ক্ষীণাবলৈ যাওঁতে
ডাক্তৰে ৰিপৰ্টটো চাই মূৰ দুপিয়াইছে। মই উৎকণ্ঠিত হৈ তেখেতৰ মাতটোলৈ অপেক্ষা কৰিছোঁ।
: অলপ আছে। ডাক্তৰে ক’লে।
: হয়। কোনোমতে মাতষাৰ উলিয়াই ভয়ে ভয়ে ইয়াৰ পিচৰখিনি শুনিবলৈ অধৈৰ্য হৈ উঠিলোঁ।
: আপুনি লাকী। এইটো ষ্টেজত সাধাৰণতে মানুহে গমেই নাপায়। চিন্তা নকৰিব, দৰব খাবলগীয়া এতিয়াও আপোনাৰ হোৱা নাই। কিন্তু আপুনি খোৱা-বোৱাত এতিয়াৰে পৰা সাৱধান হ’ব লাগিব। মিঠাই বাদ দিব লাগিব।
মই ভালপোৱা প্ৰায় প্ৰত্যেকটো মিঠায়ে যেন ক’ৰবাৰ পৰা আহি চকুৰ আগত নৃত্য-গীতেৰে মোক উপহাস কৰিবলৈ ধৰিলে। জিলেলে জিলেলে আইঅ’ আইঅ’ জিলেলে…………………..
: ওজনটো জোখক চোন! ওজন জোখা মেছিনটোত থিয় হ’বলৈ ডাক্তৰে মোক চকুৰে ইংগিত দিলে।
: কিমান? ডাক্তৰে সুধিছে।
: তললৈ চালোঁ। কওঁ নকওঁকৈ ক’লোঁ- ৯৮। ডাক্তৰৰ চকুৰ ইংগিততে ঘূৰি আহি আকৌ চকীত বহিলোঁহি।
: বিএমআইৰ মতে আপোনাৰ ওজন ৭৩ৰ পৰা ৭৯ কেজিৰ ভিতৰত থাকিব লাগে। বেছি চৰ্বীজাতীয় খাদ্য বাদ দিব লাগিব। ডাক্তৰে ক’লে।
ক’ৰবাৰ পৰা যেন এটা নোদোকা গাহৰি আহি মোৰ চকীৰ তলৰ ঠাইখিনি ঘোঁট ঘোঁটকৈ খান্দি গাঁত এটা কৰি দিলে আৰু চকীয়ে-তকীয়ে মই মাটিৰ তললৈ সোমাই গ’লোঁ। নেপথ্য বাজিবলৈ ধৰিলে – নাযাবা নাযাবা “মকে” এৰি থৈ……………………………
: খোজকঢ়া আৰম্ভ কৰক। দিনে এঘ্ণ্টাকৈ। বাহিৰত আমাৰ ডায়েটিছিয়ানক লগ কৰক। দুমাহৰ পিছত এবাৰ আহি আকৌ এই টেষ্টকেইটা কৰি মোক দেখা কৰিব। ডাক্তৰে ফাইলটো মোলৈ আগুৱাই দি কথাখিনি ক’লে।
বুজিলোঁ, দহ বছৰমান ধৰি প্ৰত্যেকটো এক জানুৱাৰীতে গ্ৰহণ কৰি অহা অথচ এতিয়ালৈকে পালন নকৰা সংকল্পটো কাৰ্যকৰীকৰণৰ সময় আহিল।
ডায়েটিছিয়ানে দিয়া খাদ্যৰ তালিকা দেখি মোৰ শোকে খুন্দা মাৰি ধৰিলে। তন্দুৰী চিকেন ইয়াত নাইচোন!!! ক’ত যে কিবোৰ মনত পৰে নহয়! এই দুৰ্যোগৰ সময়তো মনটো উৰা মাৰিলে কেইদিনমানৰ আগৰ গধুলি এটালৈ।
ফুড এক্সৰ সন্মুখত বাইকখন ৰখাইছোঁ। ঋতু আমন-জিমনকৈ ৰৈ আছে দোকানৰ সন্মুখত।
: কি হ’ল, বন্ধু? মই সুধিলোঁ।
: এইখনৰ কাৰণেই মাৰি গৈছোঁ দোষ্ট। জিভাখন দেখুৱাই সি ক’লে। এইফালে আহিছিলোঁ কাম এটাত। লাগি গ’ল নহয় লোভটো। মাৰি দিলোঁ হাফ চিকেন তন্দুৰী। পেট দেখিছা? তথাপিও লাজ নাইহে। নিজৰ পেটটো দেখুৱাই ঋতুৱে ক’লে।
