জোলা আৰু সাতটা ভূত (দীপ জ্যোতি নাথ)

জোলা নামৰ এজন মানুহ আছিল। সি পিঠা খাই খুউব ভাল পায়। এদিন সি তাৰ মাকক ক’লে, ‘মা, মোৰ পিঠা খাবলৈ বৰ ইচ্ছা হৈছে, মোক পিঠা কেইটামান ভাজি দিয়া।’ সেইদিনা তাক মাকে লাল-লাল, গোল-গোল, চেপেটা-চেপেটা সাতখন পিঠা ভাজি দিলে। জোলাই সেই পিঠা পাই আনন্দিত হৈ নাচিবলৈ ধৰিলে আৰু ক’বলৈ ধৰিলে, ‘এটা খাম, দুটা খাম, সাতটাকেই চোবাই খাম’! ‘এটা খাম, দুটা খাম, সাতটাকেই চোবাই খাম’! জোলাৰ মাকে ক’লে, ‘অনবৰত নাচিয়েই থাক যদি, খাবি কেতিয়া?’ জোলাই ক’লে, ‘ইয়াত খাম নেকি? সকলোৱে য’ত দেখা পায়, তাত গৈ খাম।’ এইবুলি কৈ জোলাই পিঠাবোৰ নি নাচি নাচি ঘৰৰপৰা ৰাস্তাৰ ফালে ওলাই গ’ল আৰু কৈ থাকিল, ‘এটা খাম, দুটা খাম, সাতটাকেই চোবাই খাম !’

নাচি নাচি জোলাই একেবাৰে সেই বটগছডাল পালেগৈ, য’ত হাট বহে। সেই গছৰ তলত আহি সি খালি নাচিছে আৰু গাইছে, ‘এটা খাম, দুটা খাম, সাতটাকেই চোবাই খাম !’ ‘এটা খাম, দুটা খাম, সাতটাকেই চোবাই খাম !’ কিন্তু জোলাই নাজানিছিল যে সেই গছজোপাত সাতটা ভূত আছে। ইফালে জোলাই ‘সাতটাকেই চোবাই খাম’ বুলি কৈছে আৰু সিফালে সেই কথা শুনি ভূতকেইটাৰ বহুত ভয় লাগিছে। সিহঁত সাতটাই থৰ থৰকৈ কঁপিবলৈ ধৰিলে, ‘আৰেই সর্বনাশ হৈছে! সেইয়া চাচোন, কেনেকৈ এটা বিটকেল বেটা আহিছে আৰু কৈছে আমাৰ সাতজনকেই চোবাই খাব বুলি! এতিয়া কি কৰিবি ক’চোন!’

বহুত সময় ভাবি সিহঁতে এটা কলহ লৈ জোলাৰ কাষলৈ আহিল । আহি হাতযোৰ কৰি তাক ক’লে, ‘প্ৰাৰ্থনা কৰিছোঁ! আমাক চোবাই নাখাব। আপোনাক এই কলহটো দিছোঁ, এইটো লওক আৰু আমাক এৰি দিয়ক।’ সাতটাকৈ কিচকিচিয়া ক’লা ভয়ঙ্কৰ ভূত, সিহঁতৰ দীঘল দীঘল কাণ, মূলাৰ দৰে দাঁত, থিয় থিয় চকু… সিহঁতে জোলাৰ আগত আহি কেও-মেও কৰি কথা কোৱা দেখি সি আচৰিত হ’ল, কিন্তু তাৰপৰা পলোৱাৰ কথা তাৰ মনলৈ নাহিল। সি ক’লে, ‘কলহ নি মই কি কৰিম?’ ভূতকেইটাই ক’লে, ‘আপোনাৰ যেতিয়াই যি খাবলৈ ইচ্ছা হ’ব, তেতিয়াই সেই খাদ্য এই কলহটোৰ ভিতৰতে পাব।’ জোলাই লগে লগে ক’লে, ‘ঠিক আছে; মই পায়স খাম।’ এইবুলি কোৱাৰ লগে লগে আচৰিতধৰণে সেই কলহটোৰ ভিতৰৰপৰা পায়সৰ গোন্ধ ওলাবলৈ ধৰিলে। সি পায়স আগতে কেতিয়াও খাই পোৱা নাছিল, তাৰ মাকেও খোৱা নাই, তাৰ দেউতাকেও খোৱা নাই। জোলাই পেট ভৰাই পায়স খাই সেই ঠাইৰপৰা আনন্দিত হৈ কলহটো লৈ গুচি আহিল। ভূতকেইটাই ভাবিলে, ‘বাঃ বাঃ ! আজি ভাল বাচিলোঁ দেই!’

