ঘৰ-সংসাৰ ২০ : প্ৰদ্যুৎ জ্যোতি শইকীয়া

ঘৰ-সংসাৰ: ২০

প্ৰদ্যুৎ জ্যোতি শইকীয়া

“ঢলং পলংকৈ আহিছে
মোৰ জান ঐ….
সৌজাক ৰুৱনী…
পথাৰৰে শুৱনি
হাততে কঠীয়া লৈ…..”

ৰিন্টু কাইটীৰ গানটো শুনি শুনি ঘৰত আৰাম কৰি আছিলোঁ। আৰাম মানে কঁঠাল গুটি গুচাই আছোঁ। পোনাকনক লগত লৈ এই পথাৰত কামৰ দিনত ককাইটীক সহায় কৰো বুলি ঘৰলৈ আহিলোঁ। শ্ৰীমতীও লগত। মোৰ শ্ৰীমতীৰ পথাৰৰ কামৰ প্ৰতি বৰ উত্‍সাহ। উত্‍সাহ বুলি ক’লে ভুল কোৱা হ’ব। প্ৰথমে বোকাত নানামেই। মায়ে মানাই কৰিছিল। ময়ে অলপ “জেক”মাৰি দিলো কাণ কাণ। বোলোঁ এইটোৱেই তেমাম সুযোগ তোমাৰ কাৰণে। আই মাতৃ, মানে তোমাৰ শাহু আইক পতোৱাৰ। লাগি যোৱা আজিৰ পৰা। জলপান তলপান বনোৱাৰ পৰা পথাৰলৈ মাহঁতৰ কাৰণে লৈ যাবও পাৰা। ফুল ইম্ৰেছড হ’ব‍ই হ’ব। কোৱাৰ্টাৰলৈ যোৱাৰ আগতে মাৰ পৰা তুমি পাটৰ মেখেলা চাদৰ এযোৰ পোৱাটো খাটাং।

তাৰ মাজতেই শ্ৰীমতীয়ে কাঁহী বাতি ধুওঁতে হাতৰ নখ গোটেই কেইটাই ভাঙিল। ওচৰৰ পথাৰলৈ অহা যোৱা কৰি আঁঠুৰ ছাল ছিঙিলে। তাৰ বাবে ম‍ই ৰাতি ৰাতি মলম লগোৱাৰ ভাৰটো ল’ব লগা হ’ল। মা আৰু ককাইদেউৰ মুখত শুনি শুনি শ্ৰীমতীয়ে আমাৰ নিজৰ মাটিবোৰৰ নাম জনা হ’ল। যেনে “সিপাৰৰ দুপুৰা”, “বুঢ়ীজনীৰ বিঘা”, “আমতলৰ হোলাটো” ইত্যাদি ইত্যাদি। গৃহমন্ত্ৰীৰ মুখত আখৈ ফুটাদি ফুটা হ’ল নামবোৰ। ওচৰৰ পথাৰখনত শ্ৰীমতীয়ে জলপান দিব পৰা হ’ল কেইদিনমানতে। তাৰ পাচত শ্ৰীমতীক কোনে পাই! ঘৰত পথাৰত কাম কৰা মানুহৰ কাৰণে জলপান তৈয়াৰ কৰিছেই ওচৰৰ পথাৰখনলৈ দুই তিনিবাৰমান জলপান দিবলৈও গৈছে। দৃশ্যটো বৰ নান্দনিক। থেপেক-থাপাক খোজেৰে বোকাৰ মাজত শ্ৰীমতী। কোলাত পোনাকন। তাকো এৰি দিছোঁ অলপ পথাৰৰ হাৱা পানী খাবলৈ। সিয়ো একেবাৰে কিৰিলিয়াই উঠিছে। পাইছে মজা গৃহমন্ত্ৰীয়ে। ককাইদেউৱেও মজা লৈছে।

শ্ৰীমতীক যোৱাবাৰ ধান কটাৰ দিনত লৈ আহোঁতে আমতলৰ হোলাটোৰ লগত চিনাকি কৰোৱাই দিছিলো। হোলাত কঠীয়া ৰোৱাৰ সলনি মাছ ধৰিবলৈ পাইহে বেছি উত্‍সাহিত হৈ উঠিছিল তেৰাই। সেই আমতলৰ মাটিখিনিতে ৰুৱনীক জলপান দিবলৈ আজি মানুহৰ নাটনি হ’ল। ককাইদেউৱে বোলে “ম‍ইয়েই যাওঁ”। সুযোগ বুজি মোৰ ইঙ্গিতলৈ বাট নাচাই ককাইদেউক শ্ৰীমতীয়ে ক’লেই “ম‍ইয়েই যাওঁ দাদা, আপুনি কিয় যাব লাগে ম‍ই থাকোঁতে। পোনাকনক আপোনালোকে অলপমান সময় চাব”। ন’ৰলেই শ্ৰীমতী তাৰ পাছত। জলপানৰ টিফিন উঠাই চিধাই খোজ ল’লে আমতলৰ ফালে। হোঃ। খেতিৰ ভূতে বাৰুকৈয়ে লম্ভিলে শ্ৰীমতীক। খেতিৰ ভূত নে মাক ইম্প্ৰেছ কৰাৰ ভূত সেইটোহে নুবুজিলোঁ। ইফালে মায়ে পথাৰলৈ গৈ থকা শ্ৰীমতীৰ ফালে চাই মিচিকিয়াই ইম্প্ৰেছসূচক হাঁহি এটা মাৰিলে। বুজিলোঁ ম‍ই। মানে তলে তলে কথা তামাম। হোঃ।

