জোনাকী যুগত বিহুৰ অস্তিত্ব ৰক্ষাৰ যুঁজখন
লেখক- - কলচুম বিবি
ঊনবিংশ শতিকাত এচাম উচ্চ শিক্ষিত মধ্যবিত্ত অসমীয়া লোকে অতীজৰে পৰা অসমীয়া লোকসমাজত প্ৰচলিত হৈ অহা বিহুক অশ্লীল বুলি এঘৰীয়া কৰিছিল। তেনে সময়তে বিহুক উপযুক্ত মৰ্যাদা প্ৰদান কৰিবলৈ লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, গণেশচন্দ্ৰ হাজৰিকা আদি জোনাকী যুগৰ ব্যক্তিসকল আগবাঢ়ি আহিছিল। তেওঁলোকে বিহুক এঘৰীয়া কৰি থোৱা লোকসকলৰ বিপৰীত মেৰুত অৱস্থান কৰি বিহুক অসমৰ জাতীয় সম্পদ হিচাপে প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা লৈছিল।
জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম লক্ষ্মীনাথ বেজবৰুৱাই বিহুৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তা বাৰুকৈয়ে অনুভৱ কৰিছিল। ঊনবিংশ শতিকাত অসমীয়া ভাষাৰ সলনি বঙলা ভাষাৰ প্ৰচলন ঘটি অসম আৰু অসমীয়া ভাষাটোৰ অস্তিত্ব কিদৰে বিপদাপন্ন হৈছিল সেয়া সকলো অসমীয়াই জানে। তেনে ক্ষেত্ৰত অতীজৰে পৰা চলি অহা বিহুকো যদি এলাগী কৰে তেন্তে অসমীয়াই জগতত নিজকে কি বুলি পৰিচয় দিব? কিছুসংখ্যক উচ্চ শিক্ষিত লোকে বিহুক মুকলিভাৱে আদৰি ল’বলৈ টান পাইছিল। বিহুক অশ্লীল বুলি এলাগী কৰা কথাটো বেজবৰুৱাদেৱৰ লগতে বহু কেইগৰাকী ব্যক্তিয়ে ভালপোৱা নাছিল। বিহু অসমীয়াৰ জাতীয় সম্পদ। অসমত বসবাস কৰা সকলোৱেই অতীজৰেপৰা বিহু পালন কৰি আহিছে। তেনে ক্ষেত্ৰত হঠাতে কোনোৱে বিহুক এলাগী কৰিলেই বিহু জানো এলাগী হৈ যাব? এই সম্পদৰ মূল্য যদি অসমীয়াই নিজে নুবুজে তেন্তে কোনে বুজিব? অসমীয়া জাতি আন আন জাতিসমূহৰ দৰে মূৰ দাঙি থিয় হ’বলৈ হ’লে সকলোৱে নিজৰ এই সম্পদটিক মৰ্য্যদাসহকাৰে আকোঁৱালি ল’ব লাগিব। তেতিয়াহে সকলো অসমীয়াই হেৰোৱা অস্তিত্ব ঘূৰাই পাব। এই কথাখিনি তেওঁ ‘বিহুৰ বঁটা আৰু ওলগ’ নামৰ কবিতাটোত সুন্দৰকৈ প্ৰকাশ কৰিছে—
“ভাই অসমীয়া আত্মসন্মান শিকা
আত্ম মৰ্য্যাদা অমূল্যধন।
নিজৰ ক্ষমতা আৰু শক্তিত
বিশ্বাস কৰিবলৈ শিকা।
তেনেহ’লেই তোমাৰ হেৰোৱা মনুষ্যত্ব
তুমি আকৌ পাবা
তেনেহ’লেই অসমীয়া জাতি এই
পৃথিৱীত আকৌ মানুহমুৱা হৈ উঠিব পাৰিবা।”
তেখেতে কবিতাৰ লগতে গল্পৰ জৰিয়তেও বিহুক আমাৰ সমাজত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। কৃপাবৰ বৰবৰুৱা বেজবৰুৱাদেৱৰ এটি ব্যংগাত্মক চৰিত্ৰ। এই চৰিত্ৰটিৰ জৰিয়তে তেওঁ সমাজত প্ৰচলিত কুসংস্কাৰ, ভণ্ডামী আদি উদঙাই দিছিল। ‘বিহু’ শীৰ্ষক হাস্য-ব্যংগ লেখাটিত যিসকলে বিহুক অশ্লীল বুলি জ্ঞান কৰি ঠাট্টা-বিদ্ৰুপ কৰিছিল তেওঁলোকক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছে। লেখাটি ‘আলোচনী’ পত্ৰিকাৰ ৭ম বছৰ ৬ষ্ঠ সংখ্যাত প্ৰকাশ পাইছিল। এই লেখাটিত কৃপাবৰ বৰবৰুৱাই কৈছে—”বিহুত যদি কোনোবা সৰু মানুহে নিলাজ নাম গালে, সেইবাবেই আমাৰ গোটেইটো বিহুৰ মহাভাৰত, তাৰ নাম আৰু অনুষ্ঠানবোৰেৰে সৈতে অশুদ্ধ আৰু নিলাজ নহয়।”
