ডাঙৰ বোপা – ড্ৰিচাং বসুমতাৰী
ডাঙৰ বোপা
তই ৰোৱা আম জোপাই মলিয়াইছে
এইবাৰ
মায়েৰাই সদায় শুকান পাতৰ ধোঁৱা
দিয়ে গুৰিত
ৰসাল হ’ব
ডাঙৰ বোপাই ৰোৱা!
বৰপুখুৰীলৈ যোৱা বাটতো পকী হ’ল
পথাৰ খন সৰু হ’ল
মোৰ বুকুৰ ওপৰেৰেই বনালে অ’
সিহঁতি বাটতি
পকী বাট গচকিয়েই
মানুহবোৰ সলনি হ’ল।
ভনীয়েৰালৈ বৰ ভয় লাগে মোৰ
দুৱাৰ হেঁচুকা যেন পাওঁ
কলা গোমৰ ফুচফুচনিত শুব নোৱাৰো ৰাতি
মায়েৰাৰ বাত বিষ
মোৰ বুকুত বিষ
কেকনি তিনিটা প্ৰাণীৰ ৹৹
শুব নোৱাৰো ৰাতি।
তই যোৱা দুবছৰ দুমাহ হ’ল আজি
তুলসী গুৰিত সদায় তই হৈ জ্বলি থাক
দুৱাৰ গৰিয়াত ওলমি থাকে
এন্ধাৰৰ মুখ এখনি
চকুপানী বোৰ শুকাল মায়েৰৰ
বিৰবিৰাই থাকে ঘোষা পদ
গধূলি গধূলি।