ম‍ইও অলপ সময়ৰ পাছত ওলালোঁ ওচৰৰে মাটি দৰাত আলি দিবলৈ। ভাবিলো শ্ৰীমতীৰ লগতে ঘূৰি আহিম একেলগে। এবিঘামান মাটিত আলি দিয়াৰ পাছত মোৰ ওচৰত শ্ৰীমতী আহি ওলাল ।প্ৰথমে চিনিব‍ই পৰা নাছিলো শ্ৰীমতী বুলি। মূৰৰ চুলিলৈকে বোকা। ওচৰলৈ অহাৰ পাছত চিঞৰি মাতোঁতেহে গম পালে। বাকী ৰাস্তা শ্ৰীমতীক ঘৰলৈকে ডাংকোলাকৈ অনাৰ দৰেই হ’ল। ধানকটাৰ দৰে শুকান দিনত আমতলৰ হোলালৈ অহা আৰু কঠীয়া ৰোৱাৰ দিনত যোৱাৰ পাৰ্থক্য ভালকৈ বুজি পালে শ্ৰীমতীয়ে। শ্ৰীমতীৰ মুখখন শুকাইয়ে আহিল । আই ঐ দেহি। ঘৰ পোৱাৰ আগতে ককাইদেউক ইম্প্ৰেছ কৰাৰ আশাত শ্ৰীমতীয়ে খোজকেইটা ইতিমধ্যে গহীন কৰিলে। একেবাৰে স্থিৰ খোজ। যেন একোয়েই হোৱা নাই শৰীৰত। ঘৰ পোৱাৰ পাছতেই ককাইদেউ আৰু মাৰ আগত শ্ৰীমতীয়ে গৌৰৱেৰে ক’লে “হালোৱা আৰু ৰুৱনীক জলপান খোৱাই দুগুছামান কঠীয়া একেবাৰে ৰুইয়েই আহিলোঁ। অলপ দেৰি হ’ল সেয়ে।” শ্ৰীমতী যোৱাৰ পাছত ককাইদেউৰ মিচিকিয়া হাঁহিটোৰহে অৰ্থ বুজি নাপালোঁ ম‍ই। শ্ৰীমতীয়ে গা ধুই বিচনাত পৰি দিয়াৰ পাছতহে উৰহী গছৰ ওৰ ওলাল। মায়েও মুখ টিপি হাঁহি ককাইদেউৰ মিচিকিয়া হাঁহিৰ অৰ্থ সমাধান কৰিলে। আঙুলিয়াই দেখুৱালে কাম কৰা ল’ৰা ধনেশ্বৰলৈ । ধনেশ্বৰ সোনকালে গুচি অহা মানে বুজি পালোঁৱেই সকলো। মানে পথাৰত জলপান সঠিক ঠাই নাপালেগৈ। ইফালে গাঁৱৰে যোগেন দদাইটিয়ে চিঞৰি চিঞৰি মাক কৈ গ’ল “বোৱাৰীয়েৰে তামাম জলপান খোৱালে দেই, দুগুচামান ৰুলেও ..বৰ সাদৰী মানুহ পালা দেই..কালিলৈও দিবা দেই বৌ”। মানে শ্ৰীমতীয়ে আমতলৰ হোলাত কাম কৰা আমাৰ মানুহৰ সলনি ওচৰৰে যোগেন দাইটীৰ হোলাটোৰ মাটিত কাম কৰি থকা হালোৱা আৰু ৰুৱনীকহে ভাত -জলপান খোৱাই থৈ আহিল। খুক খুক। শ্ৰীমতী টোপনিত লাল কাল। খুক খুক। ককাইদেউৰ স’তে আকৌ এবাৰ হাঁহিলোঁ। ইফালে শ্ৰীমতীৰ নাকৰ ঘুৰঘুৰোৱা শব্দতো বাজি উঠিছিল লাহে লাহে …ঘুৰৰৰৰ ঘুঅৰৰ.. দেহি ঐ পথাৰত জলপান দিবলৈ যোৱাৰ ভাগৰ। খুক খুক। ৰাইজ, শ্ৰীমতীক নক’ব দেই ….

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!