোৱা, জীৱনৰ পৰা চেপি চেপি ৰস নিগৰাই ইয়াক সম্পূৰ্ণকৈ উপভোগ কৰাতেই জীৱনৰ পৰমাৰ্থ বুলি ভবা এই দেশখনৰ মানুহখিনিৰ বাবে স্বাধীনতা আৰু স্বনিৰ্ভৰশীলতা বৰ প্ৰিয় বস্তু। গতিকে স্বাভাৱিকতে কাৰোবাৰ লগত বৰ বেছি দিয়া লোৱা কৰা দেখা নাযায়।

কিন্তু এলেনোৰ’ৰ বাবে যেন এই তথাপ্ৰচলিত ধাৰাণা অচল। যেন সাত-সাগৰ তেৰ নদী পাৰ হৈও(সাত সাগৰ নহ’লেও চাৰি পাঁচটামানতো হ’বই! নদী অৱশ্যে তেৰখনতকৈ নিসন্দেহে বেছি হ’ব!) আমাৰ গাঁৱৰ কোনোবা আপোন চুবুৰীয়াহে। বুঢ়ীগৰাকীৰ নাম ‘এলেনোৰ’।

ইতিমধ্যে কেবাদিনো এলেনোৰৰ কৃপাত বিভিন্ন শাক-পাচলি, ফল-মূল পৰম প্ৰশান্তিৰে উদৰস্থ কৰিছোহঁক। দুদিনমান তেওঁৰ পাকঘৰত সোমাই পিজ্জা-পাই আদি খোৱাৰ সৌভাগ্যও বৰ উদাৰতাৰেই আদৰি লোৱা হৈছে। দিয়া-লোৱাৰ (আচলতে অকল লোৱাৰহে) এই পৰ্বত এলেনোৰৰ খুওৱাৰ ইচ্ছা আৰু খোৱা-লোৱাৰ প্ৰতি থকা অমাৰ উদাৰ মনোভাবেৰে সৈতে আগ্ৰহৰ সুবাদত লাহে লাহে ‘এলেনোৰ’ নামৰ আমাৰ সুশীল প্ৰতিবেশী গৰাকীৰ লগত এক অনামি সম্পৰ্ক গঢ়ি উঠিছে। মইও চাহ খোৱাৰ সময় সলনি কৰি পিৰালিত বহি এলেনোৰৰ লগত এষাৰ কথা পাতি ভাল পোৱা হ’লোঁ।

