গ্ৰীষ্মকালৰ ৰোগ আৰু লবলগীয়া সতৰ্কতা -(ডা০ভূপেন শইকীয়া
গ্ৰীষ্মকালৰ ৰোগ আৰু লবলগীয়া সতৰ্কতা
সাধাৰণতে এপ্ৰিল মাহ সোমোৱাৰ লগে লগে গ্ৰীষ্মকাল আৰম্ভ হয় আৰু এনে জহৰ দিন কমেও ৪টা মাহ থাকে ৷ জাৰকালিৰ তুলনাত গ্ৰীষ্মকালত ৰোগৰ প্ৰাদূৰ্ভাৱ বেছি ৷ জহকালৰ ৰোগসমূহক নিম্নলিখিত ভাগত ভগাব পাৰোঁ ৷
(১) পানীৰ যোগেদি বিয়পা ৰোগসমূহ – ডিচেন্ট্ৰি, ডায়েৰিয়া, টাইফয়েড, জণ্ডিচ (হেপাটাইটিচ),শ্বিগেলা, জিয়াৰডিয়া,কৃমি আদি
(২) মহৰ যোগেদি বিয়পা ৰোগসমূহ – মেলেৰিয়া, ডেংগু, চিকেনগুনিয়া
(৩) গৰমৰ ফলত হোৱা ৰোগসমূহ – ডিহাইড্ৰেচন, হিট-ষ্ট্ৰোক, মূৰৰ বিষ, নাকৰ ৰক্তক্ষৰণ
(৪) চকুৰ অসুখ – কনজাংটভাইটিচ, কেটেৰেক্ট, ৰেটিনাৰ ক্ষতিসাধণ
(৫)গ্ৰীষ্মকালৰ চৰ্মৰোগ – যেনে বসন্ত, মিজলচ্, এলাৰ্জি আদি
(৬) সান মিহলি – প্ৰসাৱৰ সংক্ৰমণ হোৱা ৰোগ, কুকুৰে কামোৰা আদি
প্ৰদূষিত পানী গ্ৰহণ কৰাৰ ফলত মানুহৰ দেহত বেক্টৰিয়া, ভাইৰাচ বা আন পৰাশ্ৰয়ী জীৱৰ প্ৰবেশ ঘটে যাৰ ফলত ব্যক্তিজন ৰোগক্ৰান্ত হয় ৷ ভালকৈ উতলোৱা, পৰিস্কাৰ পাত্ৰত ভালদৰে ৰখা, ফিল্টাৰ কৰা পানী সেৱন কৰি এই ৰোগসমূহৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰি৷ লগতে খোৱা বস্তু মাখিয়ে যাতে স্পৰ্শ কৰিব নোৱাৰে তালৈকো চকু দিয়াটো বাঞ্চনীয় ৷ গৰমকালত বাহী খাদ্য পৰাপক্ষত গ্ৰহণ নকৰাই মংগলজনক৷ কৃমি, জিয়াৰদিয়া, টাইফয়েড আদি ৰোগ আকৌ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱটো বিয়পে ৷ ৰোগাকান্ত এজন ব্যক্তিয়ে শৌচ কৰি ভালদৰে চাবোনেৰে হাত-মূখ-ভৰি নুধুই আনৰ খোৱা জল বা খাদ্য স্পৰ্শ কৰিলে তেওঁৰ ৰোগ আনলৈ বিয়পাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিয়ে ৷ মহৰ যোগেদি বিয়পা ৰোগসমূহো বিপদজনক ৷ ডেংগু জ্বৰৰ ভাইৰাচ এডিচ ইজিপ্তি মহে বিয়পায় আৰু সময়মতে উচিত চিকিৎসা নাপালে এইৰোগ অতি বিপদজনক হৈ পৰিব পাৰে ৷ এডিচ মহে চিকেনগুনিয়া ভাইৰাচ সুস্থ মানুহৰ শৰীৰলৈ বিয়পাই চিকেনগুনিয়া ৰোগো কৰে ৷ এই ৰোগত জ্বৰৰ ওপৰিও, ভীষণ গাঠিৰ বিষ, ছালত বসন্তৰ দৰে সৰু সৰু ৰঙীন পানীজ্বলা উঠা, মূৰ বিষ-বমি আদি লক্ষণে দেখা দিয়ে ৷ অসমত চিকেনগুনিয়া ৰোগী দেখা পোৱা হোৱা নাই- কিন্তু আজিৰ জেট যুগত ৰোগ ইঠাইৰ পৰা সিঠাইলৈ বিয়পিব সময় নালাগে ৷ মালদ্বীপত