ছাগলী আৰু ঢেকীয়াপতীয়া বাঘ (সিদ্ধাৰ্থ শৰ্মা)
(ভোবোলাই চিৰিয়াখানাত বাঘ দেখিছে আৰু মানুহে কেমেৰাৰে ফটো তোলোতে বাঘে হাত কামোৰা খবৰটোও শুনিছে । ভোবোলায়ো ভয় খালে। কিন্তু বিপদত ভয় আৰু খঙৰে একো নহয়। এনে ছিটুৱেচনত ধৈর্য, সাহস আৰু বুদ্ধিৰে জয়ী হোৱাটো সুলক্ষণৰ লক্ষণ।…)
ছাগলি আৰু ঢেকীয়াপতীয়া বাঘ
সিদ্ধাৰ্থ শৰ্মা
এবাৰ গুৱাহাটিৰ ভোবোলা ছাগলি এটাই বনলৈ যাবলৈ মন মেলিলে। চিটিত থাকি ভিক্ষা খুজি মানুহে ঠেক মনেৰে দিয়া বুটমাহ, চাউল খাই থকাতকৈ হাবিত কোমলীয়া ঘাঁহ তলসৰা ফল-মূল খাই থাকিম। ভবামতেই কাম কৰাটো সুপুৰুষৰ লক্ষণ।
ভোবোলাই হাবিত দিনটো ফল-মূল কোমলীয়া ঘাঁহ খাই ৰাতি বটগছ এজোপাৰ তলত আশ্ৰয় ল’লে । তাৰ তলতে বহি আনন্দ মনেৰে ঘাঁহ পাগুলিয়াই থাকোতে এটা ঢেকীয়াপতীয়া বাঘ আহি ওলালহি।
ঢেকীয়াপতীয়াই ভোবোলাক আগেয়ে দেখা নাই সেয়ে ওচৰ চাপিবলৈ ভয়ো খাইছে। এনকুঁৱাৰি এটা কৰো বুলি সুধিলে—
লোমা লোমে দাড়ি
ঘনে কৰে বিলাস
কোন নো মহাপুৰুষ এয়া
খাটে বনবাস।
ভোবোলাই চিৰিয়াখানাত বাঘ দেখিছে আৰু মানুহে কেমেৰাৰে ফটো তোলোতে বাঘে হাত কামোৰা খবৰটোও শুনিছে । ভোবোলায়ো ভয় খালে। কিন্তু বিপদত ভয় আৰু খঙৰে একো নহয়। এনে ছিটুৱেচনত ধৈর্য, সাহস আৰু বুদ্ধিৰে জয়ী হোৱাটো সুলক্ষণৰ লক্ষণ।
ভোবোলাই কলে—
সিংহ খালোঁ , ভালুক খালোঁ
আৰু খালোঁ হাতী
ঢেকীয়াপতীয়া খাম বুলি
আছোহি বনবাস খাটি।
কথাষাৰ শেষ কৰি ফোৰাহানি এটা মাৰি ভোবোলাই বহাৰ পৰা থিয় হ’ল। ঢেকীয়াপতীয়াই নেগুৰ পেলালোই লৰ দিলে।