কৃপণ – ডাঃ পাৰ্থ সাৰথি ভুঞা
মোৰ শ্ৰীমতী চকু বিশেষজ্ঞ, তেওঁৰ চেম্বাৰৰ লগতে এখন অপ্টিকেলও আছে৷ সন্ধিয়া মই সদায় এপাক তালৈ যাওঁ. বিভিন্ন ধৰণৰ মানুহ পাওঁ, অপ্টিকেলৰ এজন কৰ্মচাৰী এই লাইনত প্ৰায় ৩০বছৰ পুৰণা, গতিকে আমাৰ সৰু চহৰখনৰ প্ৰায় ভাগ মানুহৰ চৰিত্ৰ তেওঁৰ নখদৰ্পণত, দূৰৰ পৰাই কোনো বিশেষ চৰিত্ৰ দোকানৰ ফালে আহি থকা দেখিলে মোক কয়, ছাৰ, কথাবিলাক মন কৰি থাকিব দেই, এখেত নামজ্বলা কৃপণ৷
সঁচাকৈয়ে দেখা গ’ল, ফ্ৰেম চাই চাই তিনিহেজাৰটকীয়াৰ পৰা নামি নামি তিনিশ টকীয়া পায়হি আৰু লাষ্টত বোলে, ‘এইবাৰ বাৰু পুৰণা ফ্ৰেমটোতে লেন্সখন লগাই দিয়া হে, এইখনতো ভালেই হৈ আছে, খালি মাজতে অলপ ফাটিছিল, ফেবিকল লগাই থৈছো, একেবাৰে এৰাই গলেই নতুন এখন লম দিয়া!’
কৰ্মচাৰী জনে মোলৈ চাই বেকাকৈ হাঁহি এটা মাৰে….মানে দেখিলে ছাৰ, মই কোৱা নাছিলোনে! !
এইটোৰ পৰা আকৌ পুৰণা কৌতুক এটা মনত পৰিল৷ এবাৰ এজন মহা কৃপণক ডক্টৰে পেচাব পৰীক্ষা কৰাব লাগিব বুলি কলে, কলে কাইলৈ ৰাতিপুৱাৰ পেচাব অলপ লৈ আহিব. মানুহজনে ডক্টৰক কিমান খৰচ পৰিব সুধি ঘৰলৈ গল.
পিছদিনা মানুহজনে গেলন এটাত পেচাব লৈ গৈ থকা দেখি বন্ধু এজনে সুধিলে….হেৰৌ, পৰীক্ষা কৰিবলৈ অলপ পেচাব হলেই হয় দেখোন, তই ইমান গাল লৈ গৈছ যে? তেখেতে বোলে..এহঃ ইমান টকা লব, পৰীক্ষা কৰিবই যেতিয়া ৰাতিপুৱা কৰা গোটেইখিনি লৈ আহিছোঁ আকৌ, তেতিয়াহে সুদে-মূলে ওলাব! !
সন্ধিয়া বন্ধুজনে আকৌ মানুহজনক দেখা পালে গেলনটোত পেচাবখিনি লৈ ঘূৰি আহি থাকা. বোলে কি হল…আজি পেচাব পৰীক্ষা নহল নেকি? আকৌ পেচাবসোপা লৈ উভতি আহিছ যে?
“হ’ল অ’, ডক্টৰে কৈছে পেচাবত চুগাৰ আছে বোলে, কেনেকৈনো পেলাই দিওঁ বাৰু কচোন!”■■