তেতিয়া বেলি বহুত হৈছে আৰু জোলাৰ ঘৰলৈ তাৰপৰা বহুত দূৰ। সেয়ে জোলাই ভাবিলে, ‘এতিয়া ইমান দূৰ বাটকুৰি বাই কেনেকৈ ঘৰলৈ যাব! “বন্ধুৰ ঘৰ দেখোন কাষতে আছে, এইবেলা তালৈকে যাওঁ, তাৰপাচত আবেলি ঘৰলৈ যাম।’ এইবুলি সি তাৰ বন্ধুৰ ঘৰলৈ আহিল।

জোলাৰ বন্ধু হতভাগা বহুত দুষ্ট আছিল। সি জোলাৰ কলহটো দেখি সুধিলে, ‘কলহ কিয় আনিলি ঐ?’ জোলাই ক’লে, ‘বন্ধু, এইটো দেখাত কলহ যেন লাগিলেও এইটো সাধাৰণ কলহ নহয়, ইয়াৰ বহুত গুণ আছে।’ বন্ধুই ক’লে, ‘আচ্ছা চাওঁচোন, কেনেকুৱা গুণ আছে?’ জোলাই ক’লে, ‘তুমি যি খাব বিচৰা, সেয়া মই ইয়াৰ ভিতৰৰ পৰা বাহিৰ কৰি দিব পাৰোঁ।’ বন্ধুয়ে ক’লে, ‘মই লালমোহন, জেলেপি, ৰসগোল্লা, চানাভাজা, মালপোৱা, গজা, ঘিউ, মৌ আদি খাম।’ জোলাই লগে লগেই কলহৰ ভিতৰত হাত দিয়ে সেইবোৰ বাহিৰলৈ উলিয়াই দেখাই দিলে। এইবোৰ আচৰিত কাণ্ড দেখি তাৰ বন্ধুৰ কলহটোৰ প্ৰতি লোভ লাগিল আৰু সেইটো চুৰ কৰাৰ সিদ্ধান্ত ল’লে। জোলাক সি বহুত আদৰ কৰিবলৈ ধৰিলে! গামোছাৰে তাৰ মুখ মছি দিলে আৰু ক’লে, ‘আহা ভাই, তোমাৰ কষ্ট হৈছে। গাৰে দেখোন ঘাম বৈ গৈছে! অলপ শুবা নেকি? বিছনা পাৰি দিমনে?’ জোলাৰ তেতিয়া খুউব ভাগৰ লাগি আছিল। সেইবাবেই সি ক’লে, ‘আচ্ছা, বিছনা পাৰি দিয়া বন্ধু।’ তেতিয়া তাৰ বন্ধুজনে তাক বিছনা পাৰি দিলে। জোলাৰ টোপনি অহাত বন্ধুজনে তাৰ কলহটোৰ সলনি সেই ঠাইত ঠিক তেনেকুৱা ধৰণৰ অন্য এটা কলহ ৰাখি থলে।

জোলাই আবেলি সাৰ পাই উঠি ঘৰলৈ গুচি আহি তাৰ মাকক ক’লে, ‘চোৱা মা, কি আচৰিত ধৰণৰ কলহ এটা আনিছোঁ। তুমি কি খাব মা? সান্দহ খাবা নে পিঠা খাবা? চোৱা, মই ইয়াৰ ভিতৰৰপৰা সকলো বাহিৰ কৰি দিছোঁ।’ কিন্তু জোলাই নাজানিছিল যে এইটো সেই বিশেষ কলহটো নহয় যে ভিতৰৰ পৰা সকলো ওলাব। জোলাই বৰ লাজ পালে আৰু মাকৰপৰা গালি শুনিলে। তেতিয়া জোলাৰ বহুত খং উঠিল। সি ভাবিলে, ‘সেই ভূত কেইটাৰৰেই এইটো কাম হ’ব।’ তাৰ বন্ধুয়ে যে তাক ঠগিছে, সেই কথা তাৰ মনলৈ নাহিল।

