চন্দ্ৰবিন্দু আৰু ৰেফৰ ব্যৱহাৰ – সুৰেন গোস্বামী

কিছুদিন আগতে মই “অসমীয়া বৰ্ণসমূহৰ উচ্চাৰণ“,ণ আৰু ন-ৰ ব্যৱহাৰ“ আৰু “অসমীয়া প্ৰত্যয়ৰ ব্যৱহাৰ“ সম্পৰ্কে লিখিছিলো‌ঁ৷ বন্ধুসকলৰপৰা অভূতপূৰ্ব সঁ‌হাৰি পোৱাই নহয়,বৰং অসমীয়া ব্যাকৰণৰ বিভিন্ন নিয়ম সম্পৰ্কে লিখাৰ বাবেও কিছুমানে অনুৰোধ জনাইছে৷

প্ৰসংগক্ৰমেই মই কওঁ‌ যে মই কোনো ভাষাবিদ নহয়৷ বাল্যকালৰপৰাই অসমীয়া ভাষাটো চৰ্চা কৰি পোৱা সামান্য জ্ঞানৰ ভিত্তিতহে কথাবোৰ লিখোঁ‌ আৰু সকলোৱে অসমীয়া ভাষাটো শুদ্ধকৈ লিখা আৰু কোৱাটো বাঞ্ছা কৰোঁ‌৷
অসমীয়া ব্যাকৰণ অতি জটিল আৰু ব্যাপক৷ প্ৰাৰম্ভিকতে সংস্কৃত ভাষাৰ প্ৰভাৱত আৰু সংস্কৃত ব্যাকৰণৰ অনুকৰণত অসমীয়া ব্যাকৰণবোৰ ৰচনা কৰাৰ ফলস্বৰূপে অত্যধিক সংস্কৃত কঠিন শব্দই ব্যাকৰণ ভাৰাক্ৰান্ত কৰি তুলিছে আৰু ব্যাপক নীতি-নিয়মৰ পৰিপ্ৰেক্ষিতত পাঠকে বুজি লৈ মনত ৰখা কঠিন অনুভৱ কৰি অহাটো অনুভৱ কৰা যায়৷ ভাষাবিদসকলে এই কঠিনতা দূৰ কৰিবলৈ সময়ে সময়ে পদক্ষেপ নোলোৱা নহয়, কিন্তু ব্যাপকতাৰপৰা মুক্ত হ’ব পৰা নাই৷ তথাপি ব্যাকৰণ অবিহনে আমি শুদ্ধ ভাষা লিখিব নোৱাৰোঁ‌ আৰু সেয়ে ইয়াক আয়ত্ব কৰিবই লাগিব৷ ইয়াৰ বাবে ব্যাকৰণৰ উপৰিও সাধাৰণতে পোৱা উৎকৃষ্ট মানৰ লেখাবোৰ অধ্যয়ন আৰু অভ্যাস কৰি শুদ্ধ ভাষা লিখিব পাৰি বুলিও বিশ্বাস হয়৷ আমি এই দিশত গুৰুত্ব দিয়েই প্ৰায়েই লেখকসকলৰ লেখাত দৃষ্টিগোচৰ হোৱা বিভিন্ন ভুল বহু দিনৰপৰাই আঙুলিয়াই আহিছোঁ‌, যাতে ফেচবুক এটা শিক্ষাৰ থলি হিচাপেও পৰিগণিত হয়৷

যিয়েই নহওঁ‌ক, ব্যাকৰণৰ ভিত্তিত প্ৰাপ্ত সামান্য জ্ঞানৰ আলম লৈয়েই ইয়াত আমি ওপৰত উল্লেখ কৰা ঁ‌ (চন্দ্ৰবিন্দু) আৰু ’ৰেফ-কাৰ’ সম্পৰ্কে চমুকৈ, আৰু পাৰ্য্যমানে সৰলকৈ আলোচনা কৰাৰ চেষ্টা কৰিলোঁ‌৷
চন্দ্ৰবিন্দুৰ লগত’ঞ’ বৰ্ণৰ কিছু সম্পৰ্ক আছে কাৰণে প্ৰথমে এই বৰ্ণটোৰ পৰিচয় লওঁ‌হক৷
’ঞ’এটা ব্যঞ্জন বৰ্ণ৷ ই নাসিকা (নাকেৰে উচ্চাৰিত) ধ্বনি৷ অসমীয়াত ইয়াৰ নিজা উচ্চাৰণ নাই, — ই পৰনিৰ্ভৰশীল৷ সেয়ে ইয়াক ’য়ঁ‌’ বুলি উচ্চাৰণ কৰা হয়৷ বহুতে ইয়াক ’নিয়’ বা ’নিঅ’ বুলি ভুলকৈ, ফেঁ‌চাৰ মাতৰদৰে উচ্চাৰণ কৰে৷ হ’ব লাগে ’য়ঁ‌’ হে৷
’ন’ ধ্বনিযুক্ত বৰ্ণৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ হয়, যেনে– গঞা (গয়াঁ‌), কেঞা(কেয়াঁ‌),
গোহাঞি (গোহাঁ‌ই), ভূঞা (ভূয়াঁ‌) ইত্যাদি৷

