ক্ৰীমেৰে মূর্গীৰ মাংস ( বাটাৰ চিকেন মচলা) (তিৰুজ্যোতি বৰা দাস)

উপকৰণ
১. আধা কেজি হাড় নথকা মূর্গী মাংস
২. ক্ৰীম ২৬০ মি.লি.
৩.নিমখ
৪. গৰম মচলা
৫. জিৰা গুড়ি আধা চামুচ
৬.ধনীয়া গুড়ি আধা চামুচ
৭. পিয়াজ ডাঙৰ এটা
৮. বিলাহী ৪টা বা বিলাহীৰ ৰসৰ পেকেট ২০০ মি.লি
৯.এখিলা তেজপাত
১০. কেচা জলকীয়া
১১. হালধি
১২. এখুদমান চেনী
১৩. আদা নহৰুৰ পেষ্ট
১৪. দৈ ৭ চামুচ মান
১৫. দুটা লং আৰু দুটা ইলাচি

প্ৰণালী: মাংসখিনি মজলীয়া আকাৰত কাটি ধুই লৈ তাত প্ৰথমে হালধি , আদা নহৰুৰ পেষ্ট, গৰম মচলাৰ গুড়ি, ধনীয়া, জিৰা, দৈৰে ভালকৈ সানি লওক । মনত ৰাখিব প্ৰতিটো বস্তু এবাৰত এটাকৈ মিহলোৱা ভাল, একেবাৰে গোটেইবোৰ ঢালি দিয়াতকৈ। ৰাতিটো ফ্ৰিজত থৈ দিয়ক। পুৱা মাংখিনি আন্দাজ অনুসৰি নিমখ সানি লওক। কেৰাহী বা তাৱা এখনত তেলত প্ৰথমে মাংসখিনি ভাজি পাত্ৰ এটাত উঠাই লব। আন এখন কেৰাহীত তেল লওক দুচামুচমান। তেল গৰম হোৱাৰ পিছত তাতে তেজপাতখিলা দি দুটা ইলাচী, দুটা লং দিয়ক। পিয়াঁজটো খুব মিহিকৈ কাটি লৈ তেলখিনিত দিয়ক। গোলাপী ৰং হোৱাকৈ ভাজক। হালধী আৰু এখুদমান চেনী দিয়ক । পিয়াজ গোলাপী ৰঙী হ’লে তাত ক্ৰীম আৰ বিলাহীৰ পেষ্ট খিনি একেলগে ঢালি দিয়ক । বিলাহীকেইটা মিক্সিত দি পেষ্ট বনাব নহ’লে বজাৰৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰে। জুই কমাই দি ঢাকোন দিন কেৰাহীত । মাজে মাজে হেতাৰে লৰাব। যেতিয়া ওপৰত ক্ৰীম ৰ তেল উঠি আহিব তেতিয়া মাংসখিনি দি কেঁচা জলকীয়া দি ঢাকোন মাৰি দিব। বেছি ডাঠ হ’লে সামান্য পানী দিব। নিমখ আৰু চেনী দিব অলপ সোৱাদ অনুযায়ী। ৭ মিনিট মানৰ পিছত চাব আৰু ৰন্ধা হ’লে গেছটো বন্ধ কৰি দিব।

 

————————————————————-
সাহিত্য.অৰ্গৰ “খাদ্য-বিশেষ” সংখ্যাৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে তথা দেশৰ আইন-কানুন ভংগ নহ’বলৈ তলৰ কথা কেইষাৰ বিধিসন্মত সতৰ্কীকৰণ হিচাপে অনুগ্ৰহ কৰি মন কৰিব।

ছাগলী কিনোঁতে খাদ্য-পৰিদৰ্শকৰ মোহৰ মৰা আছে নে চাই ল’ব। গাহৰি কিনোঁতেও একেদৰে খাদ্য-পৰিদৰ্শকৰ মোহৰ চোৱাটো আৱশ্যক। লগতে বয়সটোও। লাইচেন্স নথকা দোকানৰপৰা গৰু-গাহৰি-ছাগলী-মূৰ্গী একো নিকিনিব। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। দোকানৰ পৰা ৰিচিপি ৰান্ধিবলৈ কিনা যিকোনো বস্তুৰ বাবেই কেশ্ব-মেমো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কোনো ৰিচিপিৰ বাবে বস্তু যোগাৰ কৰোঁতেই  বিভিন্ন আইন ভংগ কৰা হয়, সেয়ে সম্পাদকৰ ফালৰপৰা এই বিধিসন্মত সতৰ্কীকৰণ যোগ কৰি দিয়া হ’ল। এই ৰিচিপিবোৰ চেষ্টা কৰিবলৈ গৈ কোনো ব্যক্তি আইনমতে দোষী সাব্যস্ত হ’লে তাৰ বাবে সাহিত্য.অৰ্গক দায়বদ্ধ কৰিব নোৱাৰিব।
—————————————————————

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!