“আমাৰ দেশৰ বিহুটিক তোমালোকে হিংসা কৰি নামাৰিবা।”
“বিহু আমাৰ সাতামপুৰীয়া। আমি অসমীয়া বিলাক কালিৰ মানুহ নহওঁ। অসম দেশ, অসমৰ সভ্যতা বৰ পুৰণি আৰু বৰ ওখ খাপৰ।”
এই তিনিওটা বক্তব্যৰ জড়িয়তে বিহুৰ প্ৰতি সমসাময়িক উচ্চ শিক্ষিত সমাজখনে কি ধৰণৰ ভাব পোষণ কৰিছিল তাক সহজে অনুমান কৰিব পাৰি।
সেই লেখাটিত তিনিওটা সংক্ৰান্তিৰ তাৎপৰ্য ব্যাখ্যা কৰি সংক্ৰান্তিকেইটা বিষু বা বিহু নামেৰে অসমৰ বাহিৰে আন ঠাইত প্ৰচলন নাই বুলি কৃপাবৰ বৰবৰুৱাৰ মুখেৰে বিহু শব্দটি উৎপত্তিৰ আঁৰৰ যি তত্ব আগবঢ়াইছে সেয়াও মন কৰিবলগীয়া।
লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰবৰুৱাৰ মুখেৰে কোৱা কথাখিনিৰ ব্যাখ্যা আমি গণেশচন্দ্ৰ হাজৰিকাৰ ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ শীৰ্ষক গ্ৰন্থখনত পঢ়িবলৈ পাওঁ। উল্লেখযোগ্য যে এই গ্ৰন্থখনিৰ আৰম্ভণিতে ‘বিহুৰ বঁটা আৰু ওলগ’ কবিতাটি বেজবৰুৱাৰ সন্মতিত সন্নিৱিষ্ট কৰা হৈছে। ১৯১৮ চনত প্ৰকাশ পোৱা গণেশচন্দ্ৰ হাজৰিকাৰ ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ শীৰ্ষক গ্ৰন্থখন বিহু বিষয়ক প্ৰথম অসমীয়া গ্ৰন্থ। এই গ্ৰন্থখনত বিহুৰ উৎপত্তি, বিহুৰ ভাগসমূহৰ নামৰ তাৎপৰ্য, ইয়াৰ সামাজিক, অৰ্থনৈতিক আৰু ধৰ্মীয় দিশ সামৰি সবিশেষ বৰ্ণনা দাঙি ধৰা হৈছে। যি সময়ত বিহুক অসমৰ একাংশ লোকে অশ্লীল বুলি ঠাট্টা-বিদ্ৰুপ কৰিছিল, সেইসময়ত হাজৰিকাদেৱে এই গ্ৰন্থখন প্ৰকাশ কৰি এগৰাকী অসমীয়া হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল আৰু বিহুক অসমৰ জাতীয় সম্পদ হিচাপে প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল।
জোনাকী যুগৰ আন এগৰাকী লেখক ৰজনীকান্ত বৰদলৈদেৱেও নিজৰ সাহিত্য কৰ্মৰ জৰিয়তে বেজবৰুৱাদেৱৰ দৰে বিহুক এক উচ্চ আসন দিছিল। তেখেতে বিহু অসমৰ বাপতিসাহোন বুলি কৈছিল। বৰদলৈদেৱে ‘মিৰি জীয়ৰী, ‘ৰঙ্গিলী’, ‘নিৰ্মল ভকত’, ‘মনোমতী’ আদি কেইবাখনো বুৰঞ্জীমূলক উপন্যাস লিখি অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতৰ উপন্যাসসমূহত অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত বিভিন্ন ধৰণৰ লোকাচাৰ, লোককথা, গীত-মাত আদি উপস্থাপন কৰা দেখা যায়। অসমৰ ‘স্কট’ আৰু ‘উপন্যাস সম্ৰাট’ হিচাপে আখ্যা পোৱা বৰদলৈদেৱৰ উপন্যাসত অতীতত কিদৰে বিহু পালন কৰা হৈছিল তাৰ এক নিখুঁত ছবি উপস্থাপন কৰা দেখিবলৈ পোৱা যায়।
