জীৱন সলনি কৰাৰ কৌশল- অনুপমা বৰগোঁহাই
আমাৰ প্ৰত্যেকৰে জীৱনত আশাভংগতাৰ, বিশ্বাসঘাতকতাৰ বা প্ৰবঞ্চিত হোৱাৰ যন্ত্ৰণাৰ অভিজ্ঞতা কম বেছি পৰিমাণে আছে৷ এনে অভিজ্ঞতা নিশ্চয় কাৰো বাবে সুখকৰ নহয়৷ অতি আপোনজনৰ পৰা বিশ্বাসভংগৰ বেদনা পালে মানুহৰ জীৱন নিৰাশা আৰু নিৰানন্দৰ অন্ধকাৰ কুম্ভত সোমাই পৰে৷ বহুলোক এনে পৰিস্থিতিত প্ৰতিশোধ পৰায়ণ হৈ পৰে৷ কোনো কোনোৱে হয়তো নিজৰ জীৱন ত্যাগ কৰিবলৈকো উদ্যত হয়৷ বিশেষকৈ যুব প্ৰজন্মৰ মাজত প্ৰেমজনিত বিশ্বাসভংগৰ ঘটনাই বহু সময়ত আত্মবিশ্বাসহীন, হতাশগ্ৰস্ততা আদিৰ সৃষ্টি কৰা দেখা পোৱা যায়৷ মানুহৰ জীৱন তেনেই ক্ষন্তেকীয়া৷ মহাকালৰ বুকুত প্ৰতিটো জীৱন সাগৰৰ এটা এটা তৰংগৰ দৰে খেলি জাহ যাব৷ খন্তেকীয়া কাৰণেই জীৱনৰ প্ৰতিটো মূহূৰ্তই বহুমূলীয়া৷ এই বহুমূলীয়া মূহূৰ্তবোৰ দুখ, নিৰানন্দত অপচয় নকৰিবলৈ তথা জীৱনৰ যিকোনো পৰিস্থিতিক যিমান পাৰি সিমান সোনকালে নিজৰ আয়ত্তলৈ আনিবলৈ আমি চেষ্টা কৰিব লাগে৷ এনে চেষ্টাতেই আমাৰ জীৱন নামৰ খেলখন উপভোগ্য হৈ উঠে৷ অন্যথা লহৰ নোহোৱা পানীৰ দৰেই জীৱনটো মহাকালৰ বুকুত জাহ যাব৷
অলপতে ‘ৰিডাচ ডাইজেষ্ট’ নামৰ আলোচনীখনত শব্দ আৰু ইতিবাচক সংকল্পৰ শক্তিক উপলব্ধি কৰিব পৰা এটা সুন্দৰ আত্মকথা পঢ়িছিলো৷ লেখাটিৰ শিৰোনাম আছিল -“ টি পাছৱৰ্ড – যি মোৰ জীৱন সলনি কৰি দিলে৷” আমাৰ বহুতৰে বিশেষ ৱেবচাইট বা মেইল খুলিবৰ বাবে পাছৱৰ্ড লিখাৰ পিছত “আপোনাৰ পাছৱৰ্ড পুৰণি হ’ল – নতুন পাছৰ্ৱড সৃষ্টি কৰক” বুলি জাননী পঢ়াৰ বা নতুন পাছৱৰ্ড সৃষ্টি কৰাৰ অভিজ্ঞতা আছে৷ বহু ক্ষেত্ৰত এই পাছবৰ্ড সৃষ্টি কৰিবলৈ বিশেষ কিছুমান চৰ্ত বান্ধি দিয়াৰ বাবে বহুত বিৰক্তিও অনুভৱ কৰা যায়৷ আমি উল্লেখ কৰা লেখাটোৰ লেখকজনেও এদিন অফিচৰ ৱেবচাইটটো খুলি পাছৱৰ্ড সলনি কৰিবলৈ দিয়া জাননীখন পালে৷ প্ৰতি মাহৰ মূৰে মূৰে তেওঁলোকৰ অফিচৰ ৱেবচাইটৰ পাছৰ্ৱড সলনি কৰিব লগীয়া হয়৷ লেখক সেই সময়ত ঘৰুৱা