জীৱনৰ সিপাৰে…অথবা – ৰীতিমালা ভাগৱতী

মূল হিন্দী: দীপ্তি নৱল

অনুবাদ: ৰীতিমালা ভাগৱতী

 

 

ভাগৰুৱা এই জীৱনৰ পৰা নিলগত

বহু দূৰৰ ক’ৰবাত

য’ত তৰাৰ দেশলৈ যাব পৰা

এটি নীলা পথ আছে,

কাঁচেৰে বন্ধোৱা

অসংলগ্ন সপোনবোৰে

য’ত ঘৰ সাজে,

য’ত সুখী হব পৰা যায়

য’ত চকুলোৰ সলনি হাঁহি কিনিব পাৰি

ফুলৰ সুবাস

নিজৰাৰ কলকলনি

পুৱাৰ সতেজ বা এচাটি য’ত পোৱা যায়

হ্ৰদৰ বুকুৰ পৰা য’ত সপোনময় টোপনি কিনিব পাৰি

য’ত আকাংক্ষাৰ তাজমহল সজাব পাৰি,

প্ৰেমে য’ত লক্ষ্য বিচাৰি পায়

এই ভাগৰুৱা জীৱনৰ পৰা আতঁৰত

বহু নিলগত ক’ৰবাত

এখন সুখৰ ঠাই থাকিব

ধুনীয়া এখন উপবন হ’ব

এই নিসংগ জীৱনটোৱেই একমাত্ৰ সত্য নহয়

ক’ৰবাত এনেকুৱাও এখন বজাৰ থাকিব…

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!