ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

ছদ্ম নাম তোমাৰ বেশ্যা(-দীপ ৰঞ্জন বৈষ্ণৱ)

তোমাৰ স’তে এনিশা
বন্ধ কোঠাত
পকেটৰ মুদ্রাৰ লেনদেন
শাৰীৰিক অবকাশ
হয়তো বহুদিনীয়া হেঁপাহ ।।
যোৱাটো নিশা
নষ্ট-গলিৰ এক অভিজ্ঞতা
ধূষৰিত স্মৃতিৰ গতানুগতিকতা
মঙহৰ স’তে হাবিয়াস পূৰাই
প্রেমাস্পাদ বিহীন পৈশাচীক কামনা
অচিনা নাৰীৰ মূল্যায়ন
সংগোপনে কৰা
সাতম-পুৰুষীয়া
ৰম-ৰমীয়া বেহা
সমাজৰ এলাগি
কোঠাৰ সুন্দৰী কাৰোবাৰ জীয়ৰী
ছদ্ম নাম তোমাৰ বেশ্যা ।।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!