ঘৰ জোঁৱাই (মংগলসিং ৰংফাৰ)
চিৰিলাংছ’ ৰংহাংহেমত আৰু কেইদিন মানৰ পিছতে হ’ব আদাম-আছাৰ। ৰংহাংহেম আৰু গোটেই চুবুৰীতে আনন্দত উদুলি-মুদুলি। কাৰন সূদীৰ্ঘ ২০ বছৰৰ পিছত চুবুৰীতোত সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে এখন বিবাহ অনুষ্ঠিত হ’ব। কাৰেং আৰু হেমাৰি ৰংহাঙৰ প্ৰথমা কন্যা ছেৰদিহুনৰ বিবাহ হ’ব ছাৰমুক্ৰাঙৰ লগত। নতুন প্ৰজন্মই আদাম-আছাৰ বহুতেই দেখা নাই-কাৰণ আজিকালি প্ৰায় ভাগে প্ৰেমত পৰি ছোৱালি পলুৱাইহে আনে আৰু পিছত ল’ৰা-ছোৱালী ডাঙৰ হোৱাৰ পিছতহে বিবাহৰ ৰীতি-নিয়ম কৰি বিছাৰ চেপাচক সকাম কৰি বৈবাহিক সম্বন্ধটো সমাজৰ পৰা স্বীকৃতি লয়। যাক প্ৰচলিত ভাষাত বুঢ়া-বুঢ়ী বিয়া বুলি কোৱা হয়।
কিন্তু বুঢ়া-বুঢ়ী বিয়াত আদাম-আছাৰৰ দৰে যি উদুলি-মুদুলি পৰিবেশ,ফুৰ্তি-আনন্দ,ৰং-তামাছা সেইতো নাই। সেয়ে ৰংহাংহেমত আদাম-আছাৰ হ’ব বুলি জানি চুবুৰীতোৰ ডেকা-গাভৰুৰ আৰু মহিলা সকলৰ গাত তত নাইকিয়া। বিয়াৰ কামত সকলোৱে উপজাচি লাগি ভাগি দিছে। বিয়াত কোনে কি কি ৰঙৰ আৰু ডিজাইনৰ পিনি-পেকক পিন্ধিব তাকে লৈ অন্তহীন আলোচনা গাভৰু আৰু মহিলা সকলৰ মাজত।
বিয়াৰ দিনাখন যাতে দৰা পক্ষৰ মানুহ আৰু অভ্যাগত সকলৰ কোনো অসুবিধা নহয় আৰু শুশ্ৰুষা কাৰ্যত কোনো খুট যাতে নাথাকে তাৰ বাবে পৰিয়াল আৰু চুবুৰীয়া মানুহৰ মাজত দায়িত্ব ভগাই দিয়া হৈছে।
চুবুৰিয়া হিচাপে মানাই আৰু ছাৰএতক দায়িত্ব দিয়া হৈছে আমন্ত্ৰিত অভ্যাগত সকলক আদাৰণি আৰু শুশ্ৰুষাৰ কামত তদাৰকি কৰাৰ।
বিয়া ঘৰৰ উদুলি-মুদুলি পৰিবেশত হঠাতে পুৰণিকলীয়া চিনাকি বন্ধু-বান্ধবী,দূৰ-সম্পৰ্কীয় লোকক খন্তেকীয়া ভাবে লগ পালে বৰ ভাল লাগে। কিন্তু ছাৰএতে কুংৰিক এইখন বিয়া ঘৰত লগ পায় যাব বুলি সপোনতো ভবা নাছিল। তাইৰ গাভৰু কালৰ সেই চপলতা এতিয়াও বিদ্যমান। গাভৰু কালৰ সেই পাতল খীন শৰীৰটো কিছু মেদবহুল হৈছে আৰু এক তিৰোতা তিৰোতা ৰুপ লৈছে ছেহেৰাটো।
মুখত সেই স্বভাবজাত এমোকোৰা হাঁহি লৈ তাই নিজে আগবাঢ়ি আহি ছাৰএতক মাত দিলে আৰু মানাইৰ লগতো চিনাকি হ’ল। হাঁহি মাতি তাই নিমিষতে এটা সহজ পৰিবেশ সৃষ্টি কৰি ললে। কুশলবাৰ্তা বিনিময় হোৱাৰ পিছত সিহঁতৰ কেইটা সন্তান আৰু কিমান ডাঙৰ হৈছে খবৰ ললে তাই। ছাৰএতে কলে ‘মোৰ ল’ৰা ক্লাছ নাইনত আৰু ছোৱালীজনী ক্লাছ ফাইবত পঢ়ি আছে’।
