ড্ৰাই ব্লেক্ পেপাৰ চিকেন – ৰশ্মি বৰা

 

উপকৰন

মূৰ্গীৰ মাংস- আঠ টুকুৰা (ডাঙৰকৈ
টুকুৰা কৰা)
জালুক-দুই চাহ চামুচ
বাৰ্বিক চচ্ (Barbeque sauce)-দুই চাহ চামুচ
ভিনেগাৰ-দুই চাহ চামুচ
টমেট চ’চ-দুই চাহ চামুচ
ৰিফাইন-দুই ডাঙৰ চামুচ
বাটাৰ-আধা চাহ চামুচ
নিমখ- জোখমতে

বনোৱাৰ প্ৰণালী….

চিকেনখিনি ভালদৰে ধুই শুকান কাপোৰ দি মচি লব লাগে, এতিয়া এটা চৰিয়াত চিকেনখিনি লব লাগে, ভিনেগাৰ/টমেট চ’চ /নিমখ/ৰিফাইন ভালদৰে চিকেনখিনিত সানি আধা ঘন্টা সময় থৈ দিব লাগে, সময় হৈ গলে গেছত কেৰাহী(ন’ন ষ্টিক্) বহাই গৰম হব দিব লাগে,গৰম হলে বাটাৰখিনি কেৰাহীত দি মোহাৰি দি, মেৰিনেট্ কৰা চিকেনখিনি পিচ্ পিচ্ কে বহাই দিব লাগে।এতিয়া গেছৰ জুই চিমত দিব লাগে যাত সিজিও আহে ৰঙা ও হয়,ঢাকনি খন মাৰি মাজে মাজ চাব লাগে, এপিঠি ৰঙা হলে সিপিঠি কৰি আকৌ ঢাকনি মাৰি দিব,দুয়ো পিঠি ৰঙা হৈ সিজিলে প্লেটত নমাই দুয়ো পিঠিত BBQ চ’চ লগাই /জালুকগুৰি চটিয়াই দি প্লেটত সজাই ব্ৰাউন ব্ৰেড/ নান্ ৰ লগত খাব দিব লাগে।যিসকলে কম তেল খায় তেখেত সকলে এই ৰেচিপি মতে বনায় খাব লাগে।বনায় খায় চাবচোন ল’ফেট্,কম অইল দি বনোৱা হৈছে।ৰিফাইন ৰ সলনি অলিভ অইল ঝ ব্যৱহাৰ কৰিব পাৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!