গ’ল্ডেন টাইমচ, এপিয়লা চেনীবিহীন চাহ আৰু এটা ষ্পীচ্চ্ (ভাস্কৰজ্যোতি দাস)

ভাস্কৰজ্যোতি দাস

২৯ ছেপ্টেম্বৰ, ২০১২ চন। এটা কৰ্মব্যস্ত শনিবাৰ। আবেলি আমাৰ কাৰ্যালয়ৰে এজন এ.ডি.চি, ডি. এন. মৰাঙৰ পিয়নজন মোৰ ওচৰলৈ আহি ক’লেহি –“ ছাৰে আপোনাক অলপ লগ কৰিবলৈ বিচাৰিছে” । মই কিবা কামত ব্যস্ত থকাৰ বাবে কিছু পলমকৈ তেওঁৰ কোঠা পালোগৈ। তেখেতে মোক সমুখৰ মানুহজন দেখুৱাই ক’লে –“ভাস্কৰ, এখেত ভি.চি. হয়। তেখেত অলপ প্ৰব্লেমত পৰিছে। তুমি অলপ হেল্প কৰি দিয়াছোঁন।” মই মানুহজনৰ ফালে মন কৰিলো। অলপ বয়সস্থ। গহীন হাঁহি এটা মুখত লৈ তেখেতে হেণ্ডশ্চেক দিবলৈ হাতখন আগবঢ়াই নিজৰ পৰিচয়টো দিলে। ‘হেল্ল’, আই এম ৰফিকুজ জামান। ভি.চি. অব আৰ্গুকম, চিবচাগৰ।‘ ময়ো তেখেতৰ দাঙি ৰখা হাতৰ ফাঁকত নিজৰ হাতখন সুমুৱাই ৰাখি সুধিলো-হাও কেন আই হেল্প ইউ ছাৰ?  উত্তৰত তেওঁ যি কেইষাৰ কথা ক’লে তাৰ পাচতহে গম পালো যে তেওঁ এজন অসমীয়া মানুহ। “একচুৱেলি অহা ৩অক্টোবৰ তাৰিখে আৰ্গুকমৰ টেম্পৰেৰী অফিচ আৰু টেম্প’ৰেৰী চেট-আপটোৰ ইনাগ’ৰেশ্যন আছে নাট্য মন্দিৰত। চি.এম, ড’নাৰ  মিনিষ্টাৰ ঘাটোৱাৰ আৰু ষ্টেট ক’অপাৰেশ্যন মিনিষ্টাৰ চিদ্দিক আহমেদ আহিব। মোৰ ষ্পীচ্চ্‌টো অসমীয়াতে দিম বুলি ভাবিছো। কিন্তু মোৰ অসমীয়াটো বৰ ভাল নহয়। আচলতে প্ৰয়োগৰ অভাৱতহে এনে হৈছে। মৰাঙে ক’লে যে “আপোনাৰ অসমীয়াটো ভাল। সেয়ে মোৰ ষ্পীচ্চটো আপুনিয়েই প্ৰিপেয়াৰ কৰি দিব লাগিব। “ মই পলম নকৰি তেখেতক মিটেৰিয়েল বিচৰাৰ লগতে সুধিলো-“আপোনাক ষ্পীচ্চ্‌টো কেতিয়া লাগিব?” তেখেতে সিদিনাৰ ভিতৰতে পালে বেয়া নহয় বুলি কোৱাত মই তেখেতক জনালো যে ৩বজাৰ পৰা মই এখন টেন্ডাৰ কমিটিৰ মিটিঙত ব্যস্ত থাকিম। গতিকে আজি পচিবুল নহ’ব। “কোনো কথা নাই, কালিলৈ চানডে,  চ’ মোক পাৰিলে কালিলৈকে দি দিব” – সেইবুলি তেঁও এখন ভিজিটিং কাৰ্ড,  প্ৰগ্ৰামটোৰ এখন ইনভিটেশ্যন কাৰ্ড আৰু ৪-৫খিলামান কাগজ মোৰ হাতত তুলি পুণৰ ক’লে-“ইউনিভাৰ্চিটিৰ অলপ ইনফৰ্মেশ্যন থকা এটা ষ্পীচ্চ্ মই অসমীয়াতেই লিখিবলৈ চেষ্টা কৰিছিলো। কিন্তু তাতো আধাআধি ইংলিছ হৈয়ে আছে। আপোনাক দিছো। ৰেফাৰেন্স তাৰেই ল’ব পাৰিব।“ মোক তেওঁ মোৰ ম’বাইল নাম্বাৰটো খুজিলে আৰু সেইটো তেওঁ তেওঁৰ ডায়েৰী এখনত লিখি ল’লে আৰু ক’লে- “মই চাৰ্কিট হাউচতে আছো।ৰুম নাম্বাৰ টেন” ময়ো অ’.কে’. জাতীয় কিবা এটা কৈ কোঠাটোৰ পৰা ওলাই আহিলো।