: তাকেইতো কি যে হ’ব নহয় আমাৰ। তাৰ কথাষাৰ সমৰ্থন কৰিয়েই মোৰ কাৰণে হাফ তন্দুৰীৰ অৰ্ডাৰটো দিলোঁ।
: এতিয়া ১৯০০কেলৰিৰে আৰম্ভ কৰিছোঁ। লাহে লাহে আৰু কমাব লাগিব। ডায়েটিছিয়ানৰ কথাত আকৌ বাস্তবলৈ ঘূৰি আহিলোঁ। মই একো নামাতিলোঁ।
বাহিৰ ওলাইয়ে পোনেপোনে ছয়মাইলৰ বাটালৈ গ’লোঁ। জোতা এযোৰ লাগেই আৰু! কাইলৈৰ পৰা আৰম্ভ কৰি দিব লাগিব।
পুৱা ৫বজাতে এলাৰ্ম দি উঠি জোতা পিন্ধি বাহিৰ ওলালোঁ মই আৰু মোৰ পেট। মোৰ অলপ আগে আগে নাচি-বাগি পেটটোৱেও আগুৱাবলৈ ধৰিল।
নিয়মিতভাবে খোজকঢ়া চলি থাকিল। লাহে লাহে জগিঙৰ ফালে আগুৱালোঁ। শৈশৱৰ মইটোক ক’ৰবাত যেন ঘূৰাই পালোঁ। কাণত বতাহৰ শব্দ। আহ! এনেকৈয়েতো চেঁকুৰিছিলোঁ, খেলিছিলোঁ। লাহে লাহে পাচদিনা আকৌ দৌৰিবলৈ যেন আগ্ৰহেৰে ৰৈ থকা হ’লোঁ। অৱশ্যে এটা কথা সঁচা যে প্ৰথম অৱস্থাত “ভলিনিজেল” যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰিবলগীয়াত পৰিছিলোঁ। “অকব”ত প্ৰকাশ পোৱা ডাঃ ভূপেন্দ্ৰ শইকীয়া ডাঙৰীয়াৰ এটা প্ৰবন্ধই মোক বহুত উপকৃত কৰিলে। তেখেতে তাত লেখিছিল যে পুৰুষে দৈনিক খাদ্য ১৫০০কেলৰিলৈকে কমাব পাৰে ক্ষীণোৱাৰ প্ৰয়োজনত। কেলৰি কনচিয়াছ হ’বলৈ শিকিলোঁ মই। হে হৰি, আগতেচোন দৈনিক৩-৪হাজাৰ কেলৰি খাদ্য খাইছিলোঁ!!! য’ত নেকি এজন সুস্থ মানুহে দৈনিক ২০০০ৰ পৰা ২৪০০কেলৰি খাদ্যহে খাব লাগে। এতিয়া ভাবি আচৰিত হওঁ। ফলো পাবলৈ আৰম্ভ কৰিলোঁ। উৎসাহী হৈ ইতিমধ্যেই কিনি আনিছোঁ ওজন জোখা মেছিন এটাও।
পেণ্ট ঢিলা হৈ আহিবলৈ ধৰিলে। এটা কথা ঠিক বুজি পালোঁ যে লোভ আৰু এলাহ এৰিব পাৰিলে ক্ষীণোৱাটো সম্ভব। খুব ধীৰে ধীৰে পেণ্টবোৰ পাইজামালৈ ৰূপান্তৰ হ’ব ধৰিলে। আগতে পিন্ধিছিলোঁ ৪০ইঞ্চি। লাহে লাহে চাইজ ৩৮লৈ নামিল। ৩৮ৰ পৰা৩৬। বৰ্তমান পেণ্টৰ চাইজ ৩৪ আৰু ওজন ৭৪ কেজি। কিন্তু দুটা নতুন সমস্যাই গা কৰি উঠিল।
প্ৰথমটো হৈছে কাপোৰৰ অভাব। মাত্ৰ কেইমাহমানৰ ভিতৰতে মোৰ প্ৰায় সকলো প্ৰিয় পোচাক পিন্ধিব নোৱাৰা হৈ পৰিল। পেণ্টৰ কথাটো কৈছোৱেই। চাৰ্টৰ ক্ষেত্ৰটো একেই অৱস্থা। যোৱাটো ব’হাগ বিহুত কিনা চাৰ্ট জাপৰ পৰা ওলোৱাৰ আগতেই মোক টাটা বাইবাই কৰিলে। ডবল এক্সএল চাৰ্টৰ পৰা চাইজ বৰ্তমান “এল”লৈ পৰিবৰ্তন হৈছেগৈ। কিমানত ৰওঁগৈ বা! সেয়ে এটা চাইজৰ পেণ্ট বা চাৰ্ট দুটাতকৈ বেছি কিনিবলৈ এতিয়াও সাহস কৰা নাই।
