জ্ঞানৰ মূল্য (মূল: অজান, অনুবাদ:ৰাজীৱ ৰঞ্জন)
জ্ঞানৰ মূল্য
ৰাজীৱ ৰঞ্জন
(এটি বিদেশী লোক কথাৰ ভাবানুবাদ)
ইষ্টাৰ্ণ শ্বিপিং এজেন্সীৰ মালিক বোধেশ্বৰ কলিতা বৰ চিন্তাত আছে আজি তিনিদিন ধৰি। তেখেতে নতুনকৈ কিনা জাহাজখন কিবা বেয়া হ’ল। ইঞ্জিন ষ্টাৰ্ট নহয় হে নহয়। ইফালে আন্দামান ভ্ৰমণৰ দিন নিচেই কাষত। দুদিনৰ পাছতে আন্দামানলৈ বিলাসী ভ্ৰমণৰ বাবে যাত্ৰাৰ কথা নতুন জাহাজখনৰ। সকলো টিকেট বিক্ৰী হৈ গৈছে ইতিমধ্যে। যাত্ৰা কিবা কাৰণত পিছুৱাব লগীয়া হোৱা মানেই কেইবা লাখ টকাৰ লোকচান। কলিকতা, চেন্নাই, মুম্বাই সকলোৰে পৰা মেকানিক-অভিযন্তা আহিল। কিন্তু বেমাৰটোহে কোনেও ধৰিব পৰা নাই।
কলিতাৰ কোম্পেনীৰ মেনেজাৰ বৰুৱাই এজন মানুহক চিনি পায়। বয়সস্থ মানুহজনে আগতে জাহাজ কোম্পেনী এটাতে চাকৰী কৰিছিল, কিন্তু এতিয়া কামৰ পৰা অব্যাহতি ল’লে। নাম বলেন ডেকা। বৰুৱাই কলিতাক ক’ম ক’ম বুলি ভাবিও ক’ব পৰা নাই। ক’ত কলিকতা-চেন্নাই-মুম্বাইৰ নামী দামী অভিযন্তা আৰু ক’ত মংগলদৈৰ বলেন ডেকা। পাছে কলিতাৰ চিন্তাত ক’লাপৰা মুখখন দেখি আজি আৰু বৰৱাই নোৱাৰিলে। তেখেতে কলিতাক বলেন ডেকাৰ কথাটো ক’লে। ইমানবোৰ মানুহে চাইছেই যেতিয়া আৰু এজনে চোৱাতনো কি আপত্তি।
কথামতেই কাম। পাছদিনা পুৱাই বলেন ডেকাক গাড়ীৰে লৈ অনা হ’ল জাহাজৰ ওচৰলৈ। লগত বস্তু বুলিবলৈ সৰু এখন মোনা। তেখেতে প্ৰায় একঘণ্টা মান সময় ইঞ্জিনৰ কাৰিকৰী কথাবোৰ লিখা থকা নথি পত্ৰবোৰ মনোযোগেৰে পঢ়িলে। তাৰ পাছত আৰু এক ঘণ্টা মান সময় তন্ন তন্নকৈ ইঞ্জিনৰ সমস্ত যন্ত্ৰপাতিবোৰ পৰীক্ষা কৰিলে। আৰু শেষত মোনাখনৰ পৰা অকণমানি হাতুৰী এটা উলিয়াই ইঞ্জিনৰ ভিতৰৰ কোনোবাখিনিত দুবাৰ লাহে লাহেকৈ কোবালে। কলিতা, বৰুৱা আৰু বহুতেই চাই আছিল বলেন ডেকাৰ সমস্ত কাৰ্য্য। কলিতাৰ মুখত অবিশ্বাস। মোনাখনত নিজৰ বস্তুখিনি ভৰাই বলেন ডেকাই হাঁহি এটা মাৰি কলিতাক ক’লে ইঞ্জিন ষ্টাৰ্ট কৰিবলৈ। বৰুৱা, কলিতা আৰু চাই থকা সকলোখিনি মানুহক আচৰিত কৰি একেবাৰতে জাহাজৰ ইঞ্জিন ষ্টাৰ্ট হৈ গ’ল।
কলিতাই আথে বেথে বলেন ডেকাক নিজৰ কেবিনলৈ লৈ গ’ল আৰু তেখেতক মাননী কি দিব লাগিব সুধিলে। বলেন ডেকাই হাঁহি এটা মাৰি ক’লে ১০০০০টকা দিলেই হ’ব। কলিতা আচৰিত হ’ল। তেওঁ নিজেই চাই আছিল। মানুহজনেটো একো কৰাই নাই। মাথো হাতুৰীটোৰে দুকোব মাৰিছিল। এতিয়া ইমান টকা খোজাটো কেনেধৰণৰ কথা। কলিতা কেবিনৰ পৰা ওলাই গৈ বৰুৱাক গোটেইখিনি কথা ক’লে আৰু বলেন ডেকাৰ পৰা এখন বিল লিখাই আনিবলৈ পঠালে, কোন শিতানত ক’ত কিমান বিল হ’ল সেইটো ভাঙি পাতি দেখুওৱাকৈ।
পাঁচ মিনিটৰ পাছত বৰুৱাই বলেন ডেকাই লিখি দিয়া বিলখন আনি কলিতাক দিলে। তাত মাথো দুটাই শাৰী লিখা আছিল:
১) হাতুৰীৰে কোবোৱা – মূল্য ২.০০ টকা
২) কোবটো ক’ত মাৰিব লাগিব তাৰ জ্ঞান – মূল্য ৯৯৯৮.০০ টকা।