জমনি (প্রণৱ জ্যোতি দাস)

জমনি
প্রণৱ জ্যোতি দাস

একঁকাল পানীত
কিহৰ লাজতনো পিন্ধা তিয়নি
নাকত তোমাৰ নাকফুলনে
শেঙুনৰ চামনি,
বিৰাট জমনি দেই দাদা
বিৰাট জমনি।

থুতৰিত হোলোঙা
ভৰিত চেন্দেল
নতুন ষ্টাইলত
চুট টাই নেচেল।

গাঁৱৰ বিয়া
ভৰিত হাইহিল,
এবাৰ ফচিল
এবাৰ উঠিল
এপাক কর্ফাল খাই
ৰভাৰ তলিত,
উঠিয়েই চিঞৰ
আৰু নাহো দেই মাম্মি।

পিলিঙাৰ পচন্দ
তিৰঙ্গা শিখৰ
বুঢ়া হোৱাৰ চাঞ্চ নাই
তাৰ আগতেই আলহি যমৰ।

কাবৌ কৰিছোঁ
নামাৰিবা গাজনি
বিৰাট জমনি দেই দাদা
বিৰাট জমনি।।

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!