কৰ্মৰত অৱস্থাত এই লিখকৰো এবাৰ চিকেনগুনিয়া, এবাৰ ডেংগু ৰোগত ভোগাৰ অভিজ্ঞতা হৈছিল ৷ ডেংগুহৈ মোৰ তেজত বিপদজনকভাবে প্লেটলেট কমি যোৱাত সহকৰ্মী পাকিস্তানী ডাক্তৰ ইমৰাণ হাচানে ৰক্তদান কৰি মোৰ জীৱন ৰক্ষা কৰিছিল ৷ সুসম্পৰ্ক বৰ্তাই ৰখা ডা০ ইমৰাণ এতিয়াও মালদ্বীপৰ চৰকাৰী চিকিৎসালয়ত কৰ্মৰত ৷ মহৰ যোগেদি বিয়পা ৰোগসমূহত সময়মতে সঠিক চিকিৎসা নাপালে ৰোগী মৃত্যুমুখীও হব পাৰে ৷ অসমতো আজিকালি ডেংগুৰোগৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ চৰকাৰী জনস্বাস্থ্য সুৰক্ষা আঁচনিৰ ব্যৰ্থতা, নগৰপালিকাৰ নলা-নৰ্দমা পৰিস্কাৰ কৰি ৰক্ষাত ব্যৰ্থতা আদি মূল কাৰণতেই এনে হৈছে ৷ লগতে যিকোনো ৰোগ নিৰ্মূল কৰিবলৈ স্বাস্থ্যশিক্ষাৰো অতীৱ প্ৰয়োজনীয়তা আছে ৷ মেলেৰিয়া আৰু ডেংগুৰ ওপৰত আগতে অকবত লিখামেলা হোৱা হেতুকে সদ্যহতে তাৰ বিতং চৰ্চা বাদ দিলোঁ ৷ গ্ৰীষ্মকালৰ চকুৰ অসুখ জয়বাংলা অতি কমন, একেলগে পৰিয়ালৰ বা চুবুৰীৰ কেইবাজনকো আক্ৰান্ত হোৱা দেখা যায় ৷ চকুৰ অসুখ নিবিয়পিবলৈ একেবাৰে সহজ উপায় হ’ল – হাতখন ভালকৈ ধুই পৰিস্কাৰ নকৰাকৈ কোনো কাৰণতে নিজৰ চকু স্পৰ্শ নকৰিব ৷ চকুৰ অসুখ হোৱা ৰোগীৰ কাপোৰ, কিতাপ, চচমা বা আন কোনো বস্তৱেই নুচুব ৷
চকুৰ অসুখ কনজাংটিভাইটিজৰ বিষয়েও মোৰ সবিশেষ লিখনি অকব আৰু সাহিত্যৰ পাতত প্ৰকাশিতহৈ গৈছে৷
এতিয়া কেৱল গৰমৰ যোগেদি হোৱা ৰোগসমূহৰ বিষয়ে কিছু চৰ্চা আগবঢ়াম ৷
মানব দেহৰ ৭২শতাংশ পানীৰে গঠিত ৷ দিনটোৰ ২৪ঘন্টাৰ ভিতৰত পুৰুষে তিনি লিটাৰ আৰু মহিলাই আঢ়ৈ লিটাৰ পানী খোৱাটো আৱশ্যকীয় ৷ আমাৰ শৰীৰৰ পৰা পানী সচৰাচৰ নিৰ্গত হয় মল-মূত্ৰ,ঘাম আৰু চৰ্মৰ মাধ্যমেৰে ৷ কিন্তু বহুত সময় গৰমকালৰ ৰ’দত শ্ৰম কৰিলে ডিহাইড্ৰেচন হব পাৰে ৷ ডিহাইড্ৰেচনৰ মূল কাৰণসমূহ হ’ল – ডায়েৰিয়া বা হাগনি,বমি, বেচিকৈ ঘমা, বহুমূত্ৰ বা ডায়েবেটিজ, জুইত দগ্দ্ধ হোৱা, পৰিস্থিতিবশত: পানী কমকৈ খোৱা ৷ ডিহাইড্ৰেচনৰ ঘাই লক্ষণসমূহ হ’ল – পিয়াহ বেচিকৈ লগা, প্ৰসাৱ কমকৈ হোৱা আৰু ছাল-মুখ শুকাই যোৱা ৷ ডিহাইড্ৰেচনৰ চিকিৎসা হ’ল বিশুদ্ধ পানী আৰু অৰেল ৰিহাইড্ৰেচন পাউদাৰ (ORS) ৷ মদ বা কেফেইনযুক্ত পদাৰ্থ (চাহ,কফি) কেতিয়াও ইয়াৰ বিকল্প হব নোৱাৰে ৷ ডাবৰ পানী, চেনি-নিমখ মিহলোৱা নেমু-কমলাৰ ৰস অৰেল ৰিহাইড্ৰেচন