এই আখৰটো আকৌ ’য়-কাৰ’ হিচাপেও ব্যৱহাৰ হয়৷ তেতিয়া তাৰ নাসিকা ধ্বনি লোপ পায়, যেনে–
জ±ঞ=জ্ঞ বিজ্ঞান–বিগ্যান, সংজ্ঞা–সংগ্যা
পঞ্জিকা- পনজ্যিকা, অঞ্জলি-অনজ্যলি, আদি৷
এতিয়া আপুনি নিশ্চয় প্ৰশ্ন কৰিব যে যদি ঞ-টো য়ঁ‌ হয়, তেন্তে চন্দ্ৰবিন্দুটো কিয় লাগে?

ঁ‌ চন্দ্ৰবিন্দুঃ ইয়াক এই কাৰণেই লাগে যে ই এটা বৰ্ণ নহয়, ধ্বনিহে (স্বৰ)৷ ই নাসিকা ধ্বনি৷ ই সদায় স্বৰবৰ্ণৰ ওপৰত বহে আৰু বৰ্ণটো নাকেৰে উচ্চাৰণ কৰিবলৈ কয়৷ ’ন’ (ইংৰাজী N) ধ্বনিযুক্ত বৰ্ণক উচ্চাৰণ কৰিবলৈ ঁ‌ চন্দ্ৰবিন্দু ব্যৱহাৰ হয়৷
যেনে- গাঁ‌ও; বাঁ‌হ (বাঞ্চ banch); আঁ‌চল-আঞ্চল, গাঁ‌জা–গাঞ্জা ইত্যাদি৷

শংকৰী সাহিত্যৰ কিছুমান ’ন’ যুক্ত শব্দ, যেনে- খাৱন্তে, যাৱন্তে, উঠন্তে, বহন্তে, দিৱন্তে আদি শব্দৰ অসমীয়া ৰূপান্তৰত ’ন’-ৰ ঠাইত চন্দ্ৰবিন্দু প্ৰয়োগ হৈ যাওঁ‌তে, খাওঁ‌তে, বহোঁ‌তে, দিওঁ‌তে, কৰোঁ‌তে আদি হৈছে৷
সংস্কৃতমূলীয় কিছুমান ’ম’ ধ্বনিযুক্ত বৰ্ণতো অৱশ্যে চন্দ্ৰবিন্দু ব্যৱহাৰ হয়, যেনে- জাম্প–জাঁ‌প,
কম্প–কঁ‌পা, গ্ৰাম–গাঁ‌ও, কুমাৰ–কোঁ‌ৱৰ আদি৷

সৰ্বনামৰ তৃতীয় পুৰুষ, যিবোৰক ’হঁ‌ত’ প্ৰত্যয়েৰে বহুবচন কৰা হয়, সেইবোৰত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়, যেনে– সিহঁ‌ত, তাইহঁ‌ত, এইহঁ‌ত, বোপাইহঁ‌ত আদি৷