সমস্যা কিছুমানৰ লগত যুঁজি ক্লান্ত হৈ আছিল৷ তেখেতক পত্নীয়ে বিশ্বাসঘাতকতা কৰিছিল আৰু ফলত বিবাহ বিচ্ছেদ হৈছিল৷ বহুদিনৰ মূৰত অফিচত কাম কৰিবলৈগৈ কম্পিউটাৰ খুলিয়েই পাছৰ্বড সলনি কৰিবলগীয়া হোৱাত তেওঁৰ বিৰক্তি চূড়ান্ত সীমা পালেগৈ৷ গালে মুখে হাত দি কিছু সময় বহি থাকোঁতে তেওঁৰ মনলৈ আহিল অফিচৰ পুৰণা বচে কোৱা এষাৰ কথা –
“মই মোৰ পাছৰ্বড বদলি কৰিম আৰু জীৱনটো সলনি কৰিম৷” সেই কথাষাৰ মনলৈ অহাৰ লগে লগে লেখকৰ মনলৈ যেন এক নতুন আশাৰ কিৰণ আহিল৷ যিহেতু তেওঁ পত্নীৰ বিশ্বাসঘাতকতাৰ কাৰণেই অভাবনীয় অশান্তি অনুভৱ কৰি আছিল- আৰু পত্নীক ক্ষমা কৰিবলৈ বহু চেষ্টা কৰিও পৰা নাছিল৷ সেয়ে তেওঁ ভাবিলে এই পাছৱৰ্ডৰ যোগেদিয়েই মই ক্ষমাৰ অনুশীলন কৰিম৷ আৰু লগে লগে তেওঁ এটা পাছৱৰ্ড সৃষ্টি কৰিলে “মই মোৰ পত্নীক ক্ষমা কৰিলোঁ৷” প্ৰতিদিনে অফিচলৈ আহি যেতিয়াই লেখকে “মই মোৰ পত্নীক ক্ষমা কৰিলোঁ” এই পাছবৰ্ডটো লিখে মনৰ পৰা বোজা অলপ কমি যোৱা যেন অনুভৱ কৰে৷ এনেদৰেই পাছবৰ্ডটো ব্যৱহাৰ কৰাৰ এটা মাহ সম্পূৰ্ণ নহওঁতেই লেখকৰ জীৱনৰ পৰা অশান্তি, খং, প্ৰতিশোধৰ পৰিকল্পনা আদি নোহোৱা হ’ল আৰু জীৱন প্ৰশান্তিৰে ভৰি পৰিল৷ তাৰপিছত তেওঁ আন এটা পাছৱৰ্ড সৃষ্টি কৰিলে -“মই চিগাৰেট খাবলৈ এৰি দিলো৷” এইবাৰ আচৰিত ধৰণেৰে সেই বিশেষ পাছৱৰ্ডটো সৃষ্টি কৰাৰ প্ৰথম দিনাৰ পৰাই লেখকৰ চিগাৰেট সেৱন কৰাৰ অভ্যাস নোহোৱা হ’ল৷ এনেদৰেই বহুবোৰ ইতিবাচক সংকল্প থকা পাছৱৰ্ড সৃষ্টি কৰি লেখকে নিজৰ জীৱনটোও বাস্তৱতে সলনি কৰি পেলালে৷ এই লেখাটোৱে নিৰাশাৰ জীৱন এটা আশা আৰু আনন্দলৈ সলনি কৰিবৰ বাবে এটা সৰু, সহজ অথচ অতি ফলপ্ৰসূ কৌশলৰ সন্ধান দিছে৷ জীৱনটো সঁচাকৈয়ে এখন ৰোমাঞ্চকৰ খেল৷ এই খেলৰ পাকৈত খেলুৱৈয়ে ধনাত্মক চিন্তা বা সংকল্পৰ শক্তি, শব্দৰ শক্তি আৰু ক্ষমাৰ শক্তি- এই আটাইকেইটা শক্তিক একত্ৰিত কৰি, নিজস্ব কৌশলেৰে জীৱনৰ ওপৰত প্ৰয়োগ কৰি সদায় বিজয়ী হবলৈ পাৰে৷