চিকেন থুক্পা : (চাৰিজনৰ কাৰণে) –ৰূপলেখা দেৱী

উপকৰণ: —

১) চিকেন তিনিশ গ্ৰাম (সৰু-সৰুকৈ কাটি ল’ব, হাড় থকা বা নথকা)
২) চাওমিন ডেৰ পেকেট
৩) মধ্যমীয়া আকাৰৰ পিয়াজ দুটা,আদা নহৰুৰ পেষ্ট এক চামুচকৈ।
৪) ডাঙৰ বিলাহী এটা,গাজৰ,বন্ধাকবি, বিণ, পিয়াঁজপাত বা বতৰৰ পাচলি নিজৰ জোখমতে (ঐচ্ছিক)
৫) চয়া চচ অলপ,কৰ্ণফ্লোৰ দুচামুচ,জালুকৰ গুৰি জোখমতে,নিমখ জোখমতে
৬) জলকীয়া (ঐচ্ছিক)
৭) বাটাৰ বা ৰিফাইন তেল অলপ

প্ৰণালী: —
প্ৰথমে মাংসখিনি দুটামান হুইচেল মাৰি প্ৰেচাৰ কুকাৰত সিজাই ল’ব। পাচলিখিনি মিহি আৰু দীঘলকৈ কাটি ল’ব। চাওমিনখিনি সিজাই ঠাণ্ডা পানীত জুবুৰিয়াই থ’ব। এইবাৰ পিয়াঁজ আৰু বিলাহীখিনি মিক্সিত পেষ্ট বনাই ল’ব। কেৰাহী এখন জুইত পাতি গৰম হ’লে এক চামুচ ৰিফাইন তেল বা বাটাৰ দি পিয়াঁজ, বিলাহীৰ পেষ্ট আৰু আদা নহৰুৰ পেষ্টখিনি দি অলপ সময় ভাজিব। কেঁচা গোন্ধটো নোহোৱা হ’লে কাটিথোৱা পাচলিখিনি দি পুনৰ পাঁচমিনিট লৰাই ভাজিব। তাৰপিছত ইয়াত চাৰি গিলাচ মান পানী দি জোখমতে নিমখ দি উতলিবলৈ দিব। উতল অহাৰ পিছত পাচলি সিজি আহিলে আগতে সিজাই থোৱা মাংসখিনি পানীৰে সৈতে তাত মিহলাই দিব। এইবাৰ কৰ্ণফ্লোৰখিনি পানীৰে গুলি লৈ চুৰুহাখিনিত দিব। লগতে চয়া চচ দুচামুচ আৰু জালুকৰ গুৰি দি চুৰুহাখিনি কিছু ঘন হ’লে নমাই থ’ব।
এইবাৰ চুপ বাউল চাৰিটাত সিজাই থোৱা চাওমিনখিনি পানীৰ পৰা উঠাই সমানে চাৰিভাগ কৰি লৈ তাৰ ওপৰত চুৰুহাখিনি ঢালি ওপৰত ধনীয়া পাত অলপ কাটি দি গৰমে গৰমে পৰিবেশন কৰক। এই চিকেন থুক্পাবিধ স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু খাবলৈও সুস্বাদু হয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!