চৰকাৰী লাইভ (প্রণৱজ্যোতি দাস)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

মমতাক দেখি উঠিল গা
স্বর্গদেৱে বুলে মোকো চা,
চৰকাৰী চেনেল খোলি দিম
সকলো ভিলেইন হিৰ’ বনাই দিম ।।

বনফুলে বনগীত গাব
কালন্তকে হেল্থ টিপচ্ দিব,
ৰাতিপূৱা মই নিজে ওলাম
ফুটপাথত খোজ কঢ়াৰ অভ্যাস কৰাম।।

ৰুমি-চুমিতা ৯ বজাত আহিব
মেটমৰা গাজা আনিব,
ঘড়ী বাইদেউৰ সময় ১০ বজাত
দেখোৱাব কিমান পাকৈত দলং সজাত।।

১১ টাৰ পৰা আসাম এদ
নাচালে কিন্তু কৰিবা খেদ
ননস্টপ সুৰাৰ বিজ্ঞাপন
কমাব নোৱাৰি ৰাজকোষৰ ধন।।

“মেজিক টাইম” বর্মন দাৰ
বিৰাৰ লগত খেলা যাৰ,
আৰু থাকিব “তীর্থ দর্শন”
লগত থাকিন মন্ত্রী চন্দন।।

বিদ্যুতৰ লেজাৰ চ’
চালে চিঞৰিবা “ৱানচ ম’ৰ”,
ৰেকিব আহিব প্রাইম টাইম লৈ
কপাহ অলপ লগত ৰাখিবা থৈ।।

ন’ ম’ৰ পগ্রেম আপদেট
খোলি লোৱা 69 VAT,
এন্ধাৰতে খেপিয়াই থাকা
ঘৈনিয়ে দিয়া বুট ভজা।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!