অনুভৱ – আব্দুল ৰাকিব

কিছুদিনৰ পৰা ফেচবুকৰ লগত অধিক সংপৃক্ত হৈ….অৱসৰত… বিনোদন লভিবলৈ শব্দৰ লগত দুই এটা পৰীক্ষামূলক ধেমালি কৰি চাইছিলো …… লাহে লাহে এগৰাকী দুগৰাকীকৈ পাঠকৰ চেনেহ আৰু আদৰত মোৰো উৎসাহত উজান আহিল । অতি বিনম্ৰতাৰে জনাও লিখক বা সাহিত্যিকৰ সভাত শেষৰ বেঞ্চত বহিবৰো মোৰ যোগ্যতা নাই…… এই প’ষ্টটোত কব খোজা মূল কথাটো হ’ল যোৱা ১০-১৫ দিনত আমাৰ আৰু আমাতকৈ অনুজ এচাম তৰুণৰ কলমৰ সৃজনী দেখি মই অভিভূত ……. চপা মাধ্যমৰ সমান্তৰালকৈ অতি সাৱলীল এক বৌদ্ধিক আন্দোলন ইতিমধ্যে অসমত এই ‘ ডিজিটেল মঞ্চত ‘ আৰম্ভ হৈ গৈছে…… উপযুক্ত সময়ত বিভিন্ন অসুবিধাৰ বাবে ‘ ডিজিটেল ‘ মাধ্যমলৈ উন্নীত হব নোৱাৰা মূলসুঁতিৰ অৰ্থাৎ চপা মাধ্যমৰ বৃহত্তৰ পাঠক সমাজেও ইয়াৰ সোৱাদ পাব বুলি মই গভীৰ ভাৱে আশাবাদী । এটা উদ্বিগ্নতা অৱশ্যে আছে………. আমাৰ পিছত কি হব…! ! আজিকালি প্ৰায়েই শুনা যায়……….. অভিভাৱকে হেনো লৰা ছোৱালীয়ে অসমীয়া …….নাজানে বুলি গৌৰৱ কৰে………… মোৰ মনলৈ এটি উপপাদ্য আহিছে …………. আমি এনেকৈ গৌৰৱ কৰিব নোৱাৰোনে………. ‘ আমাৰ সন্তানে যুগৰ লগত আগবাঢ়ি যাবলৈ ইংৰাজীত পাকৈত হৈ উঠিছে ….. কিন্তু শিপা এৰা নাই…….. মাতৃ ভাষাতো সমানেই দক্ষ হৈ জাতিৰ সেৱা কৰিবলৈও সক্ষম হৈ উঠিছে ।’ গৌৰৱ দুগুণে নচৰিবনে………..

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!