চৌহদত সোমোৱাৰ বাটত প্ৰথম ঘৰটোৱে মই থকাটো হোৱা বাবে ক’ৰবালৈ আহোতে যাওঁতে এলেনোৰে মই ঘৰত থাকিলে এবাৰ ভুমুকিয়ায়। (‘এলেনোৰ’ অৱশ্যে যাবনো ক’লৈ বা মইনো ঘৰত থাকোঁৱেই কেতপৰ!!! কেতিয়াবা এবাৰ এনেয়ে ফুৰিবলৈ গৈ কিবা বস্তু কিনি উভতে বা কেতিয়াবা বস্তু দুই-এপদ কিনিবলৈ গৈ এপাক ফুৰি আহেহে মাথোঁ।) এলেনোৰৰ নিত্য কৰ্মৰ ভিতৰত কিছু সস্তীয়া পাওৰুটি বা বিস্কুট কিনি আনি খিৰিকি কাষত বনৰীয়া চৰাইবোৰৰ বাবে ৰখাতো অন্যতম। এলেনোৰৰ ঘৰৰ সম্মুখৰ বাৰাণ্ডাখনৰ কাষত থকা সৰু জোপোহা কেইটাত চৰাইবোৰে যেতিয়া বৰকৈ কিচ্-মিচাই থাকে, এলেনোৰে সিহতক মৰমেৰে দবিয়ায়, বোলে মই চৌৰাশী বছৰীয়া বুঢ়ীজনীয়ে তহতক খুৱাব লাগে যে নিজে জোগাৰ কৰি খাব নোৱাৰ নেকি। চৰাইবোৰে বেয়া নাপায়। তাৰপিছত অলপ পাওৰুটি গুড়ি কৰি চতিয়াই দি বুঢীয়ে এটি প্ৰশান্তিৰ হাঁহি মাৰে। বৃদ্ধাৱস্থাত হোৱা চানি পৰা ৰোগৰ বাবে এলেনোৰে চকুৰে ভালকৈ মনিব নোৱাৰে। প্ৰায়ে ব্ৰেইল পদ্ধতিৰ সহাযত কিবা নহয় কিবা কিতাপ এখন পঢ়ি থাকে। নহ’লে হেনো প্ৰকাণ্ড তিনি কোঠলীয়া ঘৰটোৱে তেওঁৰ লগত সেইবোৰ কথা পতাত ব্যস্ত হৈ পৰে যিবোৰ কথালৈ হেনো এলেনোৰৰ আজিকালি সেই দ্বিতীয় মহাযুদ্ধৰ জাৰ্মান-জাপানৰ বোমাবৰ্ষণতকৈ ভয় লগা হ’ল। ঘৰটোৰ ভিতৰত বিৰাজ কৰা নৈশব্দবোৰ হেনো সেই যুঁজৰ বিমানৰ শব্দবোৰৰ দৰেই বুকুৰ ভিতৰলৈ গো-গোৱাই যায়।
দ্বিতীয় মহাযুদ্ধৰ সময়ত ইউৰোপৰ আন বহু চহৰৰ দৰেই আয়াৰলেণ্ডৰ এলেনোৰৰ গৃহ চহৰখনো যুদ্ধৰ ক’লা ছায়াই প্ৰায় মৰিশালি কৰি তুলিছিল। সেই ক’লা ধোৱা আৰু ছাইৰ মাজত যেতিয়া এলেনোৰে এখনো চিনাকি মুখ বিচাৰি উলিয়াব পৰা নাছিল তেতিয়াই চিৰদিনৰ বাবে চহৰখন এৰাৰ সিদ্ধান্ত লৈছিল। কেইবছৰমান লণ্ডনৰ এখন মিছনেৰিত ব্যৱহাৰিক শিক্ষা গ্ৰহণৰ পিছত বৃটিছ চৰকাৰৰ ফালৰ পৰা এই সপোন যেন ধুনীয়া দ্বীপৰাষ্ট্ৰখনলৈ গাণনিকৰ চাকৰিৰ বাবে আহিল।
তাৰ পিছৰ ত্ৰিশ-পঁইত্ৰিশ বছৰ এলেনোৰৰ ভাষাত চৰাইকেইটিয়ে দুটি পাউৰুটি খোৱাৰ জোখৰ সমযতে হেনো পাৰ হ’ল। সপোন কোঁৱৰজনক ইয়াতেই লগ পাই বিয়া পাতিলে। এলেনোৰ আৰু পিটাৰৰ তিনিটি ল’ৰা-ছোৱালীৰে সংসাৰ মুখৰিত হ’ল। প্ৰকৃতিৰ বৰপুত্ৰযেন এই ঠাইতে চকুৰ পচাৰতে সিহতৰ পাখি গজিল। চাওঁতেই এদিন নিজৰ বাঁহ বিচাৰি সিহতে উৰা মাৰিলে এলেনোৰৰ বুকুৰ পৰা। বুকু ডাঠ কৰি সংসাৰৰ চিৰাচৰিত নিয়ম মানি ল’লে এলেনোৰে। সময় চলিয়ে থাকিল যদিও এলেনোৰৰ ভাষাত ঘড়ীটি হেনো বেছ ভাগৰুৱা হৈ পৰিছিল। হঠাৎ‍ এদিন বিশেষ আগজাননী অবিহনেই পিটাৰৰ জীৱন ঘড়ীও থমকি ৰ’ল। তাৰ পিছত যোৱা তেইশ বছৰ এলেনোৰৰ বাবে তেইশটি যুগৰ দৰে পাৰ হ’ল।

আপুনি আকৌ বিবাহ নকৰিলে কিয়? –
যিমান পাৰো মোৰ ভিতৰৰ ভাৰতীয়জনক লুকুৱাই ৰাখিবৰ চেষ্টা কৰি সুধিলোঁ।
মোৰ সৰু ছোৱালীজনীৰ বিয়াৰ বিশ বছৰৰ পিছত জোঁৱাইয়ে আন এজনী তিৰোতাৰ লগত থাকিব লৈছে; তেওঁলোকে এতিয়া এজনে আনজনক বুজিবলৈ সময় পাব জানো? – এলেনোৰে উত্তৰত এটি প্ৰশ্নহে কৰিলে।

মই একো নুশুনা যেন এটি ভাৱেৰে মুখখন আনফালে ঘূৰালোঁ। লুকাই চুৰকৈ এলেনোৰৰ মুখখনৰ পিনে চাই ডাঠ ফ্ৰেমৰ চশমাৰ তলত তেওঁৰ দুচকু জিলমিলাই উঠা দেখিলোঁ। যেন বিলৰ পানীত অস্তমিত সুৰুজৰ হেঙুল।

