ডাকচাপৰি-২ -কোকিল শইকীয়া

(মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি
– নীলমণি ফুকন)

নিথৰ মেঘডৰালৈ আগচোতালত বহি চাই আছে তাই৷
তাইৰো চকুত নিথৰ দুটুকুৰা মেঘ৷
গলিছে৷
ভিতৰত মেঘমল্লাৰ
জিৰ জিৰ জিৰ জিৰ
~~~~~~~~~~~~
বানত হাহাকাৰ ছাগলী পোৱালিবোৰৰ
ডাকচাপৰিৰ কনেং, কেনে আছ তই?
ঐনিতমৰ সুৰত জ্বলিছেনে চাঙত শুকান মাছ
এল পি স্কুলৰ পৰা ভাঁহি আহিছেনে দুপৰীয়া নেওতাৰ চিঞৰ
আহিছেনে ভোট বেপাৰী
তহঁতৰ চাঙত কটাবলৈ এৰাতি লঘোণ
কেনে আছ কনেঙ?
মোৰ বুকুতো বাঢ়িছে তোৰ চকুৰ মেঘৰ পৰা বাঢ়ি অহা এখনি লুইত৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!