পাউদাৰৰ বিকল্প হব পাৰে ৷ ডিহাইড্ৰেচনৰ ফলত হব পৰা জটিলতাসমূহ হ’ল : কিডনি বিকল হোৱা, ক’মা বা শ্বক, হিট-ষ্ট্ৰোক, ইলেকট্ৰলাইটৰ অনিয়ম হোৱা৷ গৰমত পৰ্যাপ্ত সতৰ্কতামূলক ব্যৱস্থা নোলোৱাকৈ কাম কৰিলে পোনতে মাংসপেশীৰ বিষ (Heat-cramp) হব ৷ ইয়াৰ পৰবৰ্তী পৰ্য্যায়ত হিট এস্কাষ্টচন (Heat Exhaustion ) আৰু হিট-ষ্ট্ৰোক (Heat Stroke ) হব পাৰে ৷ হিট এস্কাষ্টচনৰ লক্ষণ হ’ল শৰীৰৰ তাপমাত্ৰা ৪০ডিগ্ৰী চেন্টিগ্ৰেড (১০৪ ডিগ্ৰী ফাৰেনহাইট)লৈ বৃদ্ধি পোৱা, হৃদগতি ক্ষিপ্ৰ হোৱা, উশাহ-নিশাহত কষ্ট হোৱা, ঘাম শুকাই যোৱা বা নোলোৱা, অস্বাভাবিক ব্যৱহাৰ (যেনে ভ্ৰম, ৰাগ হোৱা, হেল্যুচিনেচন হোৱা আদি), ফিট হোৱা বা মূৰ্চ্ছা যোৱা ৷ চৰম অৱস্থাত হিট-ষ্ট্ৰোক হোৱাৰ সময়ত দেখা যাব শৰীৰৰ তাপমান ১০৫ ডিগ্ৰী ফাৰেনহাইট হোৱা সত্বেও ঘাম নোলায়, অতিপাত মূৰৰ বিষ, মূৰঘূৰণি, ওকালি আৰু বমি, কষ্টকৰ নিশ্বাস আৰু সংজ্ঞা হেৰোৱা৷ হিট-ষ্ট্ৰোক হ’ল এক অতি জৰুৰীকালিন অৱস্থা ৷
ডিহাইড্ৰেচনলৈ দীঘলীয়া সময়ৰ বাবে গৰম বতৰত কৰ্মৰত হলে মস্তিষ্কই কাম নকৰা হৈ পৰে, শৰীৰৰ শীত-তাপ নিয়ন্ত্ৰণ কৰা ব্যৱস্থাটো বিকল হৈ পৰে আৰু খৰতকীয়াকৈ উপযুক্ত চিকিৎসা নাপালে ৰোগী মৃত্যুমুখত পৰে ৷ এম্বুলেঞ্চ নহালৈকে ৰোগীৰ লবলগীয়া ব্যৱস্থাসমূহ হ’ল – ৰোগীজনক ভৰি ওখ কৰি ৰাখি শুৱাই দিয়ক, ফেন বা বিচনিৰে বতাহ দিয়ক, চেঁচা-তিতা কাপোৰেৰে গা মচি থাকক, সম্ভৱপৰ হলে কাষলটি-ডিঙি-কৰঙণ আদিত বৰফৰ পেক দিয়ক ৷
গ্ৰীষ্মকালত পৰাপক্ষত গাত লিপিত খাই নধৰা পাতল ৰঙৰ পাতল কপাহী কাপোৰ পিন্ধিব ৷ ছাতি, টুপি, ছানগ্লাচ আদি পৰাপক্ষত ব্যৱহাৰ কৰিব৷ বাহিৰলৈ ওলোৱাৰ আধা ঘন্টাৰ আগতে শৰীৰৰ উন্মুক্ত অংশত চান স্ক্ৰিন লোচন ঘঁহিলে ছালখনে যথেষ্ট পৰিমাণে সকাহ পাব ৷ গ্ৰীষ্মকালৰ খাদ্য পৰাপক্ষত কিছু লঘু আহাৰ স্বাস্থ্যৰ বাবে উপযোগী ৷ তাপ উৎপন্ন কৰা খাদ্য মাংস,কণী, গৰম-মছলা ব্যৱহাৰ কমাব ৷ আমিষ ভোজীসকলে এই সময়ছোৱাত মাছক (বিশেষকৈ সৰু কমতেলী মাছ) নিজৰ খাদ্য তালিকাভুক্ত কৰিব পাৰিলে ভাল ৷ দৈ,লচ্চী, মত্থা, চৰবত আদি বতৰৰ উপযোগী খাদ্য ৷ ৰসাল ফল তৰমুজ, চিৰাল, তিঁয়হ, আম, অমিতা ,কমলা, মাটিকঁঠাল আদি ডিহাইড্ৰেচন ৰোধ কৰাত সহায়ক হয় ৷ প্ৰকৃতিয়ে দিয়া বতৰৰ ফল লেতেকু,পনিয়ল,বগৰী,আমলখি, মধুৰী,ডালিম, নাচপতি