জীৱন কচুপাতৰ পানী (ৰঞ্জিত কুমাৰ বৰা)
জীৱন কচুপাতৰ পানী
– ৰঞ্জিত কুমাৰ বৰা
বুজিব পৰা হোৱা দিনৰ পৰা আজিলৈকে সততে শুনি অহা এই তত্বগধুৰ কথাষাৰিয়ে মনত ইমানেই গভীৰভাৱে খোদিত হ’ল যে জীৱনৰ কথা ওলালেই সততে মুখেৰে ওলাই আহে – “জীৱন কচুপাতৰ পানী”৷ তাৎপৰ্যপূৰ্ণ কথাষাৰিক লৈ বড়ো সমাজত এটা মধুৰ জনশ্ৰুতি আছে ৷ সহজ-সৰল, সংস্কাৰাপন্ন সমাজখনত যুগ যুগ ধৰি মুখে মুখে বাগৰি অহা কাহিনীটোৱে পৃথিৱীত কিদৰে জীৱকূলৰ সৃষ্টি হ’ল, তাৰো ব্যাখ্যা আগবঢ়াইছে ৷ এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে বড়োসকল প্ৰধানতঃ শাক্ত, শিৱ ভক্ত ৷
পাৰ্বতীৰ সৈতে সুখৰ সংসাৰ চলাই থকা শিৱৰ এদিন ইচ্ছা হ’ল, আজি আমি মানুহ বুলিলে যি বুজোঁ তেনে এটা প্ৰজাতি সৃষ্টি কৰা ৷ ইচ্ছা মানেই কাম ৷ সৃষ্টি কৰিবই লাগিব ৷ শিৱই কিন্তু কথাষাৰ পাৰ্বতীৰ পৰা গোপনে ৰাখিলে ৷ ঘৰৰ পৰা নিলগৰ এঠাইত এটি মূৰ্তি সাজি তাৰে কাষৰ পথাৰত আহাৰৰ বাবে ধান শস্যৰ সৃষ্টি কৰিলে ৷ তাৰ পিচতে নিৰ্জীৱ মূৰ্তিত প্ৰাণৰ সঞ্চাৰ কৰিবলৈ শিৱই কৈলাসলৈ গ”ল ৷ উদ্দেশ্য, অমৰপ্ৰাণ আনি মানুহক অমৰত্ব দান কৰা ৷ শিৱই যোৱাৰ আগেয়ে মূৰ্তি সজোৱা আৰু খেতি কৰা ঠাইডোখৰৰ পিনে নাযাবলৈ পাৰ্বতীক বাৰে বাৰে সকীয়াই দি গ’ল ৷ কিন্তু স্বামীৰ বাধাত ৰহস্যৰ ইংগিত পাই “কিনো আছে” বুলি পাৰ্বতীয়ে এদিন সেইমুৱা হ’ল ৷ গৈ গৈ শস্য শ্যামলা পথাৰ আৰু অপূৰ্ব সুন্দৰ মূৰ্তিটো প্ৰত্যক্ষ কৰিলে ৷ শ্যামলী শইচ দেখি পাৰ্বতীৰ মুখেৰে ওলাই গ’ল, “মনোৰম”৷ কিন্তু পাৰ্বতীৰ চকু লাগি সেউজীয়া পথাৰ লেৰেলি গ’ল ৷ আনহাতে আকৰ্ষণীয় মূৰ্তিটোৰ ৰূপত বিমোহিত হৈ পাৰ্বতীয়ে কাষতে থকা কচুপাতৰ পানী ঢালি প্ৰাণ দান কৰিলে ৷ ইপিনে কৈলাস পৰ্বতৰ পৰা অমৰপ্ৰাণ আনি শিৱই দেখে কথা ওলোটা হৈ আছে ৷ পাৰ্বতীয়ে ইতিমধ্যে কামফেৰা কৰি থৈছে ৷ পত্নীৰ কাণ্ডত বিমোৰ শিৱই পাৰ্বতীক ক’লে — “মই মানুহক অমৰত্ব দান কৰিব বিচাৰিছিলোঁ, তুমি একো নভবা নিচিন্তাকৈ কচুপাতেৰে জীৱন দিলা ৷ মানুহৰ জীৱন কচুপাতৰ পানীৰ দৰেই হ’ব এতিয়া ৷” বড়ো সমাজৰ লোকবিশ্বাস মতে এইবাবেই হেনো মানুহৰ জীৱন কচুপাতৰ পানীৰ দৰে হ’ল ৷ কাহিনীটোৱে পৃথিৱীত কিদৰে মানুহৰ সৃষ্টি হ’ল, সেয়াও বৰ্ণনা কৰিলে ৷ লগতে বড়ো তথা অসমীয়া গ্ৰাম্য সমাজত আজিও প্ৰচলিত এটা বিশ্বাসৰ আধাৰো তুলি ধৰিলে ৷ মহাদেৱে পাৰ্বতীক অভিশাপ দি ক’লে — “মোৰ বাধা নামানি তুমি শস্যৰ পথাৰ চালা ৷ আজিৰ পৰা তুমি শস্য চাব নোৱাৰিবা ৷ চালেই শস্য ধ্বংস হ’ব ৷” সেইবাবেই হেনো আজিও গ্ৰাম্য সমাজত তিৰোতাক শস্যৰ ভাল-বেয়া চাবলৈ নিদিয়ে৷