আৰ্গুকম- আচাম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অব ক’অপাৰেটিভ মেনেজমেন্ট। ভাৰতবৰ্ষৰ প্ৰথমখন সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় হ’ব মোৰ গৃহ জিলা শিৱসাগৰত। ভিজিটিং কাৰ্ডখন চালো। ড০ ৰফিকুজ জামান, আই.এ.এচ.(ৰিটায়াৰ্ড), ভি.চি, আৰ্গুকম, চিবচাগৰ। মানুহজনৰ প্ৰতি মোৰ মনত জন্ম হোৱা সাধাৰণ (বা অসাধাৰণ) ভাবটোক অলপ ওপৰলৈ উঠি যাবলৈ অনুমতি দিলো। অৰ্গুকমৰ বাবে যিখিনি মাটি দিয়া হৈছে সেই মাটিখিনি শিৱসাগৰ জিলাৰ জয়সাগৰ অঞ্চলৰ ডিমৌপথাৰ গ্ৰেজিঙত অৱস্থিত। সেই গ্ৰেজিংখন বেদখল কৰি থকা কিছুলোকে বিশ্ববিদ্যালয় কতৃপক্ষক সাঙুৰি অসম চৰকাৰৰ বিপক্ষে এখন লেখ আবেদন মাননীয় গৌহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। এই সম্পৰ্কত জিলা উপায়ুক্তৰ হৈ দাখিল কৰিবলগীয়া শপতনামাৰ বাবে প্ৰয়োজনীয় দফাভিত্তিক প্ৰতিবেদন ময়েই প্ৰস্তুত কৰিছিলো বাবে মাটি বাৰী সংক্ৰান্তীয় কথাবোৰ জানো যদিও বিশ্ববিদ্যালয়খনৰ আন আন আভ্যন্তৰীন বিষয়সমুহৰ বিষয়ে মই অৱগত নহয়। শনিবাৰে নিশা তেওঁ লিখা ষ্পীচ্চটো চালো। মেটেৰিয়েল আছে ঠিকেই কিন্তু বিশেষ আকৰ্ষণীয় একো নাই। ভাবিলো, হয়তো মানুহজনৰ অসমীয়া একেবাৰে বেয়া। তাতে অসমীয়া, ইংৰাজী সকলো মিলি গোটেইখন কিবা খিচিৰিৰ দৰে হৈ আছে। ভাবিলো  তেওঁৰখনকে প্ৰথম লিখি লওঁ। অলপমান ট্ৰান্সলেট কৰিব লাগিব। তেওঁৰ ভাবটোৰ সন্দৰ্ভত কিছু ধাৰণা কৰিব পৰা যাব আৰু তাৰ পাচত সেইমৰ্মে মই যোগ-বিয়োগ  কৰি যাম। শনিবাৰে কিন্তু একো নকৰিলো আৰু শুই থাকিলো।
দেওবাৰে আগবেলা প্ৰায় ন মান বজাত এক অচিনাকী নাম্বাৰৰ পৰা এটা ফ’ন আহিল। মই হেল্ল’ বুলি কোৱাৰ পাচতে সিফালৰ পৰা এক গহীন প্ৰশ্ন আহিল। “হেল্ল’ ভাস্কৰ নহয়জানো? মই হয় বুলি কোৱাৰ লগতে সিফালৰ পৰা অহা মাতটো চিনি পালো।

“ভাস্কৰ, মই ভি.চি. জামানে ক’লো। গুড মৰ্ণিং। ব্ৰেকফাষ্ট কৰিলেনে?” মই কৰিলো বুলি কোৱাত তেখেতে দুই এষাৰ কিবাকিবি কোৱাৰ পাচতে ষ্পীচ্চটোৰ কথা সুধিলে। মোৰ তেতিয়াহে মনত পৰিল কথাটো। মই এনেয়ে ক’লো অলপ বাকী আছে বুলি। বিপাঙত পৰিলে বা বিপদ আহিলে কেতিয়াবা সম্পূৰ্ণ সঁচা কথা নকলেও চলে বুলি ভাবিলো। তেওঁ লগতে মোক জনালে যে এজ পাৰ প্ৰ’ট’কল, ষ্পীচ্চটো ৩ মিনিটৰ ভিতৰতে শেষ কৰিব লাগিব। গতিকে বেছি দীঘল হোৱাৰ প্ৰয়োজন নাই। কথাবোৰ থুলমুলকৈ ৰিফলেক্ট হ’লেই হ’ল। ময়ো ২ মান বজাত যাম বুলি কৈ কথাখিনি সিমানতে সামৰিলো।
