চিকেন হৰিয়ালী টিক্কা – সুজাতা পাঠক বৰা

একেবাৰে সাধাৰণ বস্তু কেইটামানেৰে বনাব পৰা এটা অতি সুন্দৰ আৰু সোৱাদযুক্ত খাদ্য৷

ইয়াক বনাবলৈ মুৰ্গীৰ ব’নলেছ টুকুৰা কেইটামান ভালকৈ ধুই পানী টুকি লব৷ এমুঠি পদিনা এমুঠি ধনীয়া ভালকৈ ধুই মিক্সীত দি পেষ্ট বনাই লৈ লব, তাৰপিছত আদা, নহৰু আধা কাপ দৈ আৰু সোৱাদ অনুসৰি নিমখ এই সকলোবোৰৰ সৈতে ভালকৈ মিহলাই লৈ মাংসৰ টুকুৰাকেইটাত ভালকৈ সানি ২-৩ ঘণ্টাৰ বাবে ফ্ৰীজত থৈ দিব৷ তাৰপিছত যেতিয়াই বনাব হয় লোৰ চিকত লগাই মাইক্ৰৱেভৰ কনভেক্চনত 230c temp. ত ৪৫মিনিট-১ঘণ্টাৰ বাবে দিব, মাজত এবাৰ লুটিয়াই দিব, আৰু নহলে বাৰ্বিকিউ কৰিবও পাৰে৷

বিঃদ্ৰঃ – জৰুৰী নহয় যে মাইক্ৰ’ৱেভতে বনাব লাগিব, সুবিধা অনুযায়ী বাৰ্বিকিউ কৰিবও পাৰিব৷ খৰি জ্বলাই বা গেচতে লোৰ ষ্টেণ্ড এডালত দি সেকিব পাৰিব, কম জুইত লাহে লাহে সেকিব৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!