শুকান পাতৰ খৰখৰণিৰ দৰে
এটা চিনাকি দুখে
মোৰ বুকুত খৰমৰাই উঠে।
ওলমি থকা সেউজীয়া কবিতাৰ দৰে
প্ৰাণ পাই উঠা স্বপ্নবোৰ যেন
আজি সৰি সৰি পৰে।
লাহে লাহে যেন মই স্বপ্নহীন পৃথিৱীত
শুকাই গৈছোঁ।
চিনাকি ছবিখন যেন ধূসৰ হৈ পৰিছে
সন্মুখত মাথোঁ এতিয়া
স্বপ্ন ভগাৰ খৰখৰণি।