ক্লীৱত্বৰ দেশত (- প্রণৱ জ্যোতি দাস)


এতিয়া মৃত্যু এক বিজ্ঞাপন,
সুযোগ পালেই বটলে বটলে বিক্রী হয় আবেগ,
সত্বা হেৰুৱাই এতিয়া আমি উলঙ্গ,
কঁকাল নাই বুকু নাই
ক’ত পিন্ধিম ৰণাংগনৰ কবচ,
আৰু
হম হম কৰিবলে
বিচাৰি পোৱা নাই কলিজা।
এতিয়া ক’তো তেজ ৰঙা গোলাপ নুফুলে,
ধর্ষিতাৰ দেশত
মিছিল হৈ বয় কামনা,
ৰাজপথত গোট মাৰে ভালপোৱা,
অচিনাকি উজাগৰী ৰাতি ককবকাই মৰে
বহু চিনাকি মৌপিয়া৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!