গঁড়হত্যা, চিকাৰীৰ পোছাক পৰিধান আৰু কিছু চিন্তন(-কামাল আজাদ)
২০১১ চনৰ ১২ জানুৱাৰীৰ ঘটনা| ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘ গণণাৰ বাবে বহুওৱা কেমেৰাবোৰ পৰ্যবেক্ষণ কৰিবলৈ গৈছিলো| অত্যোত্সাহৰ বাবে কেতিয়াবা আমি যথাস্থানতে কেমেৰাৰ পৰা মেমৰি কাৰ্ডখন উলিয়াই পৰীক্ষা কৰি চাও| কিন্তু সিদিনাৰ অভিজ্ঞতা কিছু বেলেগ আছিল| মেমৰি কাৰ্ডখন লেপটপত ভৰাই চকিত হৈ পৰিছিলো| ৫ জানুৱাৰীৰ নিশা ১:১৫ বজাত দুটা বাঘৰ ফটো আহিছিল আৰু তাৰ ঠিক ১৫ মিনিট পিছতেই তিনিজন চোৰাংচিকাৰীৰ ফটো আহিছিল| পিছলৈ ভাৰপ্ৰাপ্ত DFO জনে যথোচিত পদক্ষেপ গ্ৰহণ কৰি চিকাৰীকেইজনক গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হৈছিল|
কিন্তু মই বেচিকৈ আচৰিত হৈছিলো চিকাৰীকেইজনে পৰিধান কৰা পোছাকৰ ওপৰত| তিনিজনৰ এজনে পৰিধান কৰা পেন্ট, জেকেট আনকি মূৰৰ টুপী পৰ্যন্ত সকলোবোৰ উজ্বল ৰঙা ৰঙৰ আছিল, আন এজনে ৰঙা ৰঙৰ পেন্ট পৰিধান কৰিছিল| ফটোকেইখন লেপটপৰ মনিটৰত লৈ বিভিন্ন কাৰণবশতঃ বহু ঘন্টাধৰি নিৰীক্ষণ কৰিবলগীয়া হৈছিল| মোৰ পিছপিনে আমাৰ দলটোৰ প্ৰতিজন সদস্য আৰু দুই এজন বনকৰ্মীয়েও ভিৰ লগাইছিল, চিকাৰীকেইজনক চোৱাৰ হেপাহত| “চিকাৰীকেইজনে বাৰু কিয় ৰঙা ৰঙৰ পোছাক পৰিধান কৰিছে?” কোনো কাৰণ নহোৱাকৈ স্বতঃস্ফুৰ্তভাৱে মোৰ মুখৰ পৰা বাক্যসাৰ এবাৰ ওলাইছিল| হঠাত্ পিছফালৰ পৰা বনকৰ্মী এজনে মাত লগাইছিল, “ৰঙা ৰং ৰাতি চকুত নপৰে”| …হয়জানো? বনকৰ্মীজনে হয়তো তেঁওৰ উত্তৰফাঁকিৰ ওপৰত ষ্টেণ্ড দিয়াৰ বাবে আত্মবিশ্বাস গোটাব নোৱাৰি দ্বিতীয়বাৰ কোনো উত্তৰ নিদিয়াকৈ মনে মনে থাকিল| কিন্তু উত্তৰফাঁকি মোৰ মগজৰ কোনো এক গোপন কোনত খোদিত হৈ ৰ’ল| অৱশ্যে মাজেসময়ে বিষয়টো বিজ্ঞমহলত উত্থাপন নকৰা নহয়, কিন্তু প্ৰকৃত পোষকতা কাৰোপৰা পোৱা নগ’ল|
কাজিৰঙাত ১০ জুন ২০১৪ তাৰিখে বনকৰ্মীৰ হাতত এজন চোৰাংচিকাৰী নিহত হৈছিল| নিহত চোৰাংচিকাৰীজনেও ৰঙা ৰঙৰ পেন্ট পৰিধান কৰি আহিছিল| দুবছৰ আগতে খোদিত হৈ থকা বনকৰ্মীজনৰ উত্তৰফাঁকি মোৰ মগজৰ গোপন কোনৰ পৰা পুনৰ জাগ্ৰত হৈ উঠিল| বিষয়টোৰ ওপৰত কিছু তথ্য যোগাৰ কৰি দেখিলো বনকৰ্মীজনৰ উত্তৰফাঁকিত কিছুমান দৃঢ় বিজ্ঞানসন্মত যুক্তি নহোৱা নহয়|
