গোলাপৰ সুবাস
লেখক- যুতিকা সভাপণ্ডিত
জীৱনটো হ’ল মাথোঁ দুদিনৰ বাবে, সপোনবোৰ বৰ হেঁপাহৰ আৰু বিশ্বাস হৈছে এগছি জ্বলন্ত চাকি—!
বাস্তৱ বৰ নিষ্ঠুৰ, কেতিয়াবা হহুৱাই কেতিয়াবা কন্দুৱাই আৰু কেতিয়াবা সপোনৰ সাগৰত ডুবাই ৰৈ যায় মাথোঁ স্মৃতি আজীৱন মচিব নোৱৰাকৈ—!
প্ৰত্যেকৰে জীৱন সুকীয়া। প্ৰত্যেকৰে জীৱনত দুখ, কষ্ট, বেদনা থাকে। পাৰ্থক্য মাথোঁ এটাই যে, কোনোবাই কান্দি কান্দি প্ৰকাশ কৰে আৰু কোনোবাই হাঁহি হাঁহি লুকুৱাই ৰাখে—!
এখন সৰু চহৰলৈ বদলি হৈ আহিছিল নিশান্ত। চহৰখনৰ কাকো চিনি নাপায় সি। প্ৰথমতে সি এমাহমান হোটেলতে আছিল। হোটেলত থাকি ভালপোৱা নাছিল যদিও, উপায়ো নাছিল। সহজে ভাড়াঘৰ পোৱা নাযায়। কেতিয়াবা একোটা ঘৰ খালী হয় যদিও আকাৰত বহুত ডাঙৰ। গতিকে ভাড়াও বেছি। অকলে এটা মানুহক ইমান ডাঙৰ ঘৰ কিয়? সৰহ ভাড়াই বা দিব কৰপৰা? দৰ্মহানো পাই কেইহাজাৰ? ভাড়া বেছি দিলে সিয়েই বা চলিব কেনেকৈ? ঘৰলৈকে বা পঠাব কি? সৰু ভাড়াঘৰ এটা বিচাৰি সি চহৰখনত ঘুমটিয়াই ফুৰিব ধৰিলে।
এদিন এইদৰে নিশান্তই ভাড়াঘৰ বিচাৰি ঘূৰি ফুৰোঁতে তাৰ কলেজীয়া দিনৰ বন্ধু অংশুমানৰ ঘৰত উপস্থিত হ’লগৈ। সি কিন্তু নাজানে সেইটো অংশুমানৰ ঘৰ বুলি। এসময়ত অংশুমানৰ দেউতাকে নিশান্তৰ গৃহ জিলাত চাকৰি কৰিছিল আৰু সেই সময়তে অংশুমানে নিশান্তৰ লগত কলেজত একেলগে তিনিবছৰ পঢ়িছিল। দেউতাক বদলি হোৱাৰ লগে লগে অংশুমানে সেইখন চহৰ আৰু বন্ধুবৰ্গক এৰি আহিব লগা হৈছিল। তেতিয়াৰেপৰা সি বন্ধুবৰ্গৰ কাকো লগ পোৱা নাছিল। কিন্তু আজি দহবছৰৰ মূৰত নিশান্তক দেখিয়েই সি ঠিকেই চিনি পালে।
নিশান্তই কলিং বেলটো বজোৱাৰ লগে লগে অংশুমানে দুৱাৰখন খুলি ওলাই আহি ক’লে, কাক বিচাৰিছে বাৰু? মই ভাড়াঘৰ এটা বিচাৰি আহিছিলোঁ। আপোনালোকৰ গেটত লগাই থোৱা ঘৰ খালি হৈ থকাৰ ফলকখন দেখিয়েই সোমাই আহিলোঁ।
