গল্ফীৰ ডায়েৰি : মৌচুমী বৰি
প্ৰকাশে বহুদিনৰ পিছত কবিতা এটা লিখিবলৈ বহিল৷ বহুত ভাবি ভাবি কাগজত আৰম্ভ কৰিলে …“সংগ্ৰামী জীৱনৰ …“…তেনেতে শ্ৰীমতীৰ প্ৰবেশ৷
“হেৰি, বজাৰলৈ ওলোৱাচোন৷ মাইনাৰ পেম্পাৰ শেষ হ’ল নহয়, কাঁহৰ ঔষধো নাই, পাচলিও নাই…ৰাতি ভাতৰ লগত খাবলৈ মাছো অলপ আনিবা হাঁ৷ এতিয়াই যোৱা, নহ’লে দেৰি হ’ব৷ “
শ্ৰীমতীৰ কথা শুনি প্ৰকাশে কাগজ কলম সামৰিলে আৰু মোনাটো লৈ বজাৰ পালেগৈ৷
ৰাতি খাই বৈ কবিতা লিখিবলৈ পুনৰ বহিল৷ লিখিলে..সংগ্ৰামী জীৱনৰ দুৱাৰদলিত…তেনেতে পুনৰ পাকঘৰ সামৰি শুবলৈ অহা শ্ৰীমতীৰ প্ৰবেশ৷
“হেৰি, গেছটো অফ কৰিবলৈ পাহৰি থাকিলোঁ নহয়, যোৱা না গেছটো অফ কৰি দিয়া৷ আহোঁতে মোলৈ পানী এগিলাছো লৈ আহিবা দেই৷ “
প্ৰকাশৰ সেইদিনা আৰু কবিতা লিখা নহ’ল৷■■