গ্রাহক: চন্দ্রমা কলিতা

তোমাৰ দোকানৰ পৰাই কিনিছিলোঁ
এটি ব্রেণ্ডেড সপোন।
কোনোবাই কৈছিল
সপোনৰ আকৌ কিহৰ ব্রেণ্ড?
কিনিব জানিলে সহজেই কিনি ল’ব পাৰি
একোটি ধুনীয়া সপোন
“একদম ছস্তা ঔওৰ আটছা!!!”
উফৰি অহা শব্দবোৰে মোক চুব পৰা নাছিল
ইমানদিনে যে হাতৰ মুঠিতে আছিল
ব্রেণ্ডেড সপোনটোৰ স’তে
বিনামূলীয়াকৈ পোৱা বিশ্বাসৰ আশ্বাস ।
আজি পুৱাৰে পৰা সপোনটোৱে কাম নকৰা হৈছে
বিচলিতভাৱেই পাৰ হ’ল এটা দিন
হাততযে এইবাৰ এটা বিকল সপোন।
আবেলি তোমাৰ দোকান পালোঁগৈ…
তোমাৰ দোকানত খুব ভীৰ
তুমিও হেনো আজিকালি পোহাৰ মেলিছা,
“একদম ছস্তা ঔওৰ আটছা”ৰ।
“এইটো ব্রেণ্ডৰ সপোন আমি এতিয়া নাৰাখো নহয়।”
তোমাৰ সহায়কাৰী ল’ৰাজনে ক’লে।
কিতাপত ঠিকেই পঢ়িছিলোঁনে
‘When demand decreases, supply also decreases.’?
মই ৰৈ থাকিলোঁ
তোমাৰ দোকানৰ আগত
ভীৰ কমিলেই কিজানি তুমি ঠিক কৰি দিবা,
এসময়ত বিজ্ঞাপনত ৰখা সপোনটিৰ সকলো বিজুতি।
অন্তিম গ্রাহকজনেৰে বিনিময় কৰি
মোলৈ তুমি মূৰ তুলি চাওঁতেই
মই ভালকৈ পঢ়ি চালোঁ
তুমি দিয়া ৱাৰেণ্টি কার্ডখন।
“Warranty is valid for 365 days only”
“The retailer is not responsible for anything
after the warranty period is over. “
ঠিক তলতে তোমাৰ চহী।
তাৰিখ – ১৫ এপ্রিল,২০১০।
আজি ১৬ এপ্রিল,২০১১…
এদিন আগতেই শেষ হৈ গৈছে প্রিয় ব্রেণ্ডটোৱে দিয়া বিশ্বাসৰ আশ্বাসৰ ভেলিডিটি…
এতিয়া মোৰ সপোনটিত ঘটিব পৰা কোনো বিজুতিৰ বাবে
তুমিতো দায়ী নহয়।
তোমাৰ প্রশ্নবোধক চাৱনিটোৰ উত্তৰ মই কি দিওঁ?
দুটি মুহূর্ত্তৰ বিমোৰতাৰ অন্তত
মুখত হাঁহি এটা সানিয়ে
ওলাই আহিলোঁ তোমাৰ দোকানৰ পৰা।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
পঙ্কজ কুমাৰ ৰয়
10 years ago

গ্ৰাহক হৈ ওচৰ চাপিম কেতিয়াবা
এটি ব্রেণ্ডেড সপোনেৰে আশাটি পুৰাবা…

Copying is Prohibited!