জীৱন মানে মাঘ হোৱা হ'লে: জ্যোতি কুমাৰী শৰ্মা (বৰঠাকুৰ)

জীৱন মানে মাঘ হোৱা হ’লে

মাঘতে লুকাই থাকে আমাৰ জীৱন
জীৱন মানে মাঘ হোৱা হ’লে !mandirar gogoi_poem
মাঘৰ সন্ধিয়া
চৌকাৰ ধোঁৱাৰ স’তে
আমাৰ হাঁহিবোৰেও
আকাশচুম্বী সপোন ৰচে
ৰাতি হ’লে
হিমচেঁচা জাৰত যেতিয়া
ল’ৰাটি ঠেৰেঙা লাগে
মাকে সাৱটি ধৰি
সাধু কথাৰ পোহাৰ মেলে
মাঘ আহে মাথোঁ আমাৰ বাবে
পৈত্ৰিক সম্পত্তি বুলিবলৈ এডৰা মাটিৰে
ল’ৰাটোৰ পাতত অন্তত: দুটামান মিলে
আমাৰ বাৰু এবাটি মাৰ আৰু
এচিকটা নিমখেৰে এবেলা চলে
মাঘ আহে মাথোঁ আমাৰ বাবে
দুপৰৰ পথাৰত এজাক ল’ছালিৰ মুখত যেতিয়া
নৰাৰ পেঁপা বাজি উঠে
লঠঙা গছবোৰেও
তেজৰঙী সাজেৰে মিচিকিয়াই হাঁহে
মাঘতে লুকাই থাকে আমাৰ জীৱন
জীৱন মানে মাঘ হোৱা হ’লে !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!