’ও’ধ্বনিৰে সমাপন হোৱা প্ৰথম পুৰুষৰ সমাপিকা ক্ৰিয়াৰ ও-ৰ ওপৰত চন্দ্ৰবিন্দু হয়, যেনে-কৰোঁ‌, যাওঁ‌, খাওঁ‌, খালোঁ‌, , গলোঁ‌, পাৰোঁ‌, নোৱাৰোঁ‌, হৈছোঁ‌, দিলোঁ‌ ইত্যাদি৷
মন কৰিবলগীয়া যে চন্দ্ৰবিন্দুৰ ভুল প্ৰয়োগে শব্দৰ অৰ্থকে সলনি কৰি দিব পাৰে৷ যেনে-
তেও (তথাপি) তেওঁ‌ (তেখেত)
বাহ (চৰাইৰ, পৰুৱাৰ) বাঁ‌হ (বাঁ‌হগছ)
আহত (আঘাত) আঁ‌হত (আঁ‌হত গছ)
তাত(সৌ খিনিত) তাঁ‌ত (তাঁ‌ত শাল)
কাহ (এবিধ ৰোগ) কাঁ‌হ (ধাতু)
আচল (প্ৰকৃত) আঁ‌চল (কাপোৰৰআগ, অঞ্চল)
গাঁ‌ও (গ্ৰাম) গাওঁ‌ (গান গাওঁ‌)
জাত (জাতি, গোষ্ঠী) জাঁ‌ত(শস্য পিহা শিলৰ যন্ত্ৰ)
জোৰ (শক্তি) জোঁ‌ৰ(জুই লগাই নিয়া খৰিৰ
আঁ‌টি৷ ইত্যাদি৷
গতিকে চন্দ্ৰবিন্দু যদিও দেখিবলৈ ধুনীয়া, আখৰৰ ওপৰত দিলে কপালত সিন্দূৰ পিন্ধা আইজনীযেন লাগে, তথাপি ইয়াক য’তে-ত’তে লগালে বান্দৰীহেনহে হয়৷

ৰেফ-কাৰঃ ই ’ৰ’ বৰ্ণৰে এটা মাত্ৰাৰূপ৷ ই দুই ধৰণে মাত্ৰা ৰূপ লৈ ব্যঞ্জন বৰ্ণৰ তলত বা ওপৰত বহিবলৈ অধিকাৰ পাইছে৷ এইকাৰণে ইয়াৰ চন্দ্ৰবিন্দুৰ লগত মাত-বোল নাই৷ কাৰণ চন্দ্ৰবিন্দুৱে মাথোঁ‌ স্বৰবৰ্ণৰ ওপৰত বহাৰ সুবিধা পোৱাৰ বিপৰীতে ৰ-কাৰদালে সুবিধামতে ব্যঞ্জন বৰ্ণৰ ওপৰ বা তলত বহিবলৈ সুবিধা পাইছে৷ এই মনোমালিন্যৰ বাবেই য’ত ’ৰেফ’ থাকে তাত চন্দ্ৰবিন্দু নবহে৷
ৰ-ৰ লগত অন্য ব্যঞ্জন বৰ্ণ যুক্ত হ’লে ৰ লোপ পাই ৰেফ-কাৰ হয়৷ তেতিয়া ব্যঞ্জন বৰ্ণটোৰ লগত ই একেলগে উচ্চাৰণ হয়৷ উদাহৰণ স্বৰূপে ’পৰবত’ শব্দটোত ৰ±ব হৈ ’ৰ্ব’ হৈছে আৰু উচ্চাৰণ চমু হৈ একধ্বনি হৈ হৈছে ’পৰ্বত’৷ মন কৰিবলগীয়া যে যিটো বৰ্ণৰ লগত ৰ একত্ৰে উচ্চাৰণ হয়, সেইটোৰ ওপৰতহে ৰেফ-কাৰ বহে, তাৰ আগত বা পিছত নহয়৷ যেনে- নিৰভৰ= নিৰ্ভৰ; কৰকট= কৰ্কট, দুৰযোধন=দুৰ্যোধন, কৰম=কৰ্ম আদি৷ গতিকে ৰেফে ’ৰ’-ৰ উচ্চাৰণ চমু কৰি সংপৃক্ত ব্যঞ্জন বৰ্ণটোৰ লগত একত্ৰে উচ্চাৰণ হয়৷

’ৰ’-এ ব্যঞ্জন বৰ্ণৰ তলত স্থান লৈও বৰ্ণটোৰ উচ্চাৰণ চমু আৰু একত্ৰ কৰে, যেনে- নম্ৰ, ভদ্ৰ, চন্দ্ৰমা, প্ৰাপ্য, ক্ৰমে, বিদ্ৰোহ আদি৷

আশা কৰোঁ‌ এই আলোচনাই চন্দ্ৰবিন্দু, ৰেফ-কাৰ আৰু ৰ-কাৰৰ বিষয়ে কিছু হ’লেও সমস্যা দূৰ কৰিব৷
——————————————————————–

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!