ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

জনমভুমি (- নিৰ্মালী বৰঠাকুৰ )

তোমাক পাইছিলো সৌ সিদিনা
হঠাতে,
গুছি গ’লা মোলৈ এবাৰো নোচোৱাকে।
সুবিধাই নিদিলা তুমি মোক
সুধিবলে,
আগৰ সেই এৰা-এৰিৰ অবুজ
কথাকে ।
জনাই দিলা মাথো এখন
পত্রৰে ,
মৰি যাম,মাৰি যাম
দেশৰ হকে ।

অসুয়া-অপ্রীতিক ধাৰাসাৰ কৰিম
জনমভুমিৰ মান অটুট ৰাখিম ।
সাম্প্রদায়িক সংঘৰ্ষত জৰ্জৰিত এই অসমভুমি
পুনৰ সম্প্রীতিৰ ডোলেৰে সজাই তুলিম ।।
এতিয়া সময় নাই নিজৰ বাবে
পণ ললো জন্মভুমিক ৰক্ষাৰ্থে ।
জয়তু জনমভুমি
জয়তু অসমভুমি ।।

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
পঙ্কজ কুমাৰ ৰয়
11 years ago

ওপজা মাটিৰ গোন্ধে দেশ প্ৰেম বঢ়াই তোলে
তাৰে সিঙ্হ ভাগ আকৌ কবি সকলেই ললে…

Copying is Prohibited!