’’চানডুবি’’( ✏ৰুমী নাথ)
’’’চানডুবি’’’
’’’’’’’’’’’’’’’’’’’’’’’’
✏……ৰুমী নাথ
ঘোৰ কলা আন্ধাৰ আঁতৰাই
পূবৰ সূৰুযে আলোক বোধন
কৰিছিল মাথো তেতিয়া.,
যেতিয়া মই তোমাৰ ওচৰলৈ
বুলি বাট বুলিছিলো৷
আজি যেন মই একোকে
বিচৰা নাছিলো
যদি বিচাৰিছিলো
সেয়াও মাথো তোমাকেই৷
অহৰহ কল্ কল্ কৈ বোৱা
তোমাৰ প্ৰেমভৰা নদীৰ সোঁতে
আজি মোৰ হৃদয়ৰ
পাৰ ভাঙি ব’ব ধৰিছিল৷
নেজানো মোৰ তোমাৰ প্ৰতি
ইমান দুৰবলতা ক’ত?
আজি আহি পালোহি তোমাক
পুনৰ সেই ঠাইত
য’ত আমাৰ প্ৰথম চিনাকি৷
হয় এয়াই তুমি
এয়া তোমাৰ দেহজুৰি
বিয়পি থকা উজ্জ্বল জলেই
মোৰ বাবে এতিয়া তীব্ৰ সুৰা
স্বৰূপ৷
হয় এয়াই তুমি৷
জনতাৰ কোলাহল নহয়
য’ত মাথো সমীৰণত ভাঁহি
অহা পখীৰ সুৱদি সুৰ
শুনিবলৈ পাওঁ৷
এইবোৰেই কিজানি মোৰ
তোমাৰ প্ৰতি থকা দুৰবলতা!
তুমিয়েই মাতি আনা মোক
চানডুবি
তোমাৰ সেউজীয়াৰ মাজত
বিচাৰি চাবলে মোৰ সজীৱতা৷
****