বৰদলৈদেৱৰ মিচিং সমাজৰ পটভূমিত ১৮৯৪ চনত ৰচিত ‘মিৰি জীয়ৰী’ প্ৰথম অসমীয়া সামাজিক উপন্যাস। ‘আজি ব’হাগৰ ঘাই বিহুৰ দিন’ বুলি আৰম্ভ কৰা উপন্যাসখনৰ দ্বিতীয় অধ্যায়ত লক্ষীমপুৰ জিলাৰ বিহু পালনৰ এখন সুন্দৰ ছবি চিত্ৰিত কৰিছে, য’ত ভাল ঘৰৰ মহিলাসকলে কড়ী খেলা, গাভৰুসকলে ঢোপ খেলা, ইঘৰে-সিঘৰে বিহু গোৱা, বৰ বিহুৰ দিনা এজাক মিৰিয়ে বিহু নাচি-গাই বৰঙণি তোলা আদিৰ এক মনোমোহা ছবি দেখিবলৈ পোৱা যায়। এই উপন্যাসখনত অতীতৰ বিহু উদযাপনৰ সময়ছোৱা সুন্দৰকৈ প্ৰতিফলিত হৈছে। বৰদলৈদেৱৰ আন এখন উপন্যাস ‘ৰঙ্গিলী’তো ব’হাগ বিহুৰ এক অনুপম বৰ্ণনা পোৱা যায়। মানৰ প্ৰথম আক্ৰমণৰ আধাৰত ৰচিত উপন্যাসখনত ব’হাগ বিহুৰ প্ৰথম দিনা নাহৰৰ পাত ঘৰৰ চালত খুঁহি থোৱা, গধূলি গৰুবোৰক নতুন পঘাৰে বন্ধা, তুঁহ, কপাহগুটি, দীঘলতী, মাখিয়তী আদিৰে ধোৱাৰ জাগনি দিয়া, নতুন বিচনী শুদ্ধ কৰিবলৈ সেই জাগনি বিচা, দ্বিতীয় দিনা ঘৰে ঘৰে গৈ হুঁচৰি গোৱা, সাতো দিন পথাৰ, নৈৰ বালি, ঝোপৰ আঁৰত বিহু গাই ফুৰা আদি বৰ্ণনা কৰি কৈছে যে এশ বছৰ আগতে বিহু নৃত্য-গীত গোটেই অসমতে প্ৰচলন আছিল আৰু তাতে ডেকা-গাভৰুৰ মাজত প্ৰণয় উদ্ভৱ হয়। ডেকাজনে মন খাপ খোৱা গাভৰুজনীক জীৱনসংগী কৰি লৈছিল, যদিও তাত একো অশ্লীলতা নাছিল। বিহু নাচিব-গাব জনাতো এটা গুণ আছিল বুলি কোৱা কথাখিনি সমসাময়িক মধ্যবিত্ত শ্ৰেণীটোৰ বিহুৰ প্ৰতি থকা দৃষ্টিভংগীক লক্ষ্য কৰি কোৱা যেন বোধ হয়। এইদৰে বিহুক সাহিত্যত উপস্থাপন কৰি বিহুক অশ্লীল বুলি বৰ্জন কৰা একাংশ উচ্চ শিক্ষিত ব্যক্তিক প্ৰত্যুত্তৰ দি বিহুক উচিত মৰ্যাদা প্ৰদানত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
সময় পৰিৱৰ্তনশীল। পৰিৱৰ্তনশীল সময়ৰ সৈতে আমাৰ সমাজব্যৱস্থালৈ অনেক পৰিৱৰ্তন আহে। গছৰ তলৰ বিহু মঞ্চলৈ অহাটো সেই পৰিৱৰ্তনৰে ফল। অৱশ্যে পৰিৱৰ্তন আহিল বুলিয়েই আমি সেই পৰিৱৰ্তনৰ ঢৌত উটি গ’লে নহ’ব। বিহুক পৰিৱৰ্তনশীল সময়ৰ সৈতে সলনি হ’বলৈ এৰি দিয়া বা নিদিয়াতো প্ৰতিজন অসমীয়াৰ ওপৰত নিৰ্ভৰ কৰিব। যিদৰে সোঁতৰ বিপৰীতে গৈ জোনাকী যুগৰ কাণ্ডাৰীসকলে খোপনি পুতি বিহুক উপযুক্ত মৰ্য্যাদা প্ৰদান কৰিছিল, ঠিক সেইদৰে আমিও খোপনি পুতি ঐতিহ্য ৰক্ষাৰ যুঁজখনত অৱতীৰ্ণ হ’ব লাগিব।
আধুনিকতাৰ ধামখুমীয়াত বিহুলৈ অনেক পৰিৱৰ্তন আহিছে, আগলৈও আহি থাকিব। সেইবোৰ দেখিয়েই আমাৰ নৱ প্ৰজন্মই যাতে বিহু সম্পৰ্কে মনত এটা ভুল ধাৰণা গঢ়ি নলয়, আমি তাৰ বাবে সজাগ থকা উচিত।