হঠাতে তাই হাঁহি হাঁহি ধেমেলিয়া ভাবে এটা কথা কৈ পেলালে-‘মোক বিয়া কৰোৱা হেতেন তোমাৰ ল’ৰাই এতিয়া কলেজ গৈ পালে হয়। তুমিতো আমাৰ পৰা পলাই ফুৰিছিলা তেতিয়া’।
তাইৰ কথাত সকলোৱে হাঁহিলে। ছাৰএতেও অপ্ৰস্তুত হেঁতা হাঁহি মাৰিলে। মানাইক সি আৰ চকুৰে চালে-তাই তাক যি চাৱনি এটা দিলে সি বুজি পায় গল। কুংৰিৰ এই প্ৰগল্ভ স্বভাবৰ বাবে সি আগতেও আতৰি ফুৰিছিল আৰু ভয়ো কৰিছিল। তাই হানৰি মাহীৰ ছোৱালী কাজকৰ লগত নলেগলে লগা বান্ধবী। তাই বোলে প্ৰায়েই কাজকক কৈছিল-‘অ’ই তোৰ দাদা কি ল’ৰা নহয় নেকি-ছোৱালীবোৰৰ পৰা যে আঁতৰি ফুৰে। মোলৈতো ঘূৰিয়েই নাচায়। কৈ দিবি-ল’ৰা মানুহ ল’ৰাৰ দৰে থাকিব লাগে বুজিছ’।
কুংৰি এতিয়া এজনী বিবাহিতা তিৰোতা। সিহঁতৰেই তিমুং ফৈদৰ মানুহ এজনৰ লগত বিয়া হৈছে। গতিকে কাৰবি পৰম্পৰাগত সম্বন্ধত তাই এতিয়া তাৰ তিপি মানে বৌৱেক আৰু সি তাইৰ দেওৰেক-‘কৰপ’হাই ’। নিয়ম মতে তাই তাক নাং বুলি সন্বোধন কৰিব পাৰে-সিও পাৰে। সিহঁতৰ মাজত এতিয়া সামাজিক নিয়ম শিথিল হৈ গৈছে। সিহঁতৰ সমাজত ককায়েকৰ মৃত্যুৰ পাচত ভায়েকৰ অৰ্থাৎ দেওৰেকৰ লগত বৈৱেকৰ পুনৰ বিবাহৰ এটা পৰম্পৰাগত ৰীতি আছে। সেয়ে কিছুমান তিৰোতা মানুহবোৰ ‘কৰপ’হাই’ৰ আগত নিলাজ হৈ পৰে।
ৰাতি বিয়া শেষ হোৱাৰ পিছত ঘৰলৈ উভতাৰ পথতেই মানায়ে তাক জেৰা আৰম্ভ কৰি দিলে-‘এই কুংৰিজনীৰ লগত তোমাৰ কিমান দিনৰ চিনাকী?তাইৰ লগত তোমাৰ কি সম্বন্ধ?’ ইত্যাদি ইত্যাদি অজস্ৰ প্ৰশ্ন। ‘মই জানো নহয় তোমাৰ সকলো কথা-তোমাৰ বিষয়ে যিবোৰ কথা শুনিছিলো তাৰ মানে সকলো সঁচা’—তাইৰ মুখৰ পৰা এ-কে-ফৰটি-ছেৱেনৰ গুলি ফুটা দি ফুটিছিল কথাবোৰ। আত্মপক্ষ সমৰ্থনত কিবা কব খুজিও সি ৰৈ গ’ল। কাৰণ সি মানাইৰ খংটো জানে-খাৰৰ তৰকাৰিৰ দৰে একেবাৰতে উতলি উথি জুইকুৰাক নিৰ্বাপিত কৰাৰ দৰে তাইৰ খংটোও অলপ পিচতে শাম কাতিব নিজে নিজে।