পিছদিনা সি বটগছৰ তললৈ গৈ আকৌ ক’বলৈ ধৰিলে, ‘এটা খাম, দুটা খাম, সাতটাকেই চোবাই খাম।’ তাৰ মাত শুনি এইবাৰ ভূতকেইটাই কঁপি কঁপি এটা ছাগলী লৈ আহি তাক হাতযোৰ কৰি ক’লে, ‘ক্ষমা কৰক! আপোনাৰ ভৰিত পৰিছোঁ, এই ছাগলীটোকে লৈ যাওক। আমাক ধৰি চোবাই নাখাব।’ জোলাই সুধিলে, ‘ছাগলীটোৰ কি গুণ?’ ভূতবোৰে ক’লে, ‘ইয়াৰ নেজত কুটকুটাই দিলে ই হাঁহিব আৰু ইয়াৰ মুখেৰে সোণৰ মোহৰ ওলাব।’ প্ৰমাণ চাবৰ বাবে জোলাই ছাগলীৰ নেজডাল কুটকুটাই দিলে আৰু ছাগলীটোৱে ‘হিহি হিহি’ কৰি হাঁহিবলৈ ধৰিলে আৰু মুখৰ পৰা ঝৰ ঝৰ কৰি সোণৰ মোহৰ পৰিব ধৰিলে। তাকে দেখি জোলাৰ মুখত হাঁহি ফুটি উঠিল। সি ছাগলীটো নি ভাবিলে যে এইটো তাৰ বন্ধুক নেদেখালে নহয়। সেইদিনাও তাৰ বন্ধুৱে তাক আৰু ভালকৈ বিছনা পাৰি দিলে, দুহাতত দুটা গাৰু দিলে। সিদিনাও জোলাৰ বহুত টোপনি আহিল। সেইদিনা আৰু সন্ধ্যাৰ আগলৈকে তাৰ টোপনি নাভাঙিলে। তাৰ বন্ধুৱে তাৰ ছাগলীৰ ঠাইত অন্য এটা একেই ধৰণৰ ছাগলী ৰাখি থলে। সন্ধ্যাৰ পাছত জোলাই ফটাফট টোপনিৰপৰা উঠি ছাগলীটো লৈ ঘৰলৈ আহিল। দেখিলে যে তাৰ মাকে তাক নেদেখি চিন্তা কৰি আছে। তাকে দেখি সি ক’লে, ‘খং আৰু কৰিব নালাগে, মা। মোৰ এইটো ছাগলীৰ গুণ দেখিলে তুমি আচৰিত হৈ যাবা !’ এইবুলি কৈ সি ছাগলীৰ নেজত আঙুলি দি ক’লে, ‘কাতু কুতু কুতু কুতু কুতু!!!’ কিন্তু ছাগলীয়ে নাহাঁহিলে আৰু তাৰ মুখৰপৰা কোনো মোহৰো নোলাল। জোলাই আকৌ এবাৰ কুটকুটাই দিলে, ‘কাতু কুতু কুতু কুতু কুতু কুতু কুতু কুতু!!’ বাৰে বাৰে কুটকুটাই থকা বাবে ছাগলীটোৰ খং উঠিল আৰু শিঙেৰে তাৰ নাকত এটা প্ৰচণ্ড খুণ্ডা মাৰিলে। খুণ্ডা খাই জোলা চিত হৈ পৰি ফোপাবলৈ ধৰিলে। তাৰ নাকৰ পৰা প্ৰায় আধালিটাৰ/তিনিপোৱা মান তেজ ওলাই গ’ল। তাৰ উপৰি মাকে এনেকুৱা বকনি দিলে যে তেনে বকনি সি আৰু কেতিয়াও খোৱা নাছিল। জোলাৰ খুউব খং উঠিল। কিন্তু সি আৰু কি ক’ব! সি আকৌ সেই বটগছৰ তললৈ গৈ চিঞৰিবলৈ ধৰিলে, ‘এটা খাম, দুটা খাম, সাতটাকেই চোবাই খাম। আৰে বেটাগণ, মোক দুবাৰ ফাঁকি দিলি, ঠগিলি, ছাগলীৰে মোৰ নাক থেঁতেলা কৰি দিলি। আজি আৰু তহঁতক ৰেহাই নিদিম।’