কিছু পলমকৈ হ’লেও প্ৰায় ৩মান বজাত আৱৰ্ত ভৱন পালোগৈ। ৰুম নম্বৰ ১০টো আৱৰ্ত ভৱনৰ এটা লেখত লবলগীয়া কোঠা। শীত-তাপ নিয়ন্ত্ৰিত এই কোঠাটোৰ লগতে সংলগ্ন হৈ আছে এটা সৰু ড্ৰ’য়িংৰুম। তাতে তেওঁ মোৰ বাবে অপেক্ষাৰত। “আহক ভাস্কৰ, মই আপোনাৰ বাবেই ৰৈ আছিলো” তেখেতৰ সৰলভাবৰ কথাকেইষাৰে মোৰ মনটো বেছি সহজ কৰি পেলালে। তেওঁ  মোক বহিবলৈ দি নিজেও ড্ৰ’য়িংৰুমৰ মোৰ কাষৰে চ’ফাখনত বহি পৰিল। মই তেওঁলৈ বুলি শনিবাৰে তেওঁ দিয়া কাগজ কেইখিলা আৰু দুপৃষ্ঠাৰ এটা প্ৰিন্টেড ষ্পীচ্চ্ আগবঢ়াই দিলো। তেও ষ্পীচ্চ্‌টো নিমাতে আৰু লাহে লাহে পঢ়িবলৈ ধৰিলে। মাজে মাজে শনিবাৰে মোক দিয়া কাগজ কেইখনো লিৰিকি বিদাৰি চোৱা মন কৰিলো। এপৰত ষ্পীচ্চটো পঢ়ি শেষ কৰি মোলৈ চাই কৈ উঠিল-“এক্সেলেন্ট, দিচ্ ইজ দা পাৰফেক্ট ষ্পিচ্চ্, নাথিং ইজ লেফ্ট আউট”। ময়ো লাহেকৈ মুখখন খুলিলো- “আপুনি মোক দিয়া ষ্পীচ্চটোৰ কিছুমান কথা মই লিখাটোত নাই। অলপ  ইৰ্‌ৰিলিভেন্ট যেন লাগিল, সেয়ে” মোৰ কথাষাৰৰ উত্তৰত তেও ক’লে-“ন’ ন’ সেইবোৰৰ ফিল্ট্ৰেশ্যন ভাল হৈছে আপোনাৰ ষ্পীচ্চটোত” বুকুখন অলপ ফুলি যোৱা যেন লাগিল। বাহিৰত চিপচিপকৈ দি থকা বৰষুণজাক ক্ৰমাত বাঢ়ি অহা মন কৰিলো। তেওঁ ভিতৰৰ ৰুমটোৰ পৰা কাৰোবালৈ ফ’ন কৰিলে আৰু ওলাই আহি পুণৰ আগৰ চ’ফাটোতেই বহি পৰিল। “বৰষুণজাক আহিলেই নহয়, এনেয়ে ফ্লাড্ তাতে চিজনটো আৰু অলপ লেংদি হ’লে এফেক্টেড মানুহবোৰৰ বৰ প্ৰব্লেম হ’ব” তেওঁ কোৱা কথাষাৰত ময়ো হয়ভৰ দিলো। এইবাৰ তেঁও মোক মোৰ বিষয়ে সুধিলে। মই আৰম্ভ কৰিলো আৰু কেইষাৰমানৰ পাচতে সামৰিলো। “ভাস্কৰ, আপোনাৰ এদ্জ্যুকেশ্যন? চাবজেক্ট কি? লিটাৰেচাৰ নেকি?”  মই উত্তৰ দিলো-“নহয়, বায়’কেমিষ্ট্ৰী” আৰু দুই এষাৰ কথা পতাৰ পিচতে বিয়েৰাৰ এটাই দুকাপ চাহ লৈ আহিল। লগতে মিঠাই, চানা ইত্যাদিবোৰ। চাহকাপ মুখত দিয়েই গম পালো যে সেইকাপত চেনী নাই। মই গাখীৰ, চেনী নোহোৱা চাহ খাই বেয়া পাওঁ। হ’লেও একো নাই। মোৰ ফিলচ’ফিটো মনৰ ভিতৰতে আওৰাই চাহকাপত দুসোহামান মাৰিলো-“লাইফ ইজ নাথিং বাট এ চিৰিজ অব এদজাষ্টমেন্ট তিল দেথ” তেঁও নিজৰ বিষয়েও বহুত কিবাকিবি ক’লে। লগতে ক’লে বিশ্ববিদ্যালয়খনিৰ জন্মৰ আঁৰৰ কাহিনী, তেঁওৰ কৰ্মজীৱন, International