জয়াতীৰ্থ – কিশোৰ মনজিৎ বৰা

পানীয়ে ক’ত ম’ৰাৰ চালি ধৰে– জয়সাগৰত
মাটিয়ে ক’ত ফেঁট তোলে– খাঁৰঘৰত
শিপাৰ শিহৰণে ক’ত নাচনী তেজ মতলীয়া কৰে– খৰিকটীয়া আলিৰ একা-বেঁকাতঅদ্ভুত মানুহ এইবোৰ
একে ৰাতিতে মাটিৰপৰা আকাশৰ মূধচলৈ জখলাৰে বগায়

ঘনশ্যাম হেৰায়
ৰঙ্গনাথৰ ৰং তলাতলী এন্ধাৰত জেকে

লাইল্যুং নাচ
চেঁৱা দিয়া ভাত
আইকুঁৱৰী জেৰেঙাৰ পিটনিত সিদিনা খেটেংকৈ তোৰ বুকুৰ সোণৰ হাড়ডালে বিনালে

স্বৰ্গদেউ মই ৰণলৈ ওলালোঁ
ৰাইজখন মই তীৰ্থলৈ খোজ পেলালোঁ

স্বাধীনতাৰ নিচাই য’ত তীৰ্থ
জীৱন য’ত বলিদানৰ অন্য নাম

কড়িখেলৰ পথাৰ আছে
ম’হৰ শিঙত ধাৰ আছে

ধাৰ আছে ডেকা-গাভৰুৰ অৰ্জুন-ভাবনাত
ধাৰ পৰা নাই মামৰৰ চোলা পিন্ধা হেংদানত

মাথোঁ মনবোৰ ৰংঘৰৰ ৰ’দত
কিছুপৰ ধৰাই ল’লেই হ’ল

যুঁজ শেষ হোৱা নাই গদাপাণি
যুঁজ জেগাত পৰিছেহে এথোন

চোৰাত আৰু কোটকুৰাই শিঙৰিঘৰ কঁপোৱা
সেই নিৰ্দয় কোববোৰ ইমান সহজে জামৰি নাযায় চুলিকফা
ইমান সহজে জয়াতীৰ্থৰ বিজয় ঘন্টাবোৰ
কাঁটাতাৰৰ সিপাৰৰ ধুমুহাই মষিমূৰ কৰিব নোৱাৰে হে সন্ধিক্ষণৰ সময়

জয়াৰ তীৰ্থ জয়াতীৰ্থ
অমৃত
অজেয় আৰু
নতুনৰ মন-মগজু-বাসনাৰ তেজস্ক্ৰিয় তাড়না!

■■■
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!