কুংৰিয়ে ঠিকেই কৈছিল-সি এসময়ত ছোৱালীবোৰৰ পৰা আতৰি ফুৰিছিল-এক নিৰাপদ দূৰত্ব বজাই ৰাখিছিল। আচলতে সি বিয়া নকৰিব বুলিয়েই এসময়ত সিদ্ধান্ত লৈছিল। এটা ঘটনাই তাক এই সিদ্ধান্ত লবলৈ বাধ্য কৰাইছিল। লংকি দাদাই কলেজত পঢ়ি থাকোতেই প্ৰেমত পৰি ছোৱালী পলুৱাই আনিছিল। সিহঁতৰ সমাজত এয়া সচৰাচৰ ঘটনা। কিন্তু তাৰ মা-দেউতাকহঁতে এই ঘটনাত বিৰাট আঘাট পাইছিল। বিশেষকৈ তাৰ মাঁক। কাৰন তাৰ মায়ে লংকি দাদাৰ বাবে নিজৰ ভায়েকৰ ছোৱালীক ভাবি বোৱাৰী হিচাপে হনজেং কেকক সকাম কৰি হাতত সূঁতা বান্ধি থৈ আহিছিল তাহানিতে। সিহঁতৰ সমাজত মোমাইৰ ছোৱালীকেই আটাইতকৈ পচন্দৰ বোৱাৰী হিচাপে বিবেচনা কৰা হয়। পুৰণিকলিয়া চিন্তা-ধাৰাৰ তাৰ মাকে নিজৰ ভায়েকৰ ছোৱালীৰ বাহিৰে অন্য কাৰোবাক বোৱাৰি হিচাপে মানি লবলৈ টান পাইছিল। ফলত এই ঘটনাক লৈ সিহঁতৰ ঘৰত অশান্তি সৃষ্টি হৈছিল। তাৰ মাকৰ এটাই দুখ আৰু চিন্তা-‘দন প্লোতদুত প’’-অৰ্থাত মামাহঁতৰ পৰিয়ালৰ লগত থকা সাতামপুৰুষীয়া সম্বন্ধটো অন্ত পৰি যাব। তাৰ মা-দেউতাকহঁতে সকলো খং ক্ষোভ তাৰ ওপৰতে উজাৰি দিছিল। সিও তেওঁলোকৰ সন্দেহৰ আৱৰ্তত থাকি গ’ল। সেই তেতিয়াৰ পৰাই সি ছোৱালীবোৰৰ পৰা আতৰি ফুৰিছিল আৰু বিয়া নকৰো বুলি সিদ্ধান্ত লৈছিল।
পঢ়াশুনা সমাপ্ত কৰিয়েই সি কৰ্মক্ষেত্ৰত সোমাই পৰিছিল আৰু চৰকাৰী চাকৰিৰ সূত্ৰে দিহিঙে দিপাঙে বদলি হৈ পাহাৰীয়া এই নতুন ঠাইখনত ভৰি দিছিলহি। ইয়াতেই সি লগ পাইছিল মানাইক-তাৰ সপোন কুঁৱৰীক। মানাই মানে জোন। মানাই সঁচাকৈয়ে ৰুপত সাইলাখ ‘মানাই’ৰ দৰেই আছিল। প্ৰথমে চিনাকি,তাৰ পিছত বন্ধুত্ব আৰু তাইৰ প্ৰেমত পৰি এদিন সি তাৰ ‘কনফাৰ্মড বেচেলৰ’ সিদ্ধান্তটো সলনি কৰিবলৈ বাধ্য হৈছিল। এদিন সি সঁচাকৈয়ে তাইক এই বুলি বিয়াৰ প্ৰস্তাৱ দি দিছিল-‘নেংপি নেংছ’ কাচিংকি’ৰ বাবে তোমালোকৰ ঘৰলৈ মা হঁতক পঠিয়াম নেকি?’ তাই হয়তো এই প্ৰশ্নটোৰ বাবে মনে মনে সাজু আছিল। তাই মাথো কলে-‘শুভ কামত বিলম্ব নকৰাই ভাল’।
‘নেংপি-নেংছ’ কাচিংকি’ কাৰবি পৰম্পৰাগত বিবাহৰ বাবে আলোচনাৰ প্ৰথম খোজ। ছাৰএৎহঁতৰ ঘৰত তাৰ মাকহঁতে বিবাহৰ আয়োজন কৰি পোৱা নাই। পৰিয়ালত পৰম্পৰা ৰীতি-নীতিৰ পুৰোধা মানুহগৰাকী হ’ল জেঠাই-নি কাদিং। গতিকে জেঠাইক মাতি পঠোৱা হ’ল পৰামৰ্শ লবৰ বাবে। জেঠাই-নি কাদিঙে কলে-‘ছোৱালীৰ পৰিয়ালটো