ভূতবোৰে শুনি-ভাবি আচৰিত হৈ ক’লে, সেৱা কৰিছোঁ মালিক, আমি কিয় আপোনাক ফাঁকি দিম? আৰু ছাগলীৰে কিয় আপোনাৰ নাক থেঁতেলা কৰিম?’ জোলাই তাৰ নাকটো দেখাই ক’লে, ‘এইয়া চা, তহঁতৰ ছাগলীয়ে শিঙেৰে মাৰি সি মোৰ কি দশা কৰিছে। তহঁত, তহঁত গোটেইকেইটাকে চোবাই খাম।’ ভূতবোৰে ক’লে, ‘সেইটো কেতিয়াও আমাৰ ছাগলী হ’ব নোৱাৰে। আপুনি ইয়াৰপৰা চিধা-চিধি ঘৰলৈ গৈছিল নে?’ জোলাই ক’লে, ‘নাই, ঘৰলৈ যোৱাৰ আগতে বন্ধুৰ ঘৰত গৈছিলোঁ। তাত অলপ সময় শুই পাচত ঘৰলৈ গৈছিলোঁ।’ ভূতবোৰে ক’লে, ‘আহাহা… কথাৰ গুৰি ক’ৰবাতহে! আপুনি যেতিয়া শুইছিল, সেই সময়ত আপোনাৰ বন্ধুৱে আপোনাৰ ছাগলী চুৰি কৰিছে।’ এইকথা শুনিয়েই জোলাই সকলো বুজিব পাৰিলে। সি ক’লে, ‘ঠিক ঠিক। সি বেটাই মোৰ কলহটোও চুৰি কৰিছে। এতিয়া কি হ’ব?’ ভূতবোৰে তাক এডাল লাঠি দি ক’লে, ‘এই লাঠিডালে আপোনাৰ কলহ আৰু ছাগলী আনি দিব। ইয়াক মাত্ৰ এবাৰ আপোনাৰ বন্ধুৰ কাষলৈ নি ক’ব, ‘লাঠি মাৰ’ তেতিয়া দেখিব কি মজা হ’ব! লাখ লাখ মানুহে ধৰিলেও এই লাঠিৰ পৰা হাত সাৰিব নোৱাৰে, লাঠিয়ে সকলোকে পিটি পিটি ঠিক কৰি দিব।’

জোলাই সেই লাঠিডাল লৈ বন্ধুৰ কাষলৈ গৈ ক’লে, ‘বন্ধু, এটা মজা চাবা’ বন্ধুজনে ভাবিছে, “কি মজা হ’ব বাৰু?” তাৰপাচত যেতিয়া জোলাই ক’লে, ‘লাঠি মাৰ’ তাৰপাচত সি এনেকুৱা মজা দেখিলে যে তাৰ জন্মত আৰু কেতিয়াও দেখা নাই। লাঠিয়ে পিটি পিটি তাৰ মাথাৰপৰা চামৰা তুলি পেলালে। সি দৌৰি পলাব বিচাৰিলেও লাঠিয়ে পিটি পিটি তাক উভতাই আনে। তেতিয়া সি কান্দি কান্দি হাত যোৰ কৰি ক’লে, ‘তোমাৰ ভৰিত ধৰিছোঁ ভাই, তোমাৰ কলহ আৰু ছাগলী দুয়োটাই উভতাই দিম। মোক এৰি দিয়া।’ জোলাই ক’লে, ‘আগতে ছাগলী আৰু কলহ আন, তাৰপাচত তোক এৰিম।’ সি পিটন খাই খাই কলহ আৰু ছাগলী আনি দিলে। জোলাই কলহটো হাতত লৈ ক’লে, ‘সান্দহ ভৰ্তি হোৱা’ লগে লগে কলহত সান্দহ ভৰি গ’ল। ছাগলীক কুটকুটাই নিদিওঁতেই সি হো হো কৰি হাঁহিলে আৰু তাৰ মুখৰপৰা চাৰিশটা মোহৰ ওলাই পৰিল। তাৰপাছত সি তাৰ লাঠি, কলহ আৰু ছাগলী লৈ ঘৰলৈ গুচি গ’ল।

কিছুদিনৰ পাছত সি আৰু দুখীয়া মানুহৰ দৰে থাকিবলগীয়া নহ’ল। লাহে লাহে সি ধনী-মানী মানুহ হৈ পৰিল। তাৰ ঘৰ, কাপোৰ, চাল-চলন, খোৱা-বোৱা, আদি সকলো ৰজাৰ দৰে হ’বলৈ ধৰিলে। দেশৰ ৰজাই আহি তাক খাতিৰ কৰেহি, তাৰপৰা পৰামৰ্শ নোলোৱালোকৈ কোনো কাম হাতত নলয়।