অংশুমানে অলপ সময় নিশান্তৰফালে চাই ক’লে, আৰে তই নিশান্ত নহয় জানো? সিও তাৰ মুখলৈ ভালকৈ চাই দেখিলে এইটো দেখোন অংশুমান। দুয়োটাই ইটোৱে সিটোক দেখি উৎফুল্ল হৈ উঠিল। অংশুমানে আহি তাক সাৱটি ধৰি ক’লে, ভিতৰলৈ সোমাই আহ। কৰপৰা ওলালিহি? নিশান্তক উত্তৰ দিবলৈ সুবিধা নিদি অংশুমানে মাক আৰু ভনীয়েকক চিঞৰি মাতিলে, মা-ভণ্টি ছোৱাহিচোন কোন আহিছে আমাৰ ঘৰলৈ।
এসময়ত অংশুমানহঁতৰ সকলোবোৰ নিশান্তহঁতৰ চহৰত আছিল যদিও সিহঁতৰ ঘৰলৈ কেতিয়াও নিশান্তৰ যোৱা হোৱা নাছিল। গতিকে অংশুমানহঁতৰ ঘৰৰ বাকীবোৰৰ লগত নিশান্তৰ চা-চিনাকিও নাছিল। অংশুমানক চিঞৰত মাক-ভনীয়েক ওলাই আহি চা-চিনাকি হৈ এনে ব্যৱহাৰ কৰিলে যে অংশুমানতকৈ তেওঁলোকহে তাৰ বেছি আপোন যেন লাগিল।
অংশুমানে মাক আৰু ভনীয়েকলৈ চাই ক’লে, এয়া মোৰ আই মাতৃ আৰু এইপাত হেনো মোৰ ভণ্টি বুজিছ। এইৰ নাম নয়না। এইবাৰ হেনো তাই নাইনত। অংশুমানে ভনীয়েকৰ চিনাকি দি নিশান্তক এইদৰে কৈ থাকোঁতে তায়ো তালৈ চাই ভুকু এটা দেখুৱাই মাকৰ পিছত লুকালেগৈ। মাকে তেতিয়া তাক ক’লে, তইনো কিয় তাইক জোকাই থাক? তাৰ কথা কোৱাৰ ভংগীত নিশান্তৰো হাঁহি উঠি গ’ল। মনে মনে ভাবিলে, তাৰো যদি ভনীয়েক এজনী থাকিলহেঁতেন! তাৰমানে অংশুমানৰ আগৰ ধেমালিয়া স্বভাৱটো এতিয়াও আছে।
অংশুমানৰ মাকে ক’লে, আমাৰ এটা ভাড়াঘৰ আছে। খালী হৈ আছে। তুমি চাই ল’ব পাৰা। বল ঘৰটো চাই আহগৈ। নিশান্তৰ ঘৰটো চাই বৰ ভাল লাগিল। একেবাৰে জোৰে-জোখে হৈছে। সি ঘৰটো পাই বৰ সকাহ পোৱাদি পাই ক’লে, তেতিয়াহলে মই কালিলৈকে ঘৰটো লমহি। তই কালিলৈ নাহিবি। মই কালিলৈ ঘৰটো চাফা কৰি থম। তই পৰহিলৈ আহিবি। নিশান্তই চাহ-জলপান খাই অংশুমানহঁতৰ পৰা বিদায় লৈ হোটেললৈ ঘূৰি আহিল।
এইখন ঠাইত ইমানবোৰ মৰম থুপ খাই আছে সেই কথা নিশান্তই কালিলৈকে জনা নাছিল। সি হোটেললৈ ঘূৰি আহি বহুত ৰাতিলৈকে তাকেই ভাবি থাকিল। অংশুমানৰ মাকজনী বৰ মৰমিয়াল আৰু নয়নাৰ নিচিনা ভনীয়েক গৌৰৱৰে কথা। অংশুমানৰ নিচিনা বন্ধু এটা পোৱাটোৱেই তাৰ ডাঙৰ সৌভাগ্য। এনেকুৱা বন্ধু কিমানে পাই সন্দেহ।