ৰংখাং অঞ্চলৰ মানুহ। শুনিছো ৰংখাঙৰ ৰীতি নীতি আমাৰ লগত কিছু পৃথক আৰু কঠোৰ,তেওঁলোকে পৰম্পৰা ৰীতি নিয়মত আপোচ নকৰে হেনো’। জেঠাই কাদিঙৰ কথাই সিহঁতৰ পৰিয়ালক ভয় খোৱাই দিছিল। আদাম-আছাৰৰ সময়ত ৰীতি-নীতি নাজানিলে এক লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব। লংকাম খুৰাৰ পৰা পৰামাৰ্শ লোৱা হ’ল-তেওঁৰ বিভিন্ন অঞ্চলৰ বিবাহ প্ৰথাৰ ওপৰত যথেষ্ট জ্ঞান আছে আৰু নিজেও এজন পূজাৰী-কুৰুছাৰ। মুঠতে সেইকেইদিন বিবাহৰ পৰম্পৰা ৰীতি নীতিৰ ওপৰত এক আলোচনা চক্ৰই চলি থাকিল।
এদিন দিন বাৰ মিলাই তাৰ মাঁহতে জেঠাই-নি কাদিং,মাহী হানৰি আৰু পৰিয়ালৰ কেইজনীমান তিৰোতা মানুহক লৈ মানাই হতৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ দিবলৈ নেংপি-নেংছ’ কাচিংকি বাবে গ’ল। লগত লৈ গ’ল তামোল-পান আৰু আৰাকৰ বটল মাননিৰ বাবে তাৰোপৰি কেইটামান বিলাতী মদৰ বটল-ৰীতি নিয়মত প্ৰয়োজন নাই যদিও আজি কালি প্ৰায়েই লৈ যোৱা হয়। মানাই হতৰ পৰিয়ালে কন্যাৰ মতামত জানিবৰ বাবে কেহাং আৰু কেহাং কেপাতিনি নিয়মৰ বাবে পুনৰ এদিন আহিবলৈ কৈ পঠালে।
কেহাং আৰু কেহাং কেপাতিনি বিবাহ আলোচনাৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়। সেই দিনাখন পান তামোলৰ বান্তা লগতে তিতালাওৰ পাত্ৰ বংক্ৰকত হৰলাং আৰু হৰবঙত আৰাক মাননি হিচাপে লৈ ছোৱালীৰ ঘৰলৈ যাব লাগে। কিন্তু যিহেতুকে লৰা-ছোৱালীৰ মাজত ইতিমধ্যে প্ৰেম সম্পৰ্ক গঢ়ি উঠিছে গতিকে একেটা দিনতে এই সকাম কৰিব পৰা যাব বুলি সিদ্ধান্ত লোৱ হ’ল।
এদিন তাৰ মাকহতে চামবুৰুকছ’ হৰ কেপি সকাম কৰি পূৰ্বপুৰুষ সকলক সুঁৱৰি আশীৰ্বাদ বিচাৰি পূজা এভাগ দিলে আৰু চাউলেৰে মদৰভাত বনাই থাপ সানি ঘৰতে হৰলাং আৰু আৰাক বনাবলৈ আৰম্ভ কৰিলে। জেঠাই কাদিঙে পাচ দিনৰ পিছত হৰলাঙৰ সোৱাদ লৈ খুব ভাল আৰু মিঠা হৈছে আৰু এয়া তিৰিম সকলে আশীৰ্বাদ দিয়াৰ কাৰনে বুলি কলে।