বিঞ্জানত “পাৰকিঞ্জ ইফেক্ট” বোলা এটা তত্ত্ব আছে| এই তত্ত্বমতে মানুহৰ চকুৰ সংবেদনশীলতা পোহৰৰ তীব্ৰতা অনুযায়ী সলনি হয়| উদাহৰণ স্বৰূপে, ৰঙা গোলাপৰ পাহিবোৰ স্পষ্ট সূৰ্য্যৰ পোহৰত উজ্ব্ল ৰঙা দেখি আৰু নিশা ফৰকাল আকাশৰ তৰা অথবা চন্দ্ৰৰ (পূৰ্ণিমা) ধূসৰ পোহৰত ক’লা দেখি| মানুহৰ চকুৰ ৰেটিনাত “ক’ণ চেল” আৰু “ৰ’ড চেল” বোলা দুবিধ কোষ থাকে| “ক’ণ চেল” বোৰে দিনৰ উজ্ব্ল পোহৰত কাৰ্য্য কৰে আৰু “ৰ’ড চেল” বোৰে ৰাতিৰ ধূসৰ পোহৰত কাৰ্য্য কৰে| “ৰ’ড চেল”ৰ বিসংগতিৰ বাবেই কুকুৰীক’ণা ৰোগ হোৱা দেখা যায়| পোহৰৰ বৰ্ণালীৰ চুটি তৰংগ দৈৰ্ঘ্যৰ সেউজিয়া-নীলা (৪৯৮ নেন’মিটাৰ) ৰঙৰ পিনে “ৰ’ড চেল”ৰ সংবেদনশীলতা অধিক আনহাতে দীঘল তৰংগ দৈৰ্ঘ্যৰ ৰঙা (৬৪০ নেন’মিটাৰ) ৰঙৰ পিনে “ৰ’ড চেল”ৰ সংবেদনশীলতা হ্ৰাস পায় আৰু ক্ৰমান্বয়ে তাতোধিক তৰংগ দৈৰ্ঘ্যৰ ৰংবোৰ অদৃশ্য হৈ পৰে|
এই তত্ত্ব বুজাৰ পিছত চোৰাংচিকাৰীবোৰে কিয় ৰঙা ৰঙৰ পোছাক পৰিধান কৰিছিল তাৰ কাৰণ বুজিবলৈ আৰু একো বাকী নৰ’ল| চোৰাংচিকাৰী তথা বনকৰ্মীজনে এই জ্ঞান নিশ্চয় কিতাপ পঢ়ি আহৰণ কৰা নহয়| ৰঙা ৰঙৰ পোছাকৰ বাবে চোৰাংচিকাৰীবোৰ বনকৰ্মীৰ বাহিৰেও আন বন্য জন্তুৰ চকুত সহজে ধৰা নপৰে| এইদৰে তেঁওলোকৰ বিপদ সংকুল কু-অভিযানত কিছুহলেও সতৰ্কতা অৱলম্বন কৰিব পাৰে| তাৰোপৰি দুৰ্বল দৃষ্টিশক্তি সম্পন্ন গঁড়ৰ একেবাৰে ওচৰত গৈ তাৰ মূৰত গুলিয়ালে এটা গুলিতে গঁড়টো য্থাস্থানত বাগৰি পৰে| গতিকে চোৰাংচিকাৰীৰ বাবে তাৰ খড়্গ কাটি নিয়াটো অতি শুবিধাজনক হৈ পৰে|
এনেবোৰ কিছুমান কাৰণতেই পানীৰ তলত থকা চাবমেৰিণৰ ৰুমবোৰত, থিয়েটাৰ হল আদিত ৰঙাপোহৰৰ লাইট জ্ব্লোৱা হয়| কম পোহৰৰ বন্ধ ৰুমৰ পৰা বাহিৰৰ উজ্বল পোহৰলৈ আহিলে নতুবা বাহিৰৰ উজ্বল পোহৰৰ পৰা কম পোহৰৰ বন্ধ ৰুমলৈ আহিলে চকুৱে কিছুসময়ৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই| বস্তুবোৰ ভালকৈ নেদেখি, কিছু সময়ৰ পিছতহে বস্তুবোৰ ভালকৈ দেখিবলৈ আৰম্ভ হয়| কিন্তু ৰঙাপোহৰৰ ৰুমৰ পৰা ধূসৰ পোহৰৰ বাহিৰলৈ চাওতে চকুৱে নিয়ন্ত্ৰণ হেৰুৱাবলগীয়া নহয়| পানীৰ তলত থকা চাবমেৰিণৰ পৰা অতি কম সময়ৰ বাবে পেৰিস্ক’প ডাল বাহিৰলৈ উলিয়াই চাৰিওপিনে চকু ফুৰাবলৈ সুবিধাজনক| তাৰোপৰি ভিতৰৰ পোহৰ ৰঙা হোৱাৰ বাবে পেৰিস্ক’পৰ মাজেৰে নিৰ্গত নূন্যতম পোহৰখিনি বাহিৰৰ শত্ৰুপক্ষৰ দৃষ্টিগোচৰ হোৱাৰো কোনো ৰিস্ক নাথাকে|
বনবিভাগে আজিৰ তাৰিখৰ আহুকলীয়া/মান্ধাতাযুগৰ ব্যৱস্থাটো বাদ দি এনে তত্ত্ব/জ্ঞানবোৰৰ ব্যৱহাৰৰ থল নথকা নহয়| ৰাতি বনশিবিৰ বোৰত ৰঙাপোহৰৰ লাইটৰ ব্যৱহাৰ, নিশা পেট্ৰলিঙত ৰঙা জেকেট আদি ব্যৱহাৰ কৰিব পৰা যায়| কিন্তু এইবোৰ পেৰেলাইছিচত ভোগা মানুহক ফুটবল খেলৰ জ্ঞানদি বিশ্বকাপত ভাগ লোৱাৰ সপোন দেখুওৱাৰ নিচিনা বচন যেনহে বোধ হয়|