Cooperative Alliance (ICA) ৰ Asia-Pacific ৰ মুৰব্বী Dr. Chan Ho Choi ৰ সান্নিধ্য, ২৪ চেপ্টেম্বৰৰ National Conference ইত্যাদি ইত্যাদি বহুটো কথা। এপৰত তেঁও মোক সুধিলে মোৰ হ’বিৰ কথা। মই ক’লো-“পেইন্টিং কৰি ভাল পাওঁ, গজল শুনি ভাল পাওঁ আৰু আজিকালি অলপ কিবাকিবি লিখামেলাও কৰো। “গজল! তুমি গজল শুনি ভাল পোৱা ? (মন কৰিলো যে মানুহজনৰ আপুনিটো তুমি হৈ গ’ল) ময়ো গজল বৰ ভাল পাও। কাক বেছি ফ’ল’ কৰা ?”- তেওঁৰ এই প্ৰশ্নৰ উত্তৰ হিচাবে জগজিত সিং, গোলাম আলী আৰু নতুন চামৰ ভিতৰত হৰিহৰনৰ নাম ল’লো যদিও মোৰ হট ফেভাৰিট মেহদী হাচান চাব বুলি জনালো। তেওঁ শুনি এক্সাইটেড হৈ গ’ল। “দেটচ্ এমেজিং। গ’ল্ডেন ডেইজ,  “ৰৌচন জামাল-এ-য়াৰ চে হেই অঞ্জুমন তামাম…” এইবুলি কৈ তেওঁ পিছৰ শাৰীটো মনত পেলাবলৈ কিছু ভাবি  থকা দেখি ময়ে কৈ দিলো –“দেহকা হুৱা হ্যে আতিশে গুল চে ছমন তামাম…” তেওঁ ক’লে “য়া এক্জেক্টলি” কলেজত পঢ়ি থকা দিনৰে পৰা তেওঁ গজল ভাল পায়। মাজতে তেওঁ কৈ উঠিল “ইউ চ্যুদ হেভ চম পেইন তু চ’ললি আন্ডাৰষ্টেন্ড দা পেইন ইন এ গজল” তেঁওৰ বন্ধুসুলভ ব্যবহাৰে মোক বাৰুকৈ মোহিত কৰিলে।

ডেৰঘন্টামান সময় তেনেদৰে পাৰ কৰাৰ পাচত বাহিৰলৈ মন কৰিলো। বৰষুণজাক এৰিলে। মই তেওঁক কথাৰ প্ৰসংগ সলনি কৰি সুধিলো –“আপোনাৰ আজিৰ প্লেন?”।  তেওঁ প্ৰগ্ৰামটোৰ ৰিলেটেড কিছুমান কামৰ কথা ক’লে। ময়ো ক’লো- “আপুনি আপোনাৰ কাম চলাই নিয়ক, আজিলৈ এৰো”।  তেওঁ য়া, চ্যুৰ জাতীয় কিবা এটা ক’লে আৰু ৩ অক্টোবৰৰ প্ৰগ্ৰামটোত আহিবলৈ মোক অনুৰোধ জনালে। লগতে ক’লে-“যোগাযোগ ৰাখি থাকিবা। মোক পাৰিলে মেহদী হাচান চ্চাবৰ গজলৰ ভাল কালেকশ্যন এটা বনাই দিবাছোন। চাৰি তাৰিখৰ পৰা মই ৰেন্টেড্ হাউচতে থাকিম। যেতিয়ালৈকে ইয়াত থাকো তেতিয়ালৈকে লগ পাই থাকিম। হেন্ডশ্চেক এটাৰ সঁহাৰি জনাই মই তেঁওৰপৰা বিদায় মাগিলো।

প্ৰথমে এজন অধ্যাপক, তাৰ পাচত ডক্টৰেট আৰু সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু এতিয়া এজন উপাচাৰ্য। কম অভিজ্ঞতা নাই এইজন মানুহৰ! কিন্তু জীৱনৰ ডেফিনেশ্যন ? ভোগবাদী জীৱনৰ পৰা বহু আঁতৰত থকা এনে এজন লোকৰ সৈতে কটোৱা সেই ডেৰঘন্টামান সময় হয়টো মোৰ জীৱনৰ গ’ল্ডেন টাইমবোৰৰ মাজৰে এটা।
মনত ভাব এটা আহিল- “পৃথিৱীত ভাল মানুহ হয়তো বহুত আছে”!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!