পূৰ্ব নিৰ্দ্ধাৰিত দিনত সিহঁতৰ ঘৰৰ পৰা তাৰ মাকহঁতে তামোল-পানৰ বান্তা আৰু বংক্ৰকত হৰলাং আৰু আৰাকৰ বটলৰ মাননি হৰহাকত লৈ মানাই হঁতৰ ঘৰলৈ গ’ল। সেইদিনাখনেই মানাইক আনুষ্ঠানিক ভাবে বিয়াৰ প্ৰস্তাৱ দিয়া হ’ল আৰু কন্যাৰ অভিভাৱক পক্ষই দৰা ঘৰৰ পৰা নিয়া মাননি হৰলাং আৰু আৰাক গ্ৰহণ কৰিব লাগে নে নেলাগে মানাইক পৰম্পৰা মতে আনুষ্ঠানিক ভাবে সোধা হ’ল। মানাই সন্মতি দিয়াৰ পিচত হৰলাং আৰু আৰাক ভগৱানক উচ্ছৰ্গা কৰি সকলোৱে খালে আৰু বিয়া হ’ব বুলি খাটাং কৰা হ’ল। তাৰ মাকহঁতে ঘৰৰ পৰা নিয়া পেকক আৰু সোনৰ আঙুঠি ছিম কিবি বুলি মানাইৰ হাতত দি আহিল।
বিয়া খাটাং হ’ব বুলি জনাৰ পিছত পৰিয়ালৰ মানুহে বিয়াখনৰ দিন বাৰ সোনকালে থিক কৰিব লাগে বুলি ছাৰএতক জোৰ দিলে। গতিকে সি তাৰ মাক হঁতক এদিন আকৌ হৰবং হৰথে মদৰ মাননি আৰু বান্তা লৈ মানাই হতৰ ঘৰলৈ পঠিয়ালে আজ’আৰনি কেফা অৰ্থাৎ বিয়াৰ দিন বাৰ থিৰাং কৰা সকামটি সম্পন্ন কৰিবলৈ। সেইদিনা বিয়াৰ পৰম্পৰাৰ ৰীতি-নীতিৰ বিষয়ে বিতংভাবে আলোচনা কৰা হ’ল। আগৰ দুটা পৰ্যায় সুকলমে সম্পন্ন হৈছিল-কিন্তু এই তৃতীয় পৰ্যায়ত কিছু সমস্যাই দেখা দিলে। তাৰ দাদা-বৌৰ বিয়া আদাম-আছাৰৰ যোগেদি সম্পন্ন হোৱা নাছিল-গতিকে কিছুমান ৰীতি-নীতিৰ সকাম আধৰুৱা হৈ আছে। সেয়েহে সিহঁতৰ বিয়া আদাম-আছাৰ নিয়ম মতে সম্পন্ন কৰিব নোৱাৰিব।
মানাইহঁতৰ ঘৰে কিন্তু সিহঁতৰ বিয়াখন আদাম-আছাৰ নিয়ম মতে হোৱাটো বিছাৰে। কাৰন এইটো তেওঁলোকৰ ডাঙৰ ছোৱালীৰ বিয়া আৰু পৰিয়ালত প্ৰথম বিয়া হ’ব। অন্যহাতে সিহঁতৰ পৰিয়ালত আদাম-আছাৰ মতে বিবাহ সম্পন্ন হলেও আকৌ পৰম্পৰা মতে বৰযাত্ৰী জেংতই জেংনি নিয়ম কৰাত বাধা আছে হেনো। মুঠতে এটাৰ পিচত আন এটা সমস্যাই দেখা দি আছে। বিভিন্ন আলোচনা-পৰামৰ্শৰ অন্তত সিদ্ধান্ত লোৱা হ’ল-বিবাহ আদাম-আছাৰ নিয়ম মতেই সম্পন্ন হ’ব কিন্তু কিছুমান পৰ্যায়ৰ ৰীতি-নীতি বাদ দিয়া হ’ব। গতিকে আদাম-আছাৰৰ দিনৰ বাবে জোন চাই দিন বাৰ ঠিক কৰা হ’ল-কাৰন ক্ললিন অৰ্থাৎ কৃষ্ণ পক্ষত কেপাংৰি সম্পন্ন নহয়।
আদাম-আছাৰৰ দিন। ছাতৰ,চয় হংথৰ আৰু প’হ’ পিন্ধি ছাৰএৎ দৰা হৈ ওলাই যাবলৈ সাজু হ’ল। যাত্ৰাৰ আগতে মদ আৰু শুকান মাছেৰে তিৰিম কাংদুক সকাম কৰি পূৰ্বপুৰুষ সকলক স্মৰন কৰি আশীৰ্বাদ বিচৰা হ’ল। হৰবং হৰথে নিবৰ বাবে হৰহাক সাজু কৰা হ’ল-আৰু মদৰ কলহ হৰতেবুক এটাও লোৱা হ’ল। হৰহাক কঢ়িয়াই নিবৰ বাবে তাৰ বৰদেউতাকৰ ছোৱালী ছেৰজিলি আৰু ভাগিনী ৰুপ্তালিনক মাতি অনা হৈছে। বিয়া নাম গাবলৈ লুঞ্চেপ’ হেমাই খুৰাক লৈ অনা হ’ল গাৱৰ পৰা। বিয়া নাম লুঞ্চেপ’ গায়ক সকলেহে দৰা-কইনাৰ বাপেকৰ হৈ গায় দিয়াৰ নিয়ম।
