ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

খৰিকটীয়াৰ কাহিনী (হৃষীৰাজ শৰ্মা)

ৰাইজ, আপনালোকে খৰিকটীয়া আৰু জলদেৱতাৰ কাহিনীটো শুনিছিল? এই কাহিনীটো খতম হৈছিল এনে এটা মেৰপাকত য’ত ৰজাই নিজৰ আপীটোক খৰিকটীয়াৰ লগত বিয়া দি তাক অৰ্দ্ধ ৰাজ্য দান দিছিল| তাৰ পাছত কি হ’ল আমি তো নাজনো, হয়না?

তাৰ পিছৰ খিনি শুনক তেনেহলি:
খৰিকটীয়াই তিৰিটোৰ লগত হানিমুন কৰবা গোৱাক গেল| দুয়োটা সাগৰৰ পাৰত বহি আছে, গোৱাৰ বীচ্ছত খেলি আছে, একদম প্ৰেম লীলাত মগন| এনে সুখৰ মুহুৰ্তত খৰিকটীয়াৰ তিৰিটো পিছাল খাই সাগৰৰ পানীত পৰিল, আৰু তাইক সাগৰৰ ঢৌৱে অ’তে লৈ গেল| এফালে তিৰিটো হাৰো দেখি খৰিকটীয়াই বালাত বাগৰি বাগৰি কান্দবা ধল্লাক|তাৰ কান্দান শুনি পানিৰ পে জলকোঁৱৰ উঠি আইহলাক| আহি দেখে যি এটোৱেই সেই বিখ্যাত খৰিকটীয়া, যাৰ সততাত খোদ জলকোঁৱৰেও ধোখা খাই গেইছিল আৰু তাক এখানৰ জাগাত তিনখান কুঠাৰ উপহাৰ দিছিল| গতিকে ইবাৰো নিশ্চয় খৰিকটীয়াৰ কিবা অথন্তৰ হৈছি, গতিকে জলকোঁৱৰে তাক সহায় কৰবাক লাগি পানীৰ তলৰ পে উপৰক লাগি উঠি আহিল আৰু কি হৈছি সুধলাক| তিথেন, খৰিকটীয়াই গোটাই ঘটনাটো আদ্যোপান্ত বিবৰি কলাক আৰু তাৰ মুখৰ পে এই দুঃখলাগা কাহিনী শুনি জলকোঁৱৰে পানীৰ তলৰ পে খৰিকটীয়াৰ তিৰিটোক উঠে আনিম বুলি বচন দিলাক আৰু তেওঁ পানীৰ তলক লাগি ডুব দিলাক|জলকোঁৱৰে যিথেন পানীৰ তলক লাগি যাই আছিল, তেওঁ ভাবলাক, যে এই নৰমনুস্য খৰিকটীয়াটো আগৰ নিচনা ভাল মানুহ হৈ আছে না নাই, তাৰ তো একো গ্যাৰান্টি নাই, গতিকে তাৰ এটা প্ৰিলিমিনেৰি টেস্ট লো যাওক, যদি আগৰ দৰে ভাল মানুহ হৈ আছে, তিথেন তাক সহায় কৰিম, নহলি নকৰো|গতিকে জলকোঁৱৰে এটা বুদ্ধি কল্লাক, পানীৰ পে প্ৰথমে ঐশ্বৰ্য্য ৰায়ক উঠে আনলাক আৰু খৰিকটীয়াক সুধলাক

— এটো তোৰ তিৰি নেকি এ?

খৰিকটীয়া —  হয়, হয়, এটোৱেই মোৰ তিৰি প্ৰভু, কৃপা কৰি মোৰ তিৰিটো মোক দিয়ক, ঘৰক যাও, আৰ কহয়ো হানিমুন নকৰো|

জলকোঁৱৰ — মনুস্যজাতৰ এনেহেন অধঃপতন হ’ব বুলি মইৰ কিত্তেও ভাবা নাছিলো| তই তো ইমান সত্‍ পুৰুষ আছিলি, আজি ঐশ্বৰ্য্যক দেখি নিজৰ তিৰিটোকে পাহেৰি গেলি? এই সততাৰ মূল্য?

খৰিকটীয়া — ঐ জলকোঁৱৰ, বেছি ডায়লগ নামাৰবো| ঐশ্বৰ্য্য মোৰ তিৰি নহয় বুলি কলি আপনি কেটৰিনাক উঠে আনবো, কেটৰিনা নহয় বুলি কলি মোক সত্যবান আখ্যা দি তিনিওজনীকে মোৰ হাতত অৰ্পণ কৰবো, যেনেকে আপনি লোহাৰ কুঠাৰ, ৰূপাৰ কুঠাৰ আৰু সোণাৰ কুঠাৰ মোক উপহাৰ দিছিল| তিনখান কুঠাৰ হেন্ডেল কৰবা পাৰিম, কিন্তু প্ৰভু তিনিজনী ঘৈনী মই হেন নৰমনিচে কেনেকে হেন্ডেল কৰো, আপনিয়েই কওঁকচোন? তাতে ভুতৰ উপৰত দানহ পৰা দি দুজনী হৈছি হিন্দী চিনেমাৰ নায়িকা| তান্থৰ অৰ্ডাৰ শুনি থাকোতে আৰু আব্দাৰ ধৰি থাকোতেই মোৰ জীৱন যাব| গতিকে প্ৰভু দায় দোষ নধৰবো, মইশ ঐশ্বৰ্য্যকে লৈ যাও দিয়ক, এট লিস্ট, চ’চাইটিত মোৰো অলপ চলপ গ্লেমাৰ হ’ব|

জলকোঁৱৰ — তোমাৰ কথা শুনি মই প্ৰসন্ন হ’লো, তথাস্তু.!

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!