গিলাছ পিঠা — বৰ্ণালী পবিত্ৰ শৰ্মা

উপকৰণসমূহ:
১/আৰৈ চাউল চাৰিকাপ
২/নাৰিকল ৰুকা ডেৰকাপ
৩/চেনী একাপ
৪/ভজা বাদাম এমুঠি
৫/পানী আধাকাপ
৬/পৰিবেশনৰ বাবে চেৰী কেইটামান
প্ৰণালী:
চাউলখিনি ধুই তিয়াই থৈ টুকি পিঠাগুৰি খুন্দি ললো। এটা প্ৰাত্ৰত পিঠাগুৰি, নাৰিকল ৰুকা,চেনী আৰু ভাজি লোৱা বাদামৰ বাকলি এৰুৱাই তাতে ভাঙি দিলো। গোটেই খিনি খুব ভালকৈ হাতেৰে মিহি কৰি শুকানে সানিলো।এতিয়া হাতেৰে সামান্য পানি চটিয়াই সানি লৈ চাউল চলা চালনীৰে আন এটা প্ৰাত্ৰত চালি ল’লো। কুকাৰত পানী গৰম হ’ব দি চিটিটো খুলি লৈছো।
চালি লোৱা পিঠা গুৰি খিনি ডিচপ’জেবল গিলাছৰ তলত সামান্য চিদ্ৰ কৰি লৈ পিঠাগুৰিৰ মিশ্ৰণ খিনি সম্পূৰ্ণ কৈ ভৰাই তিনিটা গিলাছ ৰেদি কৰি লৈ উতলি থকা পানীৰ কুকাৰৰ চিটিৰ ঠাইত বহুৱাই দি ওপৰত এটা বাটি দি ঢাকি দিলো।তিনি চাৰিমিনিট ৰাখি অন্য এটা পুনৰ দিলো ।এনেকৈ বনাই অলপ ঠাণ্ডা হোৱাত উবুৰিয়াই উলিয়াই চেৰী ওপৰত দি পৰিবেশন কৰিলো।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!