কইনাৰ ঘৰত সূৰ্য্যাস্তৰ আগে আগে দৰা গৈ পাব লাগে-গতিকে সিহঁতে গধূলি সময় মিলাই যাত্ৰা আৰম্ভ কৰিলে যাতে কইনাৰ ঘৰত সূৰ্য্যাস্তৰ আগতে গৈ পায়। যিহেতুকে জেংতই জেংনি নাপায়, দৰা আৰু দৰাপক্ষৰ ৰংআছাৰ,ক্লেংদুন-ক্লেংছাৰ্প’ আন লোকসকল অগা পিছাকৈ কইনাৰ ঘৰলৈ গৈ উপস্থিত হ’ল। কইনাৰ ঘৰত তেতিয়া এক উৎসৱ মূখৰ পৰিবেশ। দৰা আৰু দৰা পক্ষৰ মানুহক আদৰিবলৈকে ৰৈ আছিল মানাইহঁতৰ পৰিয়ালৰ মানুহবোৰ।
বিয়াত আমন্ত্ৰিত অতিথি সকলক বিদায় দিয়াৰ পিছত-দৰা আৰু কইনাৰ পৰিয়ালৰ লোক সকল হংফাৰলাত বহিল। দৰা ঘৰৰ পৰা নিয়া বংক্ৰক আৰু আৰাক এবটল কইনাৰ দেউতাকক ক্লেংছাৰপ’ই সেৱা জনাই মাননি দিয়াৰ পিছত বিয়াৰ কাম আৰম্ভ কৰা হ’ল। তাৰ পিছত কইনাৰ পৰিয়ালৰ মানুহক বিশেষকৈ কইনাৰ মাক, খুড়া-খুড়ী,মামা-মামী,ভাতৃ সকলক মদৰ বটল দি মাননি দিয়া হ’ল। তাৰোপৰি উপস্থিত ৰংআছাৰ,মেকাৰ আছাৰ,ৰিছ’বাছা,ফেৰাংকে সকলকো মদৰ মাননি দিয়া হ’ল। আনহাতে কইনা ঘৰৰ ফালৰ পৰাও দৰাপক্ষৰ মানুহক মদৰ মাননি বটল দিলে। হৰকাংলে অৰ্থাৎ মদৰ মাননি দিয়া কাৰ্য সমাপ্ত হোৱাৰ পিছত কইনাৰ দেউতাই বংক্ৰকৰ পৰা তিনিবাৰ মদ ঢালি বংক্ৰক আৰনাম কেপু মন্ত্ৰ মাতি ‘দৰা-কইনাৰ সম্বন্ধ হাজাৰ বছৰৰ শিলৰ সাকো যেন কটকটীয়া হওক’ বুলি আশীৰ্বাদ দি আদাম-আছাৰৰ কাম আৰম্ভ কৰিলে।
মাজনিশা ঘৰৰ ভিতৰত নিৰ্দিষ্ট কৰি থোৱা কোঠালীত কইনাঘৰৰ মহিলা আৰু ডেকা-গাভৰু সকলে পেনিকো পেলিমৰ ওপৰত পেলু বিছনা ছাদৰ পাৰি তাৰ ওপৰত কুংৰি আৰু ছাৰএতক দৰা-কইনা হিচাপে বহিবলৈ দিয়া হ’ল। ইজনে সিজনক বাতিত মদ আৰু তামোল খোৱাবলৈ দিলে আৰু ৰাইজক সাক্ষী কৰি শপথ খাবলৈ দিলে-এই পবিত্ৰ বান্ধোন চিৰস্থায়ী হ’ব আৰু বিচ্ছেদ নহ’ব বুলি। তাৰ পিছতে সিহঁতক আজিৰ পৰা স্বামী-স্ত্ৰী বুলি ঘোষনা কৰিলে। এইদৰে কেপাংৰি-কেপাংদন কামতো সম্পাদন কৰা হ’ল। আজিৰ এই অলপ সময়ৰ অনুষ্ঠানৰ বাবে কিমান যে পৰম্পৰা ৰীতি-নীতিৰ পৰিক্ৰমা-আৰু আয়োজন!ছাৰএতে ভাবিলে-এই কাৰনেই ছাগে কিছুমানে ছোৱালী পলুৱাই নিয়ে।
