চাকৰি কৰি থকা সকললৈ…(প্ৰাণজিৎ বৰুৱা)

যিমান যি হলেও আপোনাৰ

এটা চাকৰি আছে…

আপুনি অসুখী মানিছোঁ আপোনাৰ ঢেৰ

টেনচন,

আপুনি পোৱা নাই সুখ,

পোৱা নাই জব চেটিছফেকচন,

তথাপি দুখ নকৰিব

যিমান যি হলেও

আপোনাৰটো এটা চাকৰি আছে!

এটা সৰুকৈ হলেও 5 ফিগাৰৰ চেলাৰী আছে।

আপুনি কিনিব পৰা নাই ফৰ হুইলাৰ,

বনাব বৰা নাই দুমহলীয়া মহঙা ঘৰ,

মানিছোঁ আপুনি পূৰাব পৰা নাই পৰিয়ালৰ

সমস্ত আব্দাৰ,

কিন্তু সেইবুলিয়েই দুখ নকৰিবচোন ..!

আপুনি লঘোণে থকা নাই এবেলাও,

ঘৰ নাই বাবেই ৰ’দ-বৰষুণত তিতিও থাকিব

লগা হোৱা নাই।

গাড়ী নাই বাবেই আপুনি খোজ কাঢ়ি যাবলগীয়া হোৱা নাই
খালী ভৰিৰে দহ বাৰ মাইল বাট..

আৰু আটাইতকৈ ভাল কথা আপোনাৰ শৰীৰত

নাই সেই নিবনুৱা হোৱাৰ নিৰ্মম আঘাত!!

আপোনাৰটো এটা চাকৰি আছে…

হয়তো আপোনাৰ লৰাক পঢ়াব পৰা নাই

আটাইতকৈ দামী বিদ্যালয়খনত,

দিব পৰা নাই

সি বিচৰা সকলো দামী খেলনা,

পিছে দুখ নকৰিবচোন,

সিটো ল’বলগীয়া হোৱা নাই হাতত ভিক্ষাৰ

জোলোঙা!

ৰাষ্টাৰ কাষৰ পলিথিন বিচাৰি যাবলগীয়া হোৱা নাই,

কোনো হোটেলৰ এৰেহা বাছনবোৰ

সি ধোৱা নাই।

দুখ নকৰিব,

এনে বহুত মানুহ আছে যিবোৰ

আমি ভবাতকৈও বহুত দুখত আছে ,

কিন্তু তেওঁবিলাকো মৰা নাই।

আপুনি কিয় ভাগি পৰে তেন্তে কামৰ

হেঁচাত,

কিয় মৰিম মৰিম লাগি যায়,

বচৰ গালিতেই কিয় হৃদয়খন ভাঙি যায়?

আপুনি কিয় ভাবি লয় পৃথিৱীত আপুনিয়েই

আছে সকলোতকৈ দুখত,

জানে, আপুনি আছে বহুততকৈ সুখত..!

কাৰণ

আপোনাৰ কমচেকম এটা চাকৰি আছে,

এটা কম পৰিমাণৰ হলেও চেলাৰী আছে …

আপোনাৰ ডিগ্ৰীবোৰ পঁচি যোৱা নাই,

আপুনি কাৰো মুখলৈ চাবলগীয়া হোৱা নাই,

যিহেতু আপুনি ঘৰৰ বোজা হ’বলগীয়াও

হোৱা নাই,

গতিকে কাম কৰি সুখী নহ’লেও
নাপাব আঘাত,

মনত ৰাখিব নিবনুৱা নামৰ

অভিশাপটো নাই আপোনাৰ গাত,

যিমানেই যি হলেও যে আপোনাৰ

এটা চাকৰি আছে,

অভাৱ পুৰালেও নুপুৰালেও

এটা যে চেলাৰী আছে,

সেয়েহে

আপুনি সুখী হ’ব লাগে

সুখী হওঁক!

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!