দ্বিতীয়টো হৈছে বন্ধুবৰ্গৰ মন্তব্যৰ চোক। এজনে এদিন সুধিছে ফোনতে –
: হৌৰা! তুমি বোলে লালুকীটোৰ নিচিনা হৈ গৈছা দিনক দিনে। মোক অমুকে কৈছে নহয়।
আন এজনে এদিন বাটত লগ পাই কৈছে –
: তমুকে ঠিকেই কৈছিল, তুমি গৰৈ মাছ এটাৰ দৰে হৈ গৈছাদেই দিনে দিনে।
: ইমান দিনে “মহিলা” কমনকাৰ্প মাছ এজনীৰ দৰেই আছিলোঁ দেখোন!!! ইমান ভাল দেখিছিলা নে তেতিয়া? হাঁহি হাঁহি মই সোধোঁ।
: নাই অ’ এনেকুৱা চেহেৰাত তোমাক দেখাই নাই নহয়। মুখৰ গ্ল’ও কমি গৈছে তোমাৰ।
আচলতে মোচ থকা মানুহ এজনে হঠাৎ মোচ খুৰাই দিলে যেনেকৈ আনে ভাল নেদেখে, মোকো এই চেহেৰাত হজম কৰোঁতে পুৰণি চিনাকী ৰাইজে সময় লৈছে। মই বুজিছোঁ। অৱশ্যে কিছুমান আমোদজনক অভিজ্ঞতাও নোহোৱা নহয়দেই! বহু ক্লায়েণ্টৰ লগত এতিয়া মাৰ্কেটতকৈ বেছি বৰ্ণনা কৰিবলগীয়া হয় মই কেনেকৈ ২৪-২৫কিলো ওজন কমালোঁ।
এদিনৰ কথা। ৰাতিপুৱা দৌৰি আছোঁ। সদায় বাটত লগ পোৱা অথচ মাত নিদিয়া শকত মহিলা এগৰাকীয়ে মোক ৰ’বলৈ ইংগিত দিলে। মই ৰ’লোঁ। অলপ হেনা-হুঁচা কৰি তেওঁ সুধিলে –
: এই যে কাঠীডাল লৈ আছে, এইডাল কিয় লৈছেনো?
মই নিজৰ হাতৰ এছাৰিডাললৈ চালোঁ।
: এইডালৰ কথা সুধিছে? এইডাল কুকুৰ খেদিবলৈ। কেইটামানৰ লগত বন্ধুত্ব অলপ বেছিয়েই হ’ল, গালৈকে জঁপিয়াব খোজে। মই ক’লোঁ।
: অ’ মই আকৌ ক্ষীণাবলৈ কিবা বিশেষ কাঠী লৈছে বুলিহে ভাবিছিলোঁ। আপুনি যেনেকৈ ক্ষীণাইছে তাক দেখি ভাবিছিলোঁ ময়ো এনে এডাল লওঁ বুলি! ক’ত পাই তাকে সুধিবলৈকে আপোনাক ৰখালোঁ। বেয়া নাপাব। হাঁহি হাঁহি তেখেতে ক’লে।
কৃষ্ণ!!! (কৃষ্ণ প্লাছ হ’ব নেকি বাৰু?)
(যি কথা মূল লেখাটোত কোৱা নহ’ল, তাৰে দুটা হৈছে এই কাতি মাহত দোকানৰ হাঁহকেইটাই মোক যেন তিত্কাৰী মাৰি মাৰি হাঁহে আৰু বেলতলাৰ বজাৰত পাচলি কিনিবলৈ যাওঁতে গাহৰিৰ বজাৰখনৰ ফালে চাব পৰাকৈ মানসিক শক্তি মই এতিয়াও আহৰণ কৰিব পৰা নাই। কি যে হ’ব নহয়! নেপথ্য সংগীত: ভৰি পিচল খালে খামোচিবা, মন পিচলিলে………………………..)