তেনেতে এদিন সেই দেশত এটা ডাঙৰ ঘটনা হ’ল। অন্য দেশৰ ৰজা এজনে হাজাৰ হাজাৰ সেনা লৈ আহি জোলাৰ দেশ লুটিবলৈ ধৰিলে। ৰাজভঁৰালক লৈ দেশৰ ৰজাৰ চিন্তা বাঢ়িল, সেয়ে ৰজাই বেছি দেৰি নকৰি জোলাক ঘৰৰপৰা তৎক্ষণাত ৰাজসভালৈ মাতি পঠিয়ালে, ‘জোলাকাই, এতিয়া কি কৰিম কওকচোন!’ জোলাই ক’লে, ‘আপোনালোকৰ কোনো ভয় নাই, একো চিন্তা নকৰি মনে মনে ঘৰতে বহি থাকক, মই সকলো ঠিক কৰি দিম ।’ এইবুলি কৈয়েই সি তাৰ লাঠিডাল হাতত লৈ ৰাজদুৱাৰৰ বাহিৰত মনে মনে বহি ৰ’ল।

আনফালে বিদেশী ৰজাই লুটি লুটি সেইফালেই আহিছে, বিদেশী ৰজাৰ সৈন্য, হাতী-ঘোঁৰাই গোটেইবোৰ হিলদল ভাঙি-চিঙি আহিছে, ধুলিয়ে আকাশ চুইছেগৈ। কিন্তু জোলাই একো ভয় নকৰি মনে মনে চাই ৰ’ল আৰু আৰু ভাবিলে, ‘আৰু অলপ আগুৱাই আহিলেই হ’ল!’ লাহে লাহে সিহঁত তাৰ কাষ চাপি চাপি আহিল। জোলাই তাৰ লাঠিডালক ক’লে, ‘লাঠি, মাৰ।’ জোলাই কোৱা লগে লগে আৰু সিহঁত আৰু যাব ক’লৈ? তেতিয়া এডাল লাঠিৰ পৰা লাখ লাখ লাঠি হৈ ৰজাবোৰ, সৈন্য, হাতী- ঘোঁৰা সকলোৰে গাত ধাপ ধাপ পিটন পৰিল। পিটন খায় ৰজাই কেঁকাই কেঁকাই ক’লে, ‘আৰু নামাৰিব, আমাৰ ভুল হৈছে, আমাক এৰি দিয়ক, আমি আমাৰ দেশলৈ গুচি যাম।’ জোলাই একো কোৱা নাই, সি মাত্ৰ মনে মনে চাইছে আৰু হাঁহিছে। শেষত ৰজাই ক’লে, ‘আপোনালোকৰ যি লুটিছোঁ সকলো উভতাই দিম, মোৰ ৰাজ্য দিছোঁ, সেৱা কৰিছোঁ, এৰি দিয়ক।’

তেতিয়া জোলাই গৈ ৰজাক ক’লে, ‘বিদেশী ৰজাই সকলো উভতাই দিম বুলি কৈছে আৰু সিহঁতৰ ৰাজ্যও আপোনাক দিম বুলি কৈছে আৰু কৈছে ‘ক্ষমা কৰক, এৰি দিয়ক’— মই এতিয়া কি কৰিম মহাৰাজ? আজ্ঞা কৰক।’ ৰজাৰ কথাত জোলাই তাৰ লাঠি ৰখাই দিলে। তাৰপাচত বিদেশী ৰজাই কান্দি কান্দি ৰজাৰ ভৰিত পৰি ক্ষমা বিচাৰিলে। ৰজাই জোলাক দেখুৱাই ক’লে, ‘এই মানুহজনক যদি তোমালোকৰ অৰ্ধ ৰাজ্য দিয়া আৰু তাৰ লগত তোমাৰ ছোৱালীহঁতক এওঁৰ লগত বিয়া পাতি দিয়া তেতিয়াহে ক্ষমা কৰিম।’

কথামতেই বিদেশী ৰজাই জোলাক অৰ্ধ ৰাজ্য আৰু তাৰ জীয়েকবোৰক দিবলৈ ৰাজি হ’ল। জোলা সেই অৰ্ধ ৰাজ্যৰ ৰজা হ’ল আৰু ৰজাৰ জীয়েকবোৰৰ লগত তাৰ বিয়া হ’ল।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
6 years ago

বহুত ভাল লাগিছে।মই আশা কৰো আগলৈ ইয়াকৈ ভাল সাধু লিখি সুনুৱাই