খাঁটি গৰুৰ ঘিঁউৰে ৰন্ধা গাহৰিৰ মঙহ (কৌশিক দাস)

 

 

 

 

 

 

 

 

 

উপকৰণ:

১. ১ কিলোগ্ৰাম গাহৰিৰ মাংস

২. ২ চামোচ গৰু-ঘিঁউ

৩. দুখন ডাঙৰ তেজপাত

৪. ২৫০ গ্ৰাম পিয়াঁজ

৫. নিমখ

৬. ১ ইঞ্চি আদা

৭. ১টা গোটা নহৰু

৮. এচামোচ হালধী

৯. এচামোচ (সৰু) চেনী

১০. আধা চামোচ (সৰু) জালুক

 

প্ৰস্তুত প্ৰণালী:

১. মোবাইলটোৰ চুইছ অফ কৰি লওক। মজলীয়া আকাৰত কাটি লোৱা ১ কিলোগ্ৰাম গাহৰিৰ মাংস বহল কাঁহী এখনত মেলি থওক। মন কৰিব, তাত যেন অতিৰিক্ত পানী নেথাকে। পানী থাকিলে আঞ্জাখন খাব পাৰিব, কিন্তু আচল মজাটো একেবাৰেই নেপাব।

২. প্ৰেচাৰ কুকাৰ (৫ লিটাৰ) এটা জুইত ওপৰত বহাই, তাত ডাঙৰ চামোচেৰে ২ চামোচ গৰু-ঘিঁউ দিয়ক।

৩. ঘিউখিনি গৰম হলে তাত দুখন ডাঙৰ তেজপাত দিয়ক।

৪. ৮-১০ চেকেণ্ডৰ পাছত ডাঙৰ ডাঙৰকৈ কাটি লোৱা পিয়াঁজ (২৫০ গ্ৰাম) তাত ঢালি, নিমখ (নিজৰ স্বাদ অনুযায়ী), মিহিকৈ বটি থোৱা আদা-নহৰু (১ ইঞ্চি আদা + ১টা গোটা নহৰু), সৰু চামোচৰে এচামোচ হালধী আৰু সৰু চামোচৰে এচামোচ চেনী দিয়ক। আধা চামোচ (সৰু) জালুকো দিব পাৰে।

৫. ২ মিনিটমান কম তাপত ভাজি, মাংসখিনি ঢালি দিয়ক। ৫ মিনিটমান ভাজক।

৬. ঢাকোন মাৰি দিয়ক। তাপ একেবাৰেই কমাই, ফেইছবুকত কিবা আপডেট আহিছে নে কি, চাই লওক।

৭. হুইচেল মাৰোঁ মাৰোঁ হওঁতেই অতি সাবধানে প্ৰেচাৰখিনি ৰিলিজ কৰি দিয়ক। লাহে লাহে ঢাকোনখন খোলক।

৮. ডাঙৰ আকাৰৰ ৩-টা আলু (ডাঙৰকৈ কটা) কুকাৰত দিয়ক। ৫০ গ্ৰাম বটি থোৱা কাজু যোগ দিয়ক।

৯. কম তাপত প্ৰায় শুকাই যোৱাকৈ ভাজক।

১০. এমুঠি ধনীয়া (ডাঙৰ-ডাঙৰকৈ কুটা) তাত দি, ততাতৈয়াকৈ এবাৰ লৰাই, ৩ কাপ পানী ঢালি উতলিবলৈ দিয়ক।

১১. পানী অলপ কমিলে, ফিটাপেলুক দুটামান শক্তিশালী গালি দি, ২টা হুইচেল (বেছি তাপত) মাৰিবলৈ দিয়ক।

১২. কুকাৰটো খুলিব পৰা হলে, কেমেৰাটো ৰেডি কৰক। তপতে তপতে ফটো ফেইছবুকত আপলোড কৰি, ধীৰে-সুস্থিৰে খাবলৈ বহক।

 

————————————————————-
সাহিত্য.অৰ্গৰ “খাদ্য-বিশেষ” সংখ্যাৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে তথা দেশৰ আইন-কানুন ভংগ নহ’বলৈ তলৰ কথা কেইষাৰ বিধিসন্মত সতৰ্কীকৰণ হিচাপে অনুগ্ৰহ কৰি মন কৰিব।

ছাগলী কিনোঁতে খাদ্য-পৰিদৰ্শকৰ মোহৰ মৰা আছে নে চাই ল’ব। গাহৰি কিনোঁতেও একেদৰে খাদ্য-পৰিদৰ্শকৰ মোহৰ চোৱাটো আৱশ্যক। লগতে বয়সটোও। লাইচেন্স নথকা দোকানৰপৰা গৰু-গাহৰি-ছাগলী-মূৰ্গী একো নিকিনিব। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। দোকানৰ পৰা ৰিচিপি ৰান্ধিবলৈ কিনা যিকোনো বস্তুৰ বাবেই কেশ্ব-মেমো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কোনো ৰিচিপিৰ বাবে বস্তু যোগাৰ কৰোঁতেই  বিভিন্ন আইন ভংগ কৰা হয়, সেয়ে সম্পাদকৰ ফালৰপৰা এই বিধিসন্মত সতৰ্কীকৰণ যোগ কৰি দিয়া হ’ল। এই ৰিচিপিবোৰ চেষ্টা কৰিবলৈ গৈ কোনো ব্যক্তি আইনমতে দোষী সাব্যস্ত হ’লে তাৰ বাবে সাহিত্য.অৰ্গক দায়বদ্ধ কৰিব নোৱাৰিব।
—————————————————————

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!