আদিয়ে শৰীৰ শীতল ৰাখে ৷ এই সময়ত ধৰিত্ৰীত মৰীচা,খুতৰা,মানিমুনি,জিলমিল, মাটিকান্দুৰী, টেঙেচী, ঢেঁকীয়া আাদি শাক প্ৰচুৰ পৰিমাণে উপলব্দ্ধ হয় ৷ বতৰৰ বতৰা বুজি প্ৰকৃতিৰ এই অমূল্য অৱদানসমূহ গ্ৰীষ্মকালৰ নিয়মীয়া খাদ্যৰ তালিকাৰ অন্তৰ্ভূক্ত কৰিব লাগে ৷ এই শাক সমূহত প্ৰচুৰ ভিটামিন, লাগতিয়াল ট্ৰেচ এলিমেন্ট,এন্টি অক্সিডেন্ট,লৌহ পদাৰ্থ আদি থাকে ৷ শৰীৰৰ ইমিউনিটি (ৰোগ প্ৰতিৰোধ ক্ষমতা) বঢ়োৱাত এইদৰে বতৰৰ শাক-পাচলিসমূহ সহায়ক হয় ৷
পৰিবেশ শুদ্ধ কৰি ৰাখিবলৈ ঘৰৰ পৰিষদৰ ভিতৰত অন্তত: এজোপা মহানিম গছ থাকিলে ভাল ৷ এনেয়ো বাতাবৰণৰ শীতলতা বজাই ৰাখিবলৈ ঘৰৰ আশে-পাশে গছ-গছনিৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য ৷ নিমপাত উতলোৱা পানীৰে বসন্ত বা আন গ্ৰীষ্মকালীন চৰ্মৰোগত ভোগাসকলে গা ধোৱাটো বেচ উপকাৰী ৷ এইখিনিতে বিনম্ৰভাবে জনাওঁ যে বসন্ত ৰোগৰ বিষয়ে, নানা ধৰণৰ জণ্ডিচৰ বিষয়ে মোৰ প্ৰৱন্ধ সাহিত্য ডট অৰ্গৰ পূৰণি সংখ্যাত আগ্ৰহী পাঠকসকলে পঢ়িব পাৰিব ৷
গ্ৰীষ্মকালৰ এলাৰ্জিত চিকিৎসকে প্ৰয়োজন সাপেক্ষে এন্টি-এলাৰ্জিক দৰব দিয়ে ৷ গ্ৰীষ্মকালত নাকৰ অগ্ৰভাগৰ পৰা হোৱা ৰক্তক্ষৰণ প্ৰায় প্ৰতিজন ব্যক্তিৰ জীৱনত এবাৰ হলেও ঘটে৷ ই সাধাৰণতে বিপদজনক নহয়৷ প্ৰায় নিজে-নিজেই ৰক্তক্ষৰণ বন্ধ হয়৷ তেজ ওলাব ধৰিলে শুই নিদিব, শুলে পেটৰ ভিতৰলৈ তেজ গুচি যাব৷ প্ৰাথমিক চিকিৎসা হিচাবে বৰফ পানীৰ পেক তেজ বন্ধ কৰাত সহায়ক হয়৷ কাৰোবাক চেলাইনযুক্ত বা আন নাকত দিয়া ড্ৰপৰ কেতিয়াবা প্ৰয়োজন হয়৷
চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধেই নিজে সেৱন কৰা অনুচিত ৷ একেদৰে প্ৰসাৱৰ সংক্ৰমণ হলে পানী বেচিকৈ খাবলৈ পৰামৰ্শ দিয়াৰ ওপৰিও এন্টিবায়টিকৰ আৱশ্যকতা হব পাৰে ৷ আকৌ গৰমৰ দিনত বাট পথত ঘূৰি ফুৰা গিৰিহঁত নোহোৱা কুকুৰে যি কোনো ব্যক্তিকেই কামুৰিব পাৰে ৷ কুকুৰে কামুৰিলে ৰেবিজ বা জলাতংকৰ পৰা বাচিবলৈ ভেকছিন লবলৈ কোনেও যেন হেলা নকৰে -কাৰণ জলাতংকৰ কোনো চিকিৎসা নাই ৷
আজিলৈ গ্ৰীষ্মকালৰ ৰোগৰ চৰ্চা ইমানেই ৷ পাঠকসকলৰ যি কোনো সংশয় আতৰাবলৈ মোৰ সদায় প্ৰয়াস থাকিব ৷ লবলগীয়া সতৰ্কতাসমূহ পালন কৰি সকলোৱে যেন গ্ৰীষ্মকালৰ যোগাত্মক দিশটো উপভোগ কৰিব পাৰে ইয়াকে কামনা কৰি মোখনি মাৰিলোঁ ৷