গেছ দিয়া ফলৰ পৰা সাৱধান – অভিজিত মেধি
সৰুতে বাৰীৰ ফলমূল মোৰ বৰ প্ৰিয় আছিল৷ স্কুল ছুটীৰ পাছত ফৰ্মূটি মাৰি বা হাঁকুটী লগাই আম যোগাৰ কৰা দিনবোৰৰ মধুৰ স্মৃতি আপোনালোকৰো আছে নিশ্চয়! তাহানি বাৰীৰ আম, অমিতা, বগৰী, মধুৰি আদিৰ মূল ভক্ষক ময়ে আছিলোঁ, ভাই-ভনীকেইটাৰ কপালত ক্ষুদ্ৰ অংশ এটাহে পৰে, তাকো মোৰ দয়া ওপজিলে৷
সেইবোৰ দিন এতিয়া আৰু নাই! ছুপাৰ মাৰ্কেট গৈ ট্ৰলীখনত যেতিয়া আম কেইটামান বা অমিতা এটা ভৰাও, সিহঁতৰ মুখকেইখন দেখি ফ্লিপকাৰ্টৰ বাণিজ্যিকলৈ মনত পৰে দেখোন…এই যে সৰু সৰু লৰা-ছোৱালীয়ে পকা ডাঢ়ি-চুলি লগাই ডাঙৰৰ দৰে অভিনয় কৰে৷ ওঁঠ চেপিলে গাখীৰ ওলাব যেন লগা ছুপাৰ মাৰ্কেটৰ আমকেইটাই গহীন ভাৱত নিজৰ মৃসন হালধীয়া ৰংটো জহাই থকা দেখিলে মোৰ বাণিজ্যিকটোলৈ মনত পৰি হাঁহি উঠে৷ মুখ টিপি হাঁহি থকা মোক মাৰ্কেটৰ কৰ্মচাৰীকেইজনে অলপ ‘মেণ্টেল’ বুলিয়েই ভাবি লয় কিজানি৷
যা হওক, গেছ দি পকোৱা ফলৰ কথা আমাৰ বাবে এতিয়া আৰু নতুন নহয়৷ দিনবোৰ এনে আহিল যে অকালপক্ক ফলৰ দুগুণ আৰু প্ৰাকৃতিকভাৱে পকা ফলৰ ওপৰত ‘অৰ্গেনিক’ লেবেল লগাই চাৰিগুণ দামত বিক্ৰী কৰা হয়৷ এটা সময়ত বিনা পইছাত নিজৰ বাৰীৰ (আচল অৰ্গেনিক) ফলমূল খাই ডাঙৰ হোৱা অমিবোৰৰো এতিয়া আৰু উপায় নাই৷ কিন্তু এই কৃত্ৰিমভাৱে পকোৱা ফলমূলবোৰ আমাৰ বাবে অপকাৰী নেকি? দ’কৈ ভাবি চাওঁ আহকচোন৷
প্ৰাকৃতিকভাৱে ফল পকে ইথিলিনৰ(C2H4) প্ৰভাৱত, পুৰঠ হোৱা ফলত পকিবলৈ প্ৰয়োজনীয় জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া ইথিলিনে আৰম্ভ কৰে৷ উদ্ভিদ কলাই হৰম’ন হিচাপে উৎপন্ন কৰা প্ৰাকৃতিক ইথিলিনৰ প্ৰভাৱত ক্ল’ৰ’ফিলৰ (সেউজীয়া ৰঙৰ কাৰক) পৰিমাণ কমে, ফলৰ ভিতৰত গ্লুক’জ জমা হয়(মিঠা সোৱাদ) আৰু ফলৰ পেশীবোৰ ঢিলা হয়৷
“Natural ripening agent” বুলি জনা যোৱা ইথিলিন গেছক কৃত্ৰিমভাৱেও ফল পকাবলৈও ব্যৱহাৰ কৰিব পাৰি৷ এই প্ৰক্ৰিয়াত কেঁচা ফল ইথিলিন ‘চেম্বাৰ’ত ভৰাই, সংবেদক আহিলাৰ দ্বাৰা সঠিক ইথিলিনৰ মাত্ৰা নিৰ্ধাৰণ কৰি কম সময়ৰ ভিতৰত কৃত্ৰিমভাৱে ফল পকোৱা হয়৷ এনেকৈ পকোৱা ফল খালে আমাৰ দেহৰ ক্ষতি নহয় আৰু এই কৃত্ৰিম প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আগশাৰীৰ দেশসমূহৰ দ্বাৰা নিৰাপদ বুলি স্বীকৃত৷
কিন্তু সমস্যা হয় যেতিয়া সামান্য লাভৰ বাবে কিছু নৈতিকতাবিহীন ব্যৱসায়ীয়ে (বিশেষকৈ প্ৰগতিশীল দেশবোৰত) ইথিলিনৰ সলনি এবিধ “chemical ripening agent“ কেলচিয়াম কাৰ্বাইডৰ (CaC2) ব্যৱহাৰ কৰে৷ কেলচিয়াম কাৰ্বাইডে পানীৰ লগত বিক্ৰিয়া কৰি এচিটিলিন গেছ (C2H2) উৎপন্ন কৰে যাৰ প্ৰভাৱ ফলৰ ওপৰত প্ৰাকৃতিক হৰম’ন ইথিলিনৰ দৰে প্ৰায় একেই, কিন্তু একেধৰণে ফলপ্ৰসূ নহয়৷
CaC2 +2H2O -> C2H2 + Ca(OH)2
(বিক্ৰিয়াটো অপৰিবৰ্তনশীল)
ভাৰতকে আদি কৰি বিভিন্ন দেশত কৃত্ৰিমভাৱে ফল পকোৱাৰ ক্ষেত্ৰত কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে ইয়াৰ “carcinogenic” গুণাগুণ থকা বাবে, মানে সৰল ভাষাত ই আমাৰ দেহত কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ কাৰক হ’ব পাৰে৷ কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি পকোৱা ফল খালে হ’ব পৰা অন্য সমস্যাবোৰ হ’ল- পেটৰ অসুখ, বায়ুদোষ, মূৰৰ বিষ, গৰ্ভপাত, ছাল আৰু চকু জ্বলা-পোৰা কৰা ইত্যাদি৷ ৰাসায়নিকভাৱে যথেষ্ট সক্ৰিয় এই পদাৰ্থবিধৰ আচল ব্যৱহাৰ ৱেল্ডিংৰ কামৰ বাবেহে, কিন্তু ইথিলিনৰ তুলনাত সস্তীয়া আৰু সহজে উপলব্ধ বাবে ফল পকাবলৈ বে-আইনী হিচাপে ইয়াৰ বিস্তাৰ ব্যৱহাৰ হয়, বিশেষকৈ ভাৰত, বাংলাদেশ আৰু নেপালত৷ দুটামান পইছাৰ লোভত কিছু ব্যৱসায়ীয়ে আমাৰ দুৰ্নীতগ্ৰস্ত তথা শিথিল আইন ব্যৱস্থাৰ সুবিধা লৈ দিনক দিনে আমাক কেঞ্চাৰৰ মুখলৈ ঠেলি দি আছে, ভাবিলে ভয়লগা কথা!
কেতিয়াবা বজাৰৰ পৰা অনা আমকেইটাৰ ওপৰত বগা বগা গুড়ি দেখিছে নেকি? নতুবা ঠাৰি সেউজীয়া কিন্তু গাটো হালধীয়া কলকেইটা বজাৰৰ পৰা কিনি আনিলে নেকি? সাৱধান, হয়তো আপুনি কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰা ফল কিনি আনিছে৷ এইবিধ পদাৰ্থ ব্যৱহাৰ কৰি পকোৱা আৰু প্ৰাকৃতিকভাৱে পকা ফলৰ কিছুমান সহজে চকুত পৰা পাৰ্থ্যক্য এনে ধৰণৰ- কাৰ্বাইড ব্যৱহৃত ফলৰ বাকলি মৃসন হালধীয়া কিন্তু অনুজ্জ্বল, ফলটো বাহিৰৰ অংশত বেছি পকা কিন্তু ভিতৰে কেঁচা, এনেকুৱা ফলৰ মিঠা সোৱাদ কম আৰু সোনকালে পচিবলৈ ধৰে৷
কিছুমান সহজে অৱলম্বন কৰিব পৰা সাৱধানতা-
১) বজাৰৰ ফল সদায় কিছুদেৰি পানীত ডুবাই থৈ, ভালকৈ ধুই খাব৷ কেলচিয়াম কাৰ্বাইড বুলিয়েই নহয়, বেপাৰীয়ে ফলৰ ওপৰত প্ৰায়ে কীটনাশক দ্ৰব্যও চটিয়াই থয়৷
২) পানীত দিলে যদি ফলৰ তল অংশ ডুব নাযায়, তেন্তে সেইবিধ ফল অপুৰঠ অৱস্থাতে পকোৱা হৈছে আৰু এনেকুৱা ফলৰ ভাল গুণ তুলনামূলকভাৱে যথেষ্ট কম৷
৩) এই তিনিবিধ ফল য’তে ত’তে নিকিনিব আৰু পাৰিলে ঘৰুৱা বুলি জানিলেহে আনিব- আম, অমিতা আৰু কল৷ কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ এই তিনিবিধ ফলৰ ওপৰত বিস্তাৰ মাত্ৰাত হয়৷ ইয়াৰ উপৰিও বিলাহীৰ ক্ষেত্ৰতো ইয়াৰ বিস্তাৰ ব্যৱহাৰ হোৱা দেখা যায়৷
৪) যিমান দূৰ সম্ভৱ, বজাৰৰ ফল বাকলি গুচাই খাব৷
৫) পাৰিলে অৰ্গেনিক ফল খাওক, নিজৰ বাগিছাৰ হ’লে খুবেই ভাল৷
৬) ছুপাৰ মাৰ্কেটৰ ধুনীয়া ফল কেইবিধ দাম দি কিনাতকৈ পাৰে যদি গাঁৱৰ বজাৰত স্থানীয় লেৰেলা পৰা ফল কিনিব চেষ্টা কৰি চাব পাৰে৷
কথাখিনি বিভিন্ন উৎসৰ পৰা পঢ়ি উঠি লিখা হৈছে:
http://agritech.tnau.ac.in/horticulture/fruit_ripening.pdf
http://www.academia.edu/2321590/Eating_artificially_ripened_fruits_is_harmful
https://thelogicalindian.com/story-feed/awareness/artificial-ripening-of-fruits/
https://www.researchgate.net/publication/242554601_Artificial_Ripening_What_We_are_Eating
ছবিৰ উৎস:
https://nutritiontalk.com/