পৃথিৱীৰ তিতা সোৱাদবোৰ পাহৰাই দিব পৰা মৌচাকৰ নাম বন্ধু। বন্ধুত্বৰ প্ৰতিশ্ৰুতি নাথাকে, বন্ধুত্ব নিজেই এক প্ৰতিশ্ৰুতি। বন্ধু জীৱনৰ ছাঁ কেতিয়াও নহয়। কাৰণ ছাঁতো এন্ধাৰত আঁতৰি যায়। বন্ধু সেইজোপা বৰগছ, যি প্ৰখৰ ৰ’দতো সদায় একে ঠাইতে ৰৈ থাকে। যাতে আমাৰ মন গ’লেই তাৰ ছাঁত জিৰাব পাৰোঁ। বন্ধুৱে খোজকাঢ়ি যোৱাত সহায় নকৰে, কিন্তু উজুটি খাই পৰিলে থাপ মাৰি ধৰা প্ৰথম হাতখন বন্ধুৰেই থাকে।
এদিন সন্ধ্যালগা অংশুমানে নিশান্তক ক’লে, বল অলপ ওলাই যাওঁ। কলৈনো যাৱ। তোক মই মানুহ এঘৰৰ লগত চিনাকি কৰাই দিম ৰ।
মানুহঘৰ পায়ে অংশুমানে দুৱাৰমুখৰপৰাই চিঞৰিলে, বৰমা-বৰদেউতা আলহী এটা লৈ আহিছোঁ। ভিতৰৰপৰা মহিলা এগৰাকী ওলাই আহি সিহঁতক ভিতৰলৈ মাতি আনি বহিবলৈ দিলে। ইতিমধ্যে ভিতৰৰপৰা বৰতাকো ওলাই আহিল। অংশুমানে নিশান্তক দুয়োজনৰে লগত চিনাকি কৰাই দি ক’লে, এয়া মোৰ বৰদেউতা আৰু বৰমা। নিশান্তই থিয় হৈ নমস্কাৰ জনোৱাৰ পিছত বৰতাকে তাক সুধিলে, তোমাৰ ইয়ালৈ অহা কিমান দিন হ’ল আৰু ক’ত আছা আৰু আমাৰ ঠাইডোখৰ কেনেকুৱা লাগিছে?
এই কথাবোৰ বৰতাকে তাক সুধি থকাৰ মাজতে অংশুমানে তাক ক’লে, আমাৰ বৰতা আৰু বৰমা কিন্তু সাংঘাতিক মৰমিয়াল মানুহ বুজিছ। বৰতা আৰু বৰমাৰ মাজত সদায় প্ৰতিযোগিতা চলে, কোনে বেছি মৰম কৰিব পাৰে।
অংশুমানৰ কথাত কথা মিলাই বৰদেউতাকে নিশান্তক সুধিলে, আমাৰ এই ধুৰন্ধৰটোক চিনি পালা কেনেকৈ?
অলপ পাছতে বৰমাকে চাহ-জলপান খাবলৈ ডাইনিং টেবুললৈ মাতিলেহি। চাহৰ টেবুলতো বৰতাক-বৰমাকৰ যেন কথাৰ অন্তই নপৰিব। অলপ সময়ৰ চিনাকিতে নিশান্তৰ দুয়োজনকে খুব ভাল লাগিছিল। মনৰ ভাব চেপি ৰাখিব নোৱাৰি নিশান্তই তেখেতসকলৰ সন্মুখত প্ৰকাশ কৰিয়েই দিলে। তেখেতসকলৰ যেন কথা অন্তই নপৰিব। ইমান আন্তৰিকতাৰে কথা-বাৰ্তাবোৰ পাতে শুনিলে শুনি থাকিবলৈ মন যায়। এটা সময়ত হন্তদন্ত হৈ থিয় হৈ অংশুমানে নিশান্তক ক’লে, বল ঘৰলৈ নাযাৱ নেকি? বেছি ৰাতি হ’লে মায়ে চিন্তা কৰি থাকিব।
