খেৰ ( পৰাগ পিংকু )

Kher_Parag Pinku

খেৰ বোৰতো খেৰ নাছিল
আগতে ধানেই আছিল
পথাৰত নৰা থাকে
গুটি লৈ ঘৰলৈ খেৰবোৰ আহে
ধানবোৰ চোতালতে পমে
আধা নিয়ে মহাজনে
আধা খাই ধাৰে
আমালৈ খেৰবোৰ থাকে
ৰ’দঘাই চোতালত ওমলা খেৰ৷

আমালৈ খেৰবোৰ থাকিল
তাতে বহি জাৰৰ আবেলিত
ৰবাব এটা কাটি
পৃথিৰীৰ টেঙা মিঠাৰ
হিচাব সামৰোঁ
টেঙাবোৰ লোন জলকীয়াৰ সতে টেঙা হৈ থাকিল
মিঠাবোৰ কুঁহিপাঠৰ পাতে পাতে বিয়পি বিয়পি
সোনৰ কণী পৰা হাঁহজনী জগিল৷

আমাৰ জাৰ কাপোৰ নাই
চেঁচা বাঁহৰ মুঢ়া
ফু দিলে নজ্বলা
খেৰ আন
খেৰ দি জ্বলা৷

দীন হীন পঁজা বোৰত
জাৰৰ গধুলা বেলা
কানে মুৰে মাৰ্ফলাৰ ভৰি সেঙেতা
তাতে থাকে নজ্বলা জুই একুৰা
খেৰ দি জ্বলা৷

খেৰ দিলে দপদপাই
তাপ দিয়া জুইকুৰাই
চিলিম জ্বলাই জ্বলাই সাধু শুনোৱা
বাপৰো বাপ হেন
পকা চুলিৰ মানুহবোৰ টানে৷

মনত পৰেনে
এমুৰে জুই লগা খেৰদালত হোপা দিলে
ডেকা ল’ৰাই খোৱাৰ দৰে বিড়ী এটা হয়
কোনেও গমেই নলয়
এমুখ ধোঁৱা গোটাই
ফু কৰি এৰি দিলে
কাহ এটা আহে
তথাপিও ভালেই লাগে
এদিন এটা বাঘ ঢকাই
কাহ এটাৰ সতে আমেজ কাঢ়ে৷

তিনিমুঠি খেৰেৰে শোতা এটা বান্ধি
আয়ে ভিতৰ সাৰে
তিনিদাল খেৰেৰে পানী কটাই গা ধুই
বগী পেহীয়ে দৰা এটা পালে৷

জীয়া তিৰোতাৰ লাজ কঢ়া মানুহে
দেৱীৰ ৰূপ অঁকা খেৰৰ পুতলাৰ আগত আঠু লৈ
পাপ ধোৱা দেখিছো
খেৰ ধোৱা পানীকে
মুৰত লোৱাও শুনিছো৷

কীৰণ আইতাৰ খেৰ দিয়া শোৱা চাং
তাৰ তলতে কতগাল কঠাল পকে৷

বাৰ বছৰ আগতে হেৰাই যোৱা
চেনেহৰ প্ৰমোদ ককাইদেউ নাহিল
খেৰৰ জুমুঠিৰেই চুৱা ছাঁই গুছিল৷

মানুহ শুকালে হাড় ওলাই
ধাননী শুকালে খেৰ
মানুহ জ্বলিলে বুকু ভাগে
জ্বলা খেৰে বুকু তাপে৷

আমাৰ জাৰ কাপোৰ নাই
খেৰতে উম পায়
খেৰ হেন বিলায়৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!