কেপাংৰি কেপাংদন সম্পন্ন হোৱাৰ পিচত ছাৰএতক দৰাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা কোঠালীত শুবলৈ দিলে। বহু দেৰিলৈকে তাৰ টোপনি অহা নাছিল-এক অনামি অনুভূতিয়ে তাৰ দেহ-মন আলোড়িত কৰি আছিল। অলপ ছিলমিলকৈ টোপনি আহিছিল যদিও দোক-মোকালিতে সি সাৰ পাই গৈছিল। ৰাতিপুৱা শুই উঠি সি আচৰিত হ’ল-দৰা ঘৰৰ মানুহ এজনো নাই! পিছতহে সি গম পালে-সিহঁতৰ বিয়াখন আদাম আছাৰৰ সম্পূৰ্ণ নিয়ম কৰাত অসুবিধা আছে সেই কাৰনে দৰা-কইনা দুই ঘৰৰ সন্মতিত কেপাংৰি পৰ্যায়লৈকে স্থগিত কৰা হৈছে। কাৰন লংকি দাদাহঁতৰ বিয়া পৰম্পৰাগত ৰীতি-নিয়মত কেচেপাচক নকৰালৈকে সিহঁতৰ মাজত আদাম-আছাৰ কাংথুৰ কাৰ্য সম্পূৰ্ণ হ’ব নোৱাৰে। গতিকে দৰাপক্ষই মাজনিশা বিবাহ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত তাক এৰি থৈ ঘৰলৈ ঘূৰি গ’ল আৰু প্ৰতীকি ভাবে পিছ’কেমেন অৰ্থাৎ ঘৰ-জোঁৱাই খাটিবলৈ কইনাৰ ঘৰত তাক এৰি থৈ গ’ল।
প্ৰচলিত নিয়ম মতে কেপাংৰিৰ পিছদিনাখন কইনাৰ ঘৰতে ৱোৰ কেমাথা পূজা কৰি দৰা-কইনাক পূজাৰ পবিত্ৰ পানী ছতিয়াই আশীৰ্বাদ দিব লাগে। দৰাই কইনাক স্ব-গৃহলৈ লৈ যাওঁতে এই পূজাৰ ভাত-মাংসৰ টোপোলা কৰি দি পঠোৱা হয়। এই ভাতৰ টোপোলা আধা ৰাস্তাত জিৰণি লওঁতে একেটা কলৰ পাতত আনকাচাৰৱাং কৰি ভাত খাই আংদেং আথেকাৰ দিব লাগে। কইনাই গৈ পোৱাৰ পিছদিনাখন দৰাৰ ঘৰতো ৱোৰকামাথা পূজা কৰিব লাগে। বিয়াৰ তিনি সপ্তাহ বা এমাহৰ পাছত দৰাই কইনাক লৈ মাকৰ ঘৰলৈ যাব লাগে। সেইদিনা ছোৱালীয়ে বিয়াৰ দিনা মাকৰ ঘৰৰ পৰা পিন্ধি অহা কাপোৰ আৰু লাওৰ পাত্ৰ মাকক ঘূৰাই দি আহিব লাগে। ইয়াক পেছ’-ৰিছ’ কছেথন দাম বুলি কোৱা হয়। সিহঁতৰ বিয়াখন যিহেতুকে সম্পূৰ্ণ আদাম আছাৰ কাংথুৰ নহয়,কেপাংৰি পৰ্যায়তে স্থগিত ৰখা হৈছে গতিকে সিহঁতে এই পিছৰ সকাম খিনি নকৰিলেও হব এতিয়া। তাৰোপৰি ছাৰএৎ হতৰ পৰিয়ালত জেংতই জেংনিত বাধা-নিষেধ আছে। গতিকে সকলোৰে আলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হ’ল-সি প্ৰতীকি ভাবে কইনাৰ ঘৰত এদিন পিছ’কেমেন অৰ্থাৎ ঘৰ-জোঁৱাই খাটিহে পিছদিনাখন কইনাক নিজ ঘৰলৈ লৈ যাব পাৰিব।