নিশান্ত আৰু অংশুমান যাবলৈ ওলোৱাত বৰদেউতাক-বৰমাকে ক’লে, মাজে মাজে তুমি এই ধুৰন্ধৰটোৰ লগত আহি থাকিবা দেই। অংশুমানে আহি আমাৰ ঘৰখন জীপাল কৰি তোলে। নহ’লে ইজনে সিজনৰ মুখ চায়ে দিনবোৰ পাৰ কৰি দিওঁ। আমাক ঈশ্বৰে সকলোফালৰপৰাই বঞ্চিত কৰিলে। দুয়োৰে মাতত বিষাদৰ সুৰ। নিশান্তই দুয়োজন লৈকে ঘূৰি চালে। দুয়োৰে হাঁহি থকা মুখখন ইমান কৰুণ হ’ব পাৰে বুলি সি ইমান পৰে ভাবিবই পৰা নাছিল। তাৰ কিবা এটা কৈ সান্ত্বনা দিবলৈও মুখৰ ভাষা হেৰাই গ’ল।
বৰমাকৰ যদি ল’ৰা এটা থাকিলেহেঁতেন তেনেহ’লে সিওঁ নিশান্ত-অংশুমানৰ সমবয়সীয়াই হ’লহেঁতেন! নাৰীয়ে যেতিয়া প্ৰসৱ যন্ত্ৰণাত ছটফটাই থাকে তেতিয়া মনে মনে প্ৰতিজ্ঞা কৰে, আৰু নেলাগে; আৰু যেন এনেকুৱা নহয়। কিন্তু দিন যোৱাৰ লগে লগে সেই প্ৰতিজ্ঞা পাহৰি পেলায়। আকৌ তেনে যন্ত্ৰণা পাবৰ কাৰণে আকাংক্ষা কৰে। এটা দুৰ্দান্ত মোহ জন্মে প্ৰসৱ যন্ত্ৰণাৰ প্ৰতি আৰু কেতিয়াবা যদি সেই আশা নাইকিয়া হৈ যায় তেন্তে যন্ত্ৰণাৰ বিলুপ্তিয়েই আন এটা যন্ত্ৰণা হৈ পৰে। যন্ত্ৰণাত যে তৃপ্তি আছে সেই কথাই বাৰে বাৰে মনটো চুই যায়।
বৰমাক কিন্তু এনে অভিজ্ঞতাৰপৰা একেবাৰে বঞ্চিত। প্ৰসৱ বেদনাৰ সোৱাদ তেখেতে কাহানিও নাপালে। কথাটো যদিও সাধাৰণ, সন্তান যদিও বহুতৰে নাই, তথাপি নিশান্তই বৰমাকৰ সন্তান নথকাটো সহজে পাহৰিব নোৱাৰিলে। তেখেতৰ কৰুণ মুখখন বাৰে বাৰে চকুৰ সন্মুখত ভাহি আহে। মাকৰ মৰম কি সি ভালকৈ উপলব্ধি কৰে। সেইবাবে সেই প্ৰথম যোৱা দিনটোৰ পিছৰেপৰা সময়-সুবিধা পালেই নিশান্তই অংশুমানক লগ ধৰি বৰদেউতাক-বৰমাকৰ ঘৰলৈ যায়। সিহঁত দুটা গলেই দুয়োজনৰে মুখখন উজলি উঠাৰ কথাটো নিশান্তই মনে মনে লক্ষ্য কৰে।
এইদৰে নিশান্তৰ দিনবোৰ সেইখন চহৰত পাৰ হ’ব ধৰিলে। অংশুমানে এদিন অফিচৰপৰা আহিয়েই নিশান্তৰ ৰুমলৈ আহি ক’লে, বৰ ডাঙৰ কথা এটা হ’ ল জান। কি কথা কচোন? মোৰ ট্ৰেন্সফাৰ কৰিছে জান। অতি সোনকালেই যাব লাগিব। এতিয়াৰপৰা মাহঁতৰ লগতে বৰতা-বৰমাৰ খবৰ তয়ে ৰাখিব লাগিব।
তই সেইবোৰ একো চিন্তা নকৰিবি। খালি তোৰ খবৰটো শুনি মোৰহে মনটো বেয়া লাগিছে। কিয় মোৰ ভাই? মই যে এতিয়াৰ দৰে তোক ইচ্ছামতে লগ নাপাম। খুব বেছি এমাহমানৰ মূৰে মূৰে দুই-চাৰিদিনৰ কাৰণে লগ পাম। গোটেই মাহটো তই নোহোৱাকৈ কেনেকৈ কটাম?