পাখি লগা কাঁড়ৰ দৰেই সময়বোৰ গৈ আছে। ভাৰা আৰু আন কিছু সুবিধা বিশিষ্ট কাৰণত এসময়ত একেখন চহৰৰে আন এটি ঘৰলৈ বুলি বাসস্থান সলনি কৰিবলগীয়া হ’ল।

পৃথিৱীৰ সকলো হস্পিটেলৰ যেন একেই সেই পৰিৱেশ। কিবা এটা গোমা ভাৱে অনবৰতে কৰিদ’ৰবোৰত এক অদ্ভুদ আৰু অসহ্যকৰ শান্ততা বিৰাজমান। যেন এই আহিব এই আহিব বুলি কোনোবা কোনত লুকাই থাকে এজাক ধুমুহাৰ এটি ভয়াল জাননী। হঠাৎ‍ ব্ৰহ্মপুৱাতে চিটি কাউন্সিলৰ মানুহজনৰ পৰা টেলিফ’ন কল এটি পাই দৌৰা দৌৰিকৈ চিটি হস্পিটেললৈ বুলি ঢপলিয়াই আহিলোঁ। প্ৰথমতে ভালদৰে বুজিব পৰা নাছিলোঁ যদিও কৰবাত কিবা এটা যে ঘটিছে তাক গমিব পাৰি দৌৰ দি আহিলোঁ।

কাউন্সিলৰ মানুহজনে মোৰ মোবাইল নম্বৰ এলেনোৰৰ টেলিফোন ডায়েৰিৰ “ক’ন্টেক্ট ইন ইমাৰ্জেন্সি” শিতানত লিখি থোৱা পাইছিল। বহুদিনেই হৈছিল এলেনোৰক লগ ধৰিব নোযোৱাৰ। মাজতে বহুদিন যাম যাম বুলিও বেছিভাগ সময়ৰ অভাৱত বা কেতিয়াবা এলাহতে যোৱা হোৱা নাছিল। তাৰ পিছত গৈ এলেনোৰক যে এনেদৰে লগ ধৰিব লগা হ’ব সেয়া কাহানিও ভবা নাছিলোঁ।

মৃতঘৰৰ ভিতৰত তীব্ৰ ঠাণ্ডাতো মোৰ কপালত ঘামৰ টোপাল স্পষ্টভাৱে অনুভৱ কৰিলোঁ। কিবা এক অসহ্য বেদনাত উচপিচাই চিঞৰি দিবৰ মন গ’ল। নোৱাৰিলো। যন্ত্ৰবৎ‍ মানুহজনক অনুসৰণ কৰি গ’লোঁ।

এলেনোৰৰ ঘৰৰ পৰা কিঁয়া মাছৰ দৰে কিবা এক কেচেমা কেচেম গোন্ধ পাই হেনো ওচৰৰ মানুহঘৰে চিটি কাউন্সিলক ফোন কৰি গোন্ধটিৰ বিষয়ে জনাইছিল। পোষ্ট ম’ৰ্টেম ৰিপোৰ্টত পোৱা মতে তিনিদিন আগেয়েই মৃতকে অন্তিম উশাহ লৈছিল। ঘৰৰ মজিয়াতে হেনো পৰি আছিল মৃতদেহটি।

আপোনাৰ লগত কেনেকুৱা সম্পৰ্ক আছিল বাৰু! – মানুহজনে মোক সোধাত বহুসমলৈ মই একো উত্তৰ বিচাৰি নাপাই মনে মনে ৰ’লোঁ।
অৱশ্যে তেওঁৰ পুতেক আৰু জীয়েকহঁতক খবৰটো দিয়া হৈছে। – মানুহজনে মই অস্বস্তিত ভোগা বুলি গম পাই যেন মোক সকাহ দিবলৈকে ক’লে।
এয়া চাওক। মানুহজনে বাকচ এটি খুলি শৱদেহটিৰ পিনে দেখুৱাই ক’লে। ডাঠ স্বচ্ছ প্লাষ্টিকেৰে মেৰিয়াই থোৱা এলেনোৰ যেন গভীৰ প্ৰশান্তিৰে ৰাতিপুৱাৰ টোপনি এটিত মচগুল। মোৰ বুকুৰ ঢপ-ঢপনি তীব্ৰ হৈ আহিল। ভয় হ’ল, সেই ঢপ-ঢপনিত এলেনোৰৰ চিকুণ টোপনি ভাগি তেওঁ সাৰ পাই নুঠেতো!
গাঁৱৰ ‘চাবি-তলা’ বুঢ়ীৰ অন্তিম সময়ৰ বাবে গোটাই থোৱা সম্পত্তিবোৰৰ কথা মনত দোলা দি গ’ল। হয়, সঁচাইচোন পৃথিৱীখন ঘূৰণীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!