ডাৱৰ বিস্ফোৰণ আৰু ইয়াৰ কাৰণ

লেখক- লক্ষ্য জ্যোতি নাথ

আমি বাতৰি যোগে প্ৰায়ে পাহাৰীয়া ৰাজ্য যেনে উত্তৰাখণ্ড, ছিক্কিম, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ শেহতীয়াকৈ নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ বাবে উজনি অসমত ডাঙৰ বানপানী হোৱাৰ খবৰ পাই থাকো।  ২০১৩ চনত উত্তৰাখণ্ডৰ কেডাৰনাথ মন্দিৰৰ আশে-পাশে অঞ্চলত হোৱা ডাৱৰ বিস্ফোৰণ আৰু তাৰ ফলত হোৱা প্ৰলয়ৰ কথা নিশ্চয় সকলোৰে মনত আছে য’ত প্ৰায় ৬০০০ লোকৰ মৃত্যু হৈছিল। তাৰ ওপৰত সুশান্ত সিং ৰাজপুতৰ ‘‘কেডাৰনাথ’’ বুলি চিনেমা এখনো নিৰ্মাণ হৈছিল।

 

         এতিয়া প্ৰশ্ন হয় এই ডাৱৰ বিস্ফোৰণ কি আৰু হয় কিয়? ডাৱৰ বিস্ফোৰণ বুজাৰ আগত আমি আমাৰ আকাশত থকা ডাৱৰ সম্পৰ্কে অলপ জনাটো প্ৰয়োজনীয়।  আমি সাধাৰণতে আকাশত যি ডাৱৰ দেখোঁ সেই সকলো ডাৱৰ একেই নহয়। ডাৱৰবোৰৰ বহু ভাগ থাকে। ভাগ অনুযায়ী ডাৱৰবোৰ পৃথিৱীৰ পৰা বিভিন্ন উচ্চতাত থাকে। ফটোত দেখাৰ দৰে পৃথিৱীৰ সাগৰ পৃষ্ঠৰ পৰা ২০০০ মিটাৰ অৰ্থাৎ ২ কিলোমিটাৰ লৈকে Nimbostratus, Cumulonimbus, Comulus, Stratocumulus আদি ডাৱৰ থাকে। এই Nimbostratus আৰু Cumulonimbus ধৰণৰ ডাৱৰৰ বাবে পৃথিৱীত বৰষুণ হয়, এই দুবিধ ডাৱৰৰ বাবে বিজুলী ঢেৰেকণি মাৰে। এই দুবিধ ডাৱৰত জলীয় বাষ্প বহুত বেছি পৰিমাণত থাকে আৰু আন ডাৱৰতকৈ গধুৰ, ঘনত্ব বেছি।

 

         তেনেকৈ পৃথিৱীৰ সাগৰ পৃষ্ঠৰ পৰা ২০০০ মিটাৰ পৰা ৬০০০ মিটাৰ লৈকে Altostratus, Altocumulus ডাৱৰ থাকে আৰু পৃথিৱীৰ সাগৰ পৃষ্ঠৰ পৰা ৬০০০ মিটাৰৰ ওপৰত Cirrostratus, Cirrocumulus, Cirrus আদি ডাৱৰ থাকে। ফটোত চালে বুজিব সকলো প্ৰকাৰৰ ডাৱৰৰ আকাৰ, গাঁথনি, ঘনত্ব আদি বেলেগ বেলেগ। উচ্চতা যিমান বাঢ়ে ডাৱৰৰ ঘনত্ব কমি আহে আৰু উচ্চতা বাঢ়িল উষ্ণতাও কমি আহে। কম উচ্চতাৰ ডাৱৰ ঘনত্ব বেছি অৰ্থাৎ ইয়াত জলীয় বাষ্প বহুত বেছি পৰিমাণত থাকে সেইবাবে এইবোৰ ডাৱৰ গধুৰ।

 

             আমি সৰুতে বৰষুণ কিয় হয় পঢ়া নিশ্চয় মনত আছে৷ তেতে উল্লেখ আছিল যে বৰষুণ হোৱাৰ কাৰণ সূৰ্যৰ তাপত পৃথিৱীৰ নদী, সাগৰ, হ্ৰদ আৰু অন্য ঠাইৰ পানী বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায় আৰু সেই বাষ্পীভূত পানীয়েই ডাৱৰৰ সৃষ্টি কৰে। বায়ুমণ্ডলৰ উচ্চ উচ্চতাত উষ্ণতা কম থকাৰ বাবে সেই জলীয় বাষ্পবোৰ ঘনীভূত হৈ পানীৰ কণিকা সৃষ্টি কৰে আৰু বায়ুমণ্ডলত থকা ধূলিকণাৰ সৈতে মিলি ডাৱৰৰ গঠন কৰে। ডাৱৰত থকা এই পানীৰ কণিকাবোৰ যেতিয়া ডাঙৰ হয় তেতিয়া সি গধুৰ হৈ পৰে আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত সেই  কণিকাবোৰ বৰষুণৰ ৰূপত পৃথিৱীত পৰে। যাক আমি বৰষুণ বুলি কওঁ।

 

             ডাৱৰ বিস্ফোৰণ হোৱাৰ ক্ষেত্ৰতো ঘটনাতো প্ৰায় একেই হয়। মই ইতিমধ্যে কৈছোঁৱেই যে ডাৱৰ বিস্ফোৰণ সাধাৰণতে পাহাৰীয়া ঠাইত হয়। পাহাৰৰ আশে-পাশে পানী থকা অঞ্চলৰ পৰা পানীবোৰ একে ধৰণে বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায়। তাৰে যিবোৰ গৰম আৰু বেছি আদ্ৰতাৰ বায়ু আছে সেইবোৰ পাহাৰৰ ঢাল মতে ওপৰলৈ উঠি পাহাৰৰ ওপৰত জমা হয়। পাহাৰৰ ওপৰত কম উষ্ণতা বাবে এই গৰম আৰু বেছি আদ্ৰতাৰ বায়ুবোৰ বহুত ঠাণ্ডা হয় আৰু ওপৰত উল্লেখ কৰা ডাঙৰ Cumulonimbus ডাৱৰৰ সৃষ্টি কৰে। পাহাৰৰ ওপৰত যিহেতু বতাহো খুব বলি থাকে সেইবাবে এই Cumulonimbus ডাৱৰবোৰে ইমান পানী একেলগে ধৰি থাকিব নোৱাৰা হৈ যায় একেলগে গোটেই খিনি পানী এৰি দিয়ে। অন্য এক কথাত মাধ্যাকৰ্ষণিক শক্তিৰ প্ৰভাৱ একেলগে তললৈ গুচি আহে। সেই একেলগে পৰা বৰষুণকে ডাৱৰ বিস্ফোৰণ হোৱা বুলি কোৱা হয়। এক ঘণ্টাত যদি ১০০ মিলিমিটাৰৰ ওপৰত বৰষুণ হয় তাকো ডাৱৰ বিস্ফোৰণ বুলি গণ্য কৰা হয় কাৰণ সাধাৰণতে এক ঘণ্টাত ১০০ মিলিমিটাৰৰ ওপৰত বৰষুণ খুব কম হয়। পাহাৰীয়া ঠাইত এই পৰিঘটনা অধিক ঘটে; অৱশ্যে তাৰ অৰ্থ এইটো নহয় যে সমতল ভূমিত নহয়৷ কেতিয়াবা কেতিয়াবা সমতলটো ডাৱৰ বিস্ফোৰণ হ’ব পাৰে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments