কৃষিবিজ্ঞানৰ প্রাসঙ্গিকতা : ৰুদ্ৰ নাৰায়ণ বৰকাকতি

কৃষিবিজ্ঞানৰ প্রাসঙ্গিকতা

ৰুদ্ৰ নাৰায়ণ বৰকাকতি

আপুনি পৰিধান কৰা জোতাযোৰ হয়তো এয়াৰ কণ্ডিছনযুক্ত শ্ব’ৰুমৰ পৰা ক্ৰয় কৰিছে, কিন্তু দুপৰীয়াৰ সাঁজত গ্ৰহণ কৰা শাকৰ তৰকাৰীৰ বাবে পাচলিখিনি আনিছে ৰাস্তাৰ কাষৰ মানুহৰ থু-খেকাৰ আৰু বেমাৰৰ বীজাণু উৰি থকা ঠাইখিনিত অকনমান ঠাই উলিয়াই বহি থকা বেপাৰীজনৰ পৰা- এয়াই হ’ল এজন কৃষক আৰু গৰিষ্ঠসংখ্যক ভাৰতীয় গ্রাহকৰ ভাগ্য। পালমপুৰস্থিত হিমাচল প্ৰদেশ কৃষিবিশ্ববিদ্যালয়ত ১১-২০জুন ২০১২ত অনুষ্ঠিত এক উদ্যানশস্যবিষয়ক প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ আহি মুখা-মুখি হোৱা এজন প্ৰশিক্ষকৰ পাৱাৰ পইন্টৰ এখন বিবেক জোকাৰি যোৱা শ্লাইড। ভাৰতৰ ১১খন ৰাজ্যৰ ২৫জন বিশেষজ্ঞই প্ৰশিক্ষণ লবলৈ আহি পৰস্পৰৰ মাজত মত বিনিময় কৰি গম পালোঁ যে কৃষি বিষয়ক সমস্যাসমূহ সমগ্ৰ ভাৰততেই একে।

কৃষিক “ইণ্ডাস্ট্রি”লৈ পৰিনত কৰিব লাগিব, তেতিয়াহে আজিৰ প্ৰজন্ম কৃষিৰ প্ৰতি মনোযোগী হ’ব। আজিৰ পৰা পঞ্চাশ বছৰৰ আগতে ছোৱালীক ল’ৰা এজনলৈ বিয়া দিয়াৰ আগতে খেতিমাটি কিমান আছে সেয়া বিচাৰ কৰা হৈছিল, কিন্তু আজিৰ দিনত খেতিমাটি থকা ল’ৰালৈ ছোৱালী উলিয়াই দিবলৈ কোনেও নিবিচাৰে; মানুহৰ চিন্তাধাৰাৰ ইমান পৰিৱৰ্তন কিয় আৰু কেনেকৈ হ’ল? এবিঘা মাটিত ব্যৱসায় কৰিলে যিমান লাভ হয়, খেতি কৰিলে সিমান নহয়, কিয়? গতিকে আজিৰ কৃষি বিজ্ঞানৰ সম্মুখত এয়াই ডাঙৰ প্ৰত্যাহ্বান ।

দেশৰ এজন আগশাৰীৰ পতংগবিদে আক্ষেপেৰে ক’লে- কৃষক এজনৰ খেতিত ৰোগ বা পতংগই আক্ৰমণ কৰিলে, তেওঁ প্ৰথমতে যায় ওচৰৰ সাৰৰ দোকানীৰ কাষলৈ। দোকানীয়ে যদি, পতংগৰ আক্ৰমণ ৰোধ কৰিবলৈ ভেকুঁৰনাশক বা ভেকুঁৰৰ আক্ৰমণ ৰোধ কৰিবলৈ বেক্টেৰিয়ানাশক বিক্ৰী কৰে, কৃষকজনে তাকে ক্ৰয় কৰি প্ৰয়োগ কৰে। বেজ-ওজা লগাই বেমাৰ বঢ়াই লোৱাৰ দৰে, দোকানীৰ দৰবে নষ্ট কৰি পেলোৱা মৃতপ্রায় খেতিৰ সমস্যাটো লৈ শেষত বিশেষজ্ঞৰ কাষলৈ আহে, এনে অৱস্থাত বিশেষজ্ঞ বিফল হলে কৃষি অনুষ্ঠানটোৱে একো কৰিব পৰা নাই বুলি গালি শুনিবলৈ সাজু থাকিব লাগে। ইয়াত দোষ কাৰ ?

আজিৰ কৃষিবিজ্ঞানীয়ে ব্যুৰক্রেটক সঠিক ভাৱে বুজাব পাৰিব লাগিব, কৃষকক সঠিককৈ পৰিচালনা কৰিব পাৰিব লাগিব, এতিয়া কৃষিবিজ্ঞান পথাৰৰ উৎপাদনতেই সীমাবদ্ধ নাথাকি, “চেকেণ্ডাৰী এগ্রিকালচাৰ” মানে “উৎপাদন পশ্চ্যাৎ সংৰক্ষণ”ত গুৰুত্ব দিব লাগিব, গৱেষণাবোৰো জাৰ্নেলত আবদ্ধ নাথাকি বাস্তৱসন্মত হ’ব লাগিব।
কৃষক, কৃষিবিষয়া আৰু কৃষিব্যৱসায়ী তিনিওজন জীৱিকাৰ খাতিৰত পৰস্পৰ নিৰ্ভৰশীল। তিনিওজন সৎ হ’লে সমাজৰ প্ৰগতি হ’ব। বৰ্তমান সমাজত ছদ্মবেশী কৃষক, কৃষিবিজ্ঞানী আৰু অসাধু ব্যৱসায়ীৰ পয়োভৰ বাঢ়িছে, ফলত প্ৰকৃত কৃষক বলিৰ পঠা সৎ কৃষিবিজ্ঞানী বদনামৰ ভাগী হৈছে। যিকোনো অনুদান লাভৰ বাবে প্ৰকৃত কৃষকৰ সময় আৰু জ্ঞানৰ অভাৱ। ছদ্মবেশী কৃষকে সৎ কৃষিবিষয়াৰ পকেটত জোৰ কৰি কমিছন ভৰাই হলেও অনুদান কাঢ়ি লয়। ছদ্মবেশী কৃষকে চিঞৰিলেই বৈদ্যুতিন আৰু ছপা প্ৰচাৰ মাধ্যমৰ ক্ষুধাতুৰ কিছুলোকে মছলা বিচাৰি পায় (সকলোকে কোৱা নাই, ভুল নুবুজিব- বিনম্ৰ অনুৰোধ)।

পালমপুৰৰ প্ৰশিক্ষণটোত গম পাইছিলোঁ যে মহাৰাষ্ট্ৰত কপাহ খেতিৰ কৃষকে অবিবেচনীয় হাৰত মাত্রাধিক কীটনাশক প্ৰয়োগ কৰে, ফলত অতি কম সময়ৰ ভিতৰতে কীট পতংগই এনে সংশ্লেষিত ৰাসায়নিক পদাৰ্থৰ বিৰুদ্ধে প্ৰতিৰোধক্ষমতা গঢ়ি তোলে। যিকোনো কীটনাশকত ১০০ শতাংশই বিষাক্ত পদাৰ্থ নাথাকে; বিষাক্ত আৰু অবিষাক্ত পদাৰ্থৰ এক সুষম অনুপাতেহে ৰসায়নক ভাল কীটনাশকৰ উপযুক্ত কৰি তোলে। লগতে উচিত মাত্রাৰ কীটনাশক পানী বা আন দ্রাৱকত মিশ্ৰণ কৰি উচিত সময়ত প্ৰয়োগ কৰিলেহে উচিত ফলাফল পোৱা যায়। এক কথাত ক’ব লাগিলে সংশ্লেষিত ৰাসায়নিক পদাৰ্থ মানেই বৰবিহ, কিন্তু উচিত মাত্রাত সঠিক সময়ত প্ৰয়োগে ইয়াক মহৌষধ কৰি পেলায়। অত্যাধিক পৰিমাণে ব্যৱহৃত ৰাসায়নিক পদাৰ্থ, খাদ্য বস্তুৰ জৰিয়তে আমাৰ দেহত প্ৰৱেশ ঘটা বিষয়ে সকলোৱে জানে; কিন্তু বহুতেই হয়তো নাজানে, সুন্দৰ ফুলপাহৰ সুবাস লওঁতেও ইয়াক সতেজ ৰাখিবলৈ ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ এটা ভাগ উশাহেৰে শ্বাসনলীত সোমাই পৰে। ফুল এতিয়া উৎসৱতে সীমাবদ্ধ নহয়, অভ্যাগতক আদৰণি জনোৱাৰ ওপৰিও আজিকালি পশ্চিমৰ পৰা আমদানিকৃত ভেলেন্টাইন ডে’, ফাডাৰ্ছ ডে’, মাডাৰ্ছ ডে’ আদিবিলাকতো ফুলৰ ব্যৱহাৰ হ’বলৈ লৈছে। ফুলক জীৱিকাৰূপে গ্ৰহণ কৰিবপৰা বাতাবৰণ সৃষ্টি হোৱাতো শুভলক্ষণহে। কীটনাশক কোম্পানীবোৰে নিজৰ “প্ৰডাক্ট” উৎকৃষ্ট বুলি প্ৰমাণিত কৰিবৰ বাবে অতিমাত্রাৰ বিষাক্ত পদাৰ্থ সংযোগ কৰি কৃষকৰ মাজত জনপ্রিয়কৰণৰ শীতল প্ৰতিযোগিতাত নমাৰ ফলত প্ৰথম বছৰ কীটনিয়ন্ত্ৰণ সম্ভৱ হ’লেও পৰৱৰ্তী বছৰত কীটপতংগই নিজস্ব প্রাকৃতিক প্ৰক্রিয়াৰে কীটনাশকৰ গুণাগুণ নষ্ট কৰিবপৰা ৰসায়ন সৃষ্টি কৰি সিহঁতৰ জীৱনযাত্রা সুচল কৰি কৃষকক লোকচানৰ ঘৰলৈ ঠেলি দিয়ে ।

স্বাস্থ্যসচেতন সকলৰ মাজত জৈৱিক কৃষিজাত সামগ্রী ভক্ষণৰ ক্ষেত্ৰত সজাগতা গঢ়ি উঠিছে। জৈৱিক কৃষিৰ বাবে জৈৱিক সাৰ আৰু জৈৱিক কীটনাশকৰ প্ৰয়োজন। অসাধু ব্যৱসায়ীয়ে পেলনীয়া চাহপাতৰ লগত ইউৰীয়া সাৰ মিহলাই কেঁচুসাৰ বুলি বিক্রি কৰে আৰু জৈৱিক কীটনাশক বুলি পেলনীয়া বস্তুৰ লগত অজৈৱিক সংশ্লেষিত পদাৰ্থ মিহলাই বজাৰত মেলি দিয়ে।
ৰাইপুৰৰ এজন বিশেষজ্ঞই ক’লে- কৃষকৰ পথাৰত এক প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণৰ সময়ত এজনী গাই গৰুৱে “কাৰ্বফুৰাণ” নামৰ কীটনাশকৰ বকলাখন চেলেকি থকা দেখি কৃষকজনক গৰুজনী খেদি পঠাবলৈ সঁকিয়াই দিয়াত প্ৰত্যুত্তৰত কৃষকজনে জনালে যে, বিগত তিনিদিন ধৰি গৰুজনীয়ে চেলেকিয়েই আছে; যি “কাৰ্বফুৰাণ”ৰ এটা বিন্দুমাত্ৰ কণিকা পেটলৈ গ’লেও গৰু-গাহৰি সবেই নিধন হয়, সেই পদাৰ্থই তিনিদিনটো একো অনিষ্ট নকৰাই ৰসায়নৰ গুণাগুণৰ মানদণ্ডৰ ওপৰত প্ৰশ্নবোধক চিন আঁকি দিয়ে।

ডি. এ. পি. (ডাই এমনিয়াম ফছফেট) নামৰ সাৰবিধত শতকৰা ১৮ ভাগ নাইট্ৰজেন আৰু ৪৬ ভাগ ফছফৰাছ থাকে। এটা কোম্পানীক ৰাইপুৰৰ এক অনুষ্ঠানে কেইশ কুইন্টলমান ডি. এ. পি. যোগান ধৰিবলৈ চাপ্লাই অৰ্ডাৰ পোৱাৰ পাছত তেওঁলোকে জনাইছিল যে তেওঁলোকৰ কাৰখানাত প্ৰতি কিলোগ্রামত দুশ টকা, চাৰিশ টকা আৰু ছয়শ টকা তিনি ধৰণৰ সাৰ প্ৰস্তুত কৰিব পাৰে, গতিকে কোনবিধ যোগান ধৰিব আগতীয়াকৈ ক’ব লাগে। ইয়াত নকলেও বুজিব পাৰি যে, দাম কমি যোৱাৰ লগে লগে ইয়াত থকা নাইট্ৰজেন আৰু ফছফৰাছৰ পৰিমাণ কমি যাব। কোনোবা অনুষ্ঠানৰ অসৎ বৰমূৰীয়া আৰু অসাধু ব্যৱসায়ীৰ গোপন বুজাবুজিৰ ফল ভুগিব লাগে নিচলা কৃষকে। অসমত প্ৰতিবিঘা ধানখেতিৰ মাটিত ১২ কিলোগ্রাম ইউৰিয়া, ১৭ কিলোগ্রাম চিংগল চুপাৰ ফছফেট আৰু ৯ কিলোগ্রাম মিউৰেট অৱ পটাছ সাৰ প্ৰয়োগ কৰা উচিত। বহুক্ষেত্ৰত কৃষকে সঠিক মাত্রাত সাৰ প্ৰয়োগ কৰিও আশানুৰূপ উৎপাদন লাভ নকৰা বিষয়টো সহজে অনুমেয় ।

হিমাচল প্ৰদেশ কৃষিবিশ্ববিদ্যালয়ৰ উদ্ভিদৰোগ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড0 ৱাই. এচ. পলে নিজৰ অভিজ্ঞতা ব্যক্ত কৰিছিল এনেধৰণে- আশীৰ দশকৰ পহিলা ভাগত “ভাৰতীয় কৃষি অনুসন্ধান সংস্থান”ৰ পৰা পি. এইচ. ডি. ডিগ্রী গ্ৰহন কৰি ঘৰলৈ ঘূৰি আহোঁতে তেওঁৰ দেউতাকে প্ৰশ্ন কৰিছিল- “বোপাই আমি সৰু কালত খোৱা আলুগুটিত যি সোৱাদ আছিল, আজিকালি নাইযে ইয়াৰ কাৰণ কি?” দেউতাকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, “আগতে আলুৰ চাহিদা অনুপাতে যোগান কম আছিল, এতিয়া সাৰ আৰু কীট নাশকৰ সুপ্ৰয়োগেৰে উৎপাদন বৃদ্ধি হ’ল, ফলত প্ৰতি সাজত টেঙাই হওক জ্বলাই হওক আলু সহজলভ্য উপকৰণ হৈ পৰাত সোৱাদ কমি যোৱা যেন লাগিছে।” তেওঁ যদিও তেনেকৈ উত্তৰ দিলে, পাছত দেউতাকৰ প্ৰশ্নটোৰ সঠিক উত্তৰ বিচাৰি পালে। সুদুত্তৰটোৰ লগতে আৰু কিছু আলোচনা পাছলৈ ৰাখিলোঁ ।

One thought on “কৃষিবিজ্ঞানৰ প্রাসঙ্গিকতা : ৰুদ্ৰ নাৰায়ণ বৰকাকতি

  • December 12, 2012 at 3:28 pm
    Permalink

    কথাখিনি সময় উপযোগী হৈছে। এনে আৰু প্রৱন্ধ আশা কৰিলো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!