জুইকুৰা – দীপ্তি বৈশ্য
দাওদাওকৈ জ্বলি উঠিল জুইকুৰা।
জ্বলি-পুৰি সেউজ গুচি ছাইৰঙী হ’ল।
জুইকুৰাই জুই জ্বলালে।
ঘৰৰ মাৰলিৰ
সহস্ৰগাঁঠিৰ চিন-চাব নাইকিয়া হ’ল,
জুইশলাৰ দৰে
নিমিষতে ঘৰবোৰ জ্বলি এঙাৰ হ’ল।
জুইত পুৰি খোৱাৰ বাবে
সম্পদেই আপদ হ’ল।
জুই-গলা জীৱন্ত দেহ
ভস্ম হ’ল।
বৰষুণে নুমুৱাব নোৱাৰে
জুইকুৰা।
সহস্ৰ সহস্ৰ সাগৰেও নুমুৱাব পৰা নাই
জুইকুৰা।
অথচ, পানীতকৈও তৰলবিধেই
জ্বলাইছিল
জুইকুৰা।