তোৰ কথা ভাবি মোৰো মনটো বেয়া লাগিছে। কিন্তু কি কৰিবি উপায়টো নাই। তয়োটো ট্ৰেন্সফাৰ হৈ ইয়ালৈ আহিছ।
নিশান্তই অতি দুখেৰে ক’লে, তোৰ লগত সময় কটাবলৈ নোপোৱাটো মোৰেই দুৰ্ভাগ্য।
কেইদিনমানৰ পিছতে অংশুমান গ’লগৈ। সি যোৱাৰ পাছত নিশান্তয়ো চাকৰিৰ লগতে অংশুমানৰ মাক-ভনীয়েক আৰু বৰতাক-বৰমাকৰ দায়িত্ব নিজৰ পুতেকৰ দৰে পালন কৰি থাকিল।
এইদৰে দিনবোৰ সুন্দৰভাৱে পাৰ হৈ যাওঁতেই এদিন অকস্মাতে বৰদেউতাক অসুস্থ হৈ পৰে। সেই খবৰ পায়েই নিশান্ত তেখেতসকলৰ ঘৰত উপস্থিত হৈ তেখেতক লৰালৰিকৈ হস্পিতাললৈ লৈ গ’ল। কিন্তু তেখেত আৰু সুস্থ হৈ নুঠিল। নিশান্তৰ সকলো দৌৰা-ঢপৰা অসাৰ কৰি বৰদেউতাকে এই পৃথিৱীৰ মায়া এৰি গুছি গ’ল। নিশান্তই নিজ দেউতাকৰ সমজ্ঞান কৰা এই মানুহজনৰ মৃত্যুত সি অতি মৰ্মাহত হ’ল। কেইদিনমানতে আপোন কৰি লোৱা মানুহহালৰ এজন এই পৃথিৱী এৰি গুছি যোৱাত তাৰ মনত কিবা এটা শূন্যতাই বিৰাজ কৰিলে। অংশুমানে এই বৰতাকৰ অসুখৰ খবৰ পাই লৰালৰিকৈ আহিলেও ইতিমধ্যে সকলো শেষ হৈ গৈছিল। সি এই দুখ সহ্য কৰিব নোৱাৰি বৰমাকক সাৱটি ধৰি হিয়া ঢাকুৰি কান্দিলে। নিশান্ত-অংশুমানৰ এই অৱস্থা দেখি অংশুমানৰ মাকে দুয়োটাকে বুজাই-মেলি কোনোমতে সুস্থিৰ অৱস্থালৈ আনি বৰতাকৰ কাজ কৰ্মখিনি সুচাৰুৰূপে পালন কৰিবলৈ উপদেশ দিলে। সিহঁতি এইটো অৱস্থাত থাকিলে বৰমাক মানসিকভাৱে কিমান ভাঙি পৰিব সেয়াও চিন্তা কৰা উচিত সেই কথাওঁ মাকে সিহঁতক সকীয়াই দিলে। দুয়োটাই মনক কোনোমতে বুজনি দি বৰদেউতাকৰ কাজ-কৰ্মখিনি সমাপন কৰিলে।
কেতিয়াবা পৰেই আপোন হৈ পৰে। বৰদেউতাকৰ কাজ কৰ্ম হৈ যোৱাৰ পাছত নিশান্তই বৰমাকৰ দায়িত্ব সম্পূৰ্ণৰূপে কান্ধ পাতি ল’লে। তাৰ মাক-দেউতাকক আনি চা-চিনাকি কৰাই দি ক’লে, মোৰ দুগৰাকী মাতৃ। বৰমাকে চকু চলচলীয়া কৰি ক’লে, নিশান্তৰ বন্ধু অংশুমান যেনেকুৱা সুন্দৰ মনৰ অধিকাৰী নিশান্তও একে মনৰ গৰাকী। বন্ধু হ’লে এনেকুৱাই হ’ব লাগে। আমি কোন জনমৰ পুণ্যৰ ফলত এনেকুৱা ল’ৰা দুটা পালোঁ। নিজৰ ল’ৰা-ছোৱালী নাথাকিলেও সেই অভাৱ ইহঁত দুটাই অনুভৱ কৰিবলৈয়ে নিদিয়ে।
সেয়ে জ্যোতিপ্